![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/45/%25E0%25A6%25B6%25E0%25A7%2587%25E0%25A7%25B1%25E0%25A6%25BE%25E0%25A6%25B2%25E0%25A6%25BF_%25E0%25A6%25AB%25E0%25A7%2581%25E0%25A6%25B2_night_flowing_Jasmin.jpg/640px-%25E0%25A6%25B6%25E0%25A7%2587%25E0%25A7%25B1%25E0%25A6%25BE%25E0%25A6%25B2%25E0%25A6%25BF_%25E0%25A6%25AB%25E0%25A7%2581%25E0%25A6%25B2_night_flowing_Jasmin.jpg&w=640&q=50)
শেৱালি ফুল
From Wikipedia, the free encyclopedia
শেৱালি ফুল (বৈজ্ঞানিক নাম: Nyctanthes arbor-tristis) হ’ল নিক্টান্থেস (Nyctanthes) ৰ অন্তৰ্গত এবিধ ফুল। ইয়াক দক্ষিণ এচিয়াৰ দক্ষিণ-পূৰ্ব থাইলেণ্ডৰ পৰা পশ্চিমে বাংলাদেশ, ভাৰত, উত্তৰে নেপাল, আৰু পূৱে পাকিস্তান পৰ্যন্ত দেখা পোৱা যায়। এই ফুল পশ্চিমবঙ্গৰ আৰু থাইলেণ্ডৰ কাঞ্চনাবুৰি প্ৰদেশৰ ৰাষ্ট্ৰীয় ফুল। শেৱালি ফুলৰ গা-গছজোপা নৰম ধূসৰ ছাল বা বাকলি বিশিষ্ট আৰু এই গছ ১০ মিটাৰ পৰ্যন্ত দীঘল হব পাৰে। গছডালৰ পাতসমূহ ৬-৭ চেণ্টিমিটাৰ দীঘল। ইয়াৰ ফল চেপেটা আৰু বাদামী হৃদপিণ্ড আকৃতিৰ। ফলৰ ব্যাস প্ৰায় ২ চেণ্টিমিটাৰ আৰু এটি দুই ভাগত বিভক্ত। প্ৰতিটো ভাগত এটাকে বীজ থাকে। [1] এই ফুল শৰৎকালত ফুলা দেখা যায়। ফুলসমূহ ৰাতি ফুলি ৰাতিপুৱা গছৰপৰা সৰি পৰে।