তেলীয়া সাৰেং
From Wikipedia, the free encyclopedia
তেলীয়া সাৰেংৰ ইংৰাজী নাম : Black-necked Stork আৰু বৈজ্ঞানিক নাম : Ephippiorhynechus asiaticusasiaticus। ইয়াৰ ঠেং দীঘল, ডিঙি দীঘল আৰু গোটেই গাটোৰ আকাৰ প্ৰায় ১৪০-১৫০ ছেণ্টিমিটাৰ। ওখ প্ৰায় ২৩০ ছেণ্টিমিটাৰ। ঠোঁট ক’লা আৰু দীঘল। ঠেং উজ্জ্বল ৰঙা, মূৰ ডিঙি ডেউকাৰ মাজৰ পাখি ক’লা (অলপ চিকচিকিয়া ডাঠ নীলা)। পিঠি, পেট আৰু ডেউকা বগা ক’লাৰ মিশ্ৰিত বৰণৰ। ইহঁত প্ৰায় ৪,১০০ গ্ৰাম গধুৰ হয়। [2] দেখাত মতা মাইকী একেই যদিও মাইকী সাৰেং চৰাইজনীৰ চকুৰ মণি হালধীয়া আৰু মতাটোৰ ক’লা। উৰন্ত অৱস্থাত ভৰি দুখন পাছলৈ আৰু ডিঙিটো আগলৈ দি একে সমতাত ৰাখি উৰে।
ক্ষিপ্ৰ তথ্য তেলীয়া সাৰেং Black-necked Stork, সংৰক্ষণ স্থিতি ...
তেলীয়া সাৰেং Black-necked Stork | |
---|---|
হালধীয়া চকুৰ মণিৰে মাইকী আৰু ক’লা চকুৰ মণিৰে মতা সাৰেং পক্ষী | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Ciconiiformes |
পৰিয়াল: | Ciconiidae |
গণ: | Ephippiorhynchus |
প্ৰজাতি: | E. asiaticus |
বৈজ্ঞানিক নাম | |
Ephippiorhynchus asiaticus (Latham, 1790) | |
সমাৰ্থক | |
Xenorhynchos leucoptera |
বন্ধ কৰক