দীঘলতী
গুল্মজাতীয় উদ্ভিদ / From Wikipedia, the free encyclopedia
দীঘলতী বা দীঘলতি (বৈজ্ঞানিক নাম: Litsea salicifolia) ল'ৰেচি পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ বনৰীয়া গছ।[1][2]ই এবিধ বহুবৰ্ষজীৱী, গুল্মজাতীয় উদ্ভিদ। অসম আৰু ইয়াৰ ওচৰ-পাঁজৰৰ কিছু অঞ্চলত এই গছ পোৱা যায়। অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ সময়ত গৰু ধুওৱাৰ বাবে এই গছৰ সৰু ডালেৰে কোবাই গৰু ধুওৱাটো এক পৰম্পৰা। [3] অসমৰ বিভিন্ন বনাঞ্চলত এই উদ্ভিদ বিস্তৃত হৈ আছে। অসমৰ ব'হাগ বিহুত এই উদ্ভিদে এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে।
ক্ষিপ্ৰ তথ্য দীঘলতী, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
দীঘলতী | |
---|---|
Litsea salicifolia | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Magnoliids |
বৰ্গ: | Laurales |
পৰিয়াল: | Lauraceae |
গণ: | Litsea |
প্ৰজাতি: | L. salicifolia |
বৈজ্ঞানিক নাম | |
Litsea salicifolia (Roxburgh ex Nees) Hook. f. | |
সমাৰ্থক | |
Tetranthera lanceifolia Roxb. |
বন্ধ কৰক