কিৰগিজস্তান
From Wikipedia, the free encyclopedia
কিৰগিজিস্তান (কিৰগিজ: Кыргызстан ক্যিৰ্গিয্স্তান্) মধ্য এছিয়াৰ পূব ভাগৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম কিৰগিজ প্ৰজাতন্ত্ৰ (Кыргыз Республикасы ক্যিৰ্গিয্ ৰেস্পুব্লিকাস্যি)। ইয়াৰ উত্তৰে কাজাখাস্তান, পূবে চীন, দক্ষিণে চীন আৰু তাজিকিস্তান আৰু পশ্চিমে উজবেকিস্তান। বিশকেক চহৰ দেশখনৰ ৰাজধানী তথা বৃহত্তম চহৰ।
কিৰগিজ প্ৰজাতন্ত্ৰ Кыргыз Республикасы ক্যিৰ্গিয্য ৰেস্পুব্লিকাস্যি Кыргызская Республика ক্যিৰ্গিযস্কায়া ৰেস্পুব্লিকা |
||||
---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত Кыргыз Республикасынын Мамлекеттик Гимни Kyrgyz Respublikasynyn Mamlekettik Gimni কিৰগিজ প্ৰজাতন্ত্ৰৰ জাতীয় সংগীত |
||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | বিশকেক 42°52′N 74°36′E | |||
জনগোষ্ঠীসমূহ |
|
|||
জাতীয়তাসূচক বিশেষণ |
|
|||
চৰকাৰ | একক সদনীয় সংসদ | |||
- | ৰাষ্ট্ৰপতি | আলমাজবেগ আতাম্বায়েব | ||
- | প্ৰধানমন্ত্ৰী | ঝানটোৰো ছ্যাটিবালদিয়েভ | ||
মাটিকালি | ||||
- | মুঠ | ১,৯৯,৯০০ বৰ্গ কিমি (86th) ৭৭,১৮১ বৰ্গ মাইল |
||
- | জলভাগ (%) | ৩.৬ (৭,১৯৬ বৰ্গ কিমি) | ||
জনসংখ্যা | ||||
- | ২০১০ আনুমানিক | ৫৫,৫০,২৩৯ (১১০ তম) | ||
- | ২০০৯ লোকপিয়ল | ৫৩,৬২,৮০০ | ||
জিডিপি (পিপিপি) | ২০১১ আনুমানিক | |||
- | মুঠ | $১৩.১২৫ বিলিয়ন[2] | ||
- | জনমুৰি | $২,৩৭২[2] | ||
জিডিপি (নামমাত্ৰ) | ২০১১ আনুমানিক | |||
- | মুঠ | $৫.৯২০ বিলিয়ন[2] | ||
- | জনমুৰি | $১,০৭০[2] | ||
জিনি সহগ? (২০০৩) | ৩০.৩ (মধ্যম) | |||
মানৱ উন্নয়ন সূচক (২০১০) | ০.৫৯৮ (মধ্যম) (১২৫ তম) | |||
মুদ্ৰা | কিৰগিজস্তানী চম (KGS ) |
|||
সময় অঞ্চল | কিৰগিজস্তান সময়(KGT) (ইউটিচি+৫ ৰ পৰা +৬) | |||
গাড়ী চলোৱা হয় | সোঁফালে | |||
ইণ্টাৰনেট টিএলডি | .kg | |||
কলিং ক'ড | +৯৯৬ |
কিৰগিজ সকল মুছলমান জাতি। তেওঁলোক কিৰগিজ ভাষা নামৰ একপ্ৰকাৰৰ তুৰ্কী ভাষা ব্যৱহাৰ কৰে। এওঁলোক কিৰগিজিস্তানৰ জনসংখ্যাৰ সংখ্যাগৰিষ্ঠ অংশ গঠন কৰিছে। উজবেক আৰু ৰুছ জাতিৰ লোকসকল এই অঞ্চলৰ উল্লেখযোগ্য সংখ্যালঘু সম্প্ৰদায়। ঊনৈছ শতিকাৰ শেষৰ ফালে কিৰগিজিস্তান ৰুছ সম্ৰাজ্যৰ অন্তৰ্গত হয়। ১৯২৪ চনত ই ছোভিয়েট ইউনিয়নৰ এখন স্বায়ত্তশাসিত অঞ্চলৰ মৰ্যাদা পায়। ১৯৩৬ চনত ইয়াক ছোভিয়েট প্ৰজাতন্ত্ৰৰ মৰ্যাদা দিয়া হয়। তেতিয়া এই দেশ কিৰগিজিয়া নামেও পৰিচিত আছিল। ১৯৯১ চনত দেশখনে স্বাধীনতা লাভ কৰে আৰু ১৯৯৩ চনত নতুন সংবিধান গ্ৰহণ কৰা হয়।