অপভ্ৰংশ
From Wikipedia, the free encyclopedia
অপভ্ৰংশ (সংস্কৃত: अपभ्रंश ) হৈছে পতঞ্জলিৰ সময়ৰেপৰা বৈয়াকৰণা অৰ্থাৎ স্থানীয় ব্যাকৰণবিদসকলে আধুনিক ভাষাসমূহৰ উত্থানৰ পূৰ্বে উত্তৰ ভাৰতৰ কথিত ভাষাসমূহ বুজাবলৈ ব্যৱহাৰ কৰা এক শব্দ। ইণ্ড'লজীত (দক্ষিণ এছিয়া বা ভাৰতৰ বিষয়ে অধ্যয়ন) ইয়াক মধ্যকালৰ শেষৰ ফালৰ আৰু আৰম্ভণিৰ আধুনিক ইণ্ডো-আৰ্য ভাষাৰ মাজত পৰিৱৰ্তনৰ সূচনা কৰা উপভাষাসমূহক একগোট কৰা এক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়।[1] এই কালছোৱাই খ্ৰীষ্টীয় ষষ্ঠ আৰু ত্ৰয়োদশ শতিকাৰ মাজৰ সময়ছোৱাক সামৰি লৈছিল। কিন্তু এই উপভাষাসমূহ গতানুগতিকভাৱে মধ্য ইণ্ডো-আৰ্য যুগত অন্তৰ্ভুক্ত কৰা হৈছে।[2]:পৃ.৪২ সংস্কৃতত অপভ্ৰংশৰ আক্ষৰিক অৰ্থ হৈছে "বিকৃত" বা "অব্যাকৰণগত ভাষা" আৰু ই সংস্কৃত ব্যাকৰণৰ নিয়মৰ আওতাৰ বাহিৰত।
খ্ৰীষ্টীয় দ্বাদশৰ পৰা ষোড়শ শতিকাৰ সময়ছোৱাৰ বাবে উত্তৰ ভাৰতৰ ইতিহাসৰ ক্ষেত্ৰত অপভ্ৰংশ সাহিত্য এক মূল্যৱান উৎস।[3]