![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/3c/Roger_Federer_%252826_June_2009%252C_Wimbledon%2529_2_new.jpg/640px-Roger_Federer_%252826_June_2009%252C_Wimbledon%2529_2_new.jpg&w=640&q=50)
ৰ'জাৰ ফেডেৰাৰ
চুইজাৰলেণ্ডৰ টেনিছ খেলুৱৈ (জন্ম ১৯৮১) / From Wikipedia, the free encyclopedia
ৰ'জাৰ ফেডেৰাৰ (ইংৰাজী: Roger Federer) হৈছে ছুইজাৰলেণ্ডৰ এগৰাকী বৃত্তিগত টেনিছ খেলুৱৈ। এচ'চিয়েশ্যন অফ টেনিছ প্ৰ'ফেশ্যনেলছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি খেলুৱৈগৰাকীৰ গোলকীয় স্থান হৈছে পঞ্চদশ। তেওঁ একক শিতানত অভিলেখসংখ্যক ২০টা গ্ৰেণ্ড শ্লাম খিতাপ জয়েৰে ৰাফেল নাডাল আৰু নোভাক জʼকোভিচৰ সৈতে যুটীয়াভাৱে গ্ৰেণ্ড শ্লাম বিজয়ী খেলুৱৈসকলৰ তালিকাত শীৰ্ষস্থানত আছে। ফেডেৰাৰে মুঠ ৩১০ সপ্তাহ এটিপি ৰেংকিংৰ শীৰ্ষত অৱস্থান কৰিছে। ইয়াৰে ভিতৰত ২৩৭ সপ্তাহ তেওঁ একেলেথাৰিয়ে শীৰ্ষস্থানত থাকি অভিলেখ গঢ়িছে। ইয়াৰোপৰি তেওঁ ৫বাৰকৈ প্ৰথম স্থানত থাকি বছৰটোৰ সামৰণি পেলোৱা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। জিমি ক'ন্ন'ৰৰ পিছতেই ফেডেৰাৰে ১০৩টা একক এটিপি খিতাপ জয়েৰে সৰ্বকালৰ সৰ্বাধিক খিতাপ জয়ী খেলুৱৈসকলৰ তালিকাত দ্বিতীয় স্থানত আছে। ইয়াৰ উপৰিও তেওঁ ছবাৰকৈ এটিপিৰ খেলসমূহৰ ফাইনেলতো অংশগ্ৰহণ কৰিছে।
![]() ২০০৯ চনৰ উইম্বলডনত ফেডেৰাৰ | |
দেশ | ![]() |
---|---|
বাসস্থান | ব'টমিনজেন, ছুইজাৰলেণ্ড |
জন্ম | ০৮ আগষ্ট, ১৯৮১ (৪২ বছৰ) বেচেল, ছুইজাৰলেণ্ড |
উচ্চতা | ৬ ফুট ১ ইঞ্চি[1] |
পেচা গ্ৰহণ | ১৯৯৮ |
হস্তশৈলী | সোঁহতীয়া (ওলোটা দিশত এহতীয়া) |
কেৰিয়াৰৰ মুঠ প্ৰাইজমাণি | ১২৯,৯৮১,৭৪৩ আমেৰিকান ডলাৰ
|
আনুষ্ঠানিক ৱেব ছাইট | rogerfederer |
কেৰিয়াৰৰ অভিলেখ | ১২৪৩–২৭৩[lower-alpha 1] |
কেৰিয়াৰৰ খিতাপ | ১০৩ |
সৰ্ব্বোচ্চ ৰেংকিং | ১ম (২ ফেব্ৰুৱাৰী ২০০৪) |
অষ্ট্ৰেলিয়ান অ'পেন | বিজয়ী (২০০৪, ২০০৬, ২০০৭, ২০১০, ২০১৭, ২০১৮) |
ফ্ৰেন্স অ'পেন | বিজয়ী (২০০৯) |
উইম্বলডন | বিজয়ী (২০০৩, ২০০৪, ২০০৫, ২০০৬, ২০০৭, ২০০৯, ২০১২, ২০১৭) |
ইউ এছ অ’পেন | বিজয়ী (২০০৪, ২০০৫, ২০০৬, ২০০৭, ২০০৮) |
এ টি পি ৱৰ্ল্ড টুৰ ফাইনেলচ্ | বিজয়ী (২০০৩, ২০০৪, ২০০৬, ২০০৭, ২০১০, ২০১১) |
অলিম্পিক | ফাইনেল (২০১২) |
কেৰিয়াৰৰ অভিলেখ | ১৩১–৯২[lower-alpha 2] |
কেৰিয়াৰৰ খিতাপ | ৮ |
সৰ্ব্বোচ্চ ৰেংকিং | ২৪ (৯ জুন ২০০৩) |
অষ্ট্ৰেলিয়ান অ'পেন | তৃতীয় ৰাউণ্ড (২০০৩) |
ফ্ৰেন্স অ'পেন | প্ৰথম ৰাউণ্ড (২০০০) |
উইম্বলডন | কোৱাৰ্টাৰ ফাইনেল (২০০০) |
ইউ এছ অ’পেন | তৃতীয় ৰাউণ্ড (২০০২) |
অলিম্পিক | বিজয়ী (২০০৮) |
25 May 2021ত শেষবাৰ আপডেট কৰা হৈছে। |
সমসাময়িক টেনিছ খেলুৱৈ ৰাফেল নাডাল আৰু নোভাক জʼকোভিচৰ সৈতে ফেডেৰাৰক সৰ্বকালৰ শ্ৰেষ্ঠ পুৰুষ টেনিছ খেলুৱৈসকলৰ অন্যতম হিচাপে গণ্য কৰা হয় আৰু তিনিওকে একেলগে বিগ থ্ৰী বা বিশাল তিনিগৰাকী বুলি অভিহিত কৰা হয়। [lower-alpha 3] ১৯৯৮ চনত চনত উইম্বলডনৰ জুনিয়ৰ শাখাত বিজয়ী হোৱা ফেডেৰাৰে ২০০৩ চনত একৈছ বছৰ বয়সত উইম্বলডনৰ প্ৰথমটো খিতাপ জয় কৰে। ২০০৪ চনত একক শাখাৰ চাৰিটাৰ ভিতৰত তিনিটা প্ৰধান খিতাপ জয় কৰাৰ লগতে এটিপিৰ ফাইনেল খেলসমূহত জয়লাভ কৰি পুৰুষৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈৰূপে আত্মপ্ৰকাশ কৰে। [lower-alpha 4] ২০০৬ আৰু ২০০৭ চনতো ফেডেৰাৰে এই ধাৰা অক্ষুণ্ণ ৰাখে। ২০০৫-২০১০ চনলৈকে তেওঁ ১৯খন প্ৰধান একক শাখাৰ ফাইনেলৰ ভিতৰত ১৮ খনতেই অৱতীৰ্ণ হ'বলৈ সক্ষম হয় আৰু এই সময়ছোৱাৰ ভিতৰতেই উইম্বলডন আৰু ইউ এচ অপেন উভয়তে একেলেথাৰিয়ে ৫টাকৈ খিতাপ জয় কৰে। ২০০৯ চনত ৰাফেল নাডালক পৰাজিত কৰি ফ্ৰেন্স অপেনৰ (ৰোলা গেঁৰো) খিতাপ জয়েৰে ফেডেৰাৰে গ্ৰেণ্ড শ্লামৰ খিতাপৰ ক্ষেত্ৰত পূৰ্ণতা লাভ কৰে। একে বছৰতে ইউম্বলডনত জয়লাভ কৰি ২৭ বছৰ বয়সত তেওঁ পূৰ্বসূৰী পিট ছাম্প্ৰাচৰ ১৪টা উইম্বলডন খিতাপৰ অভিলেখ অতিক্ৰম কৰে।
একবিংশ শতিকাৰ দ্বিতীয় দশকটোত ফেডেৰাৰ শীৰ্ষৰ তিনিটা স্থানত বৰ্তি থাকিল যদিও বিশেষভাৱে জক'ভিচ আৰু নাডালৰ সাফল্যই গ্ৰাছ কোৰ্ট (ঘাঁহ) আৰু হাৰ্ড কোৰ্টত (কঠিন) ফেডেৰাৰৰ একচ্ছত্ৰী আধিপত্যৰ অৱসান ঘটালে। ২০১০ চনৰ মধ্যভাগৰ পৰা ২০১৬ চনৰ ভিতৰত তেওঁ মাত্ৰ এটাহে প্ৰধান খিতাপ জয় কৰিবলৈ সক্ষম হ'ল। এই সময়ছোৱাত ফেডেৰাৰ আৰু ষ্টান ৱাৱৰিংকাই ছুইজাৰলেণ্ড ডেভিচ কাপৰ নেতৃত্ব বহন কৰি ২০১৪ চনত তেওঁলোকৰ প্ৰথমটো খিতাপ হস্তগত কৰে। ইয়াৰ আগতে তেওঁলোকে ২০০৮ চনৰ বেইজিং অলিম্পিকত দ্বৈত শাখাত স্বৰ্গজয় কৰিছিল। ফেডেৰাৰে ২০১২ চনৰ লণ্ডন অলিম্পিকতো এণ্ডি মাৰেৰ হাতত পৰাজয় বৰণ কৰি ৰূপৰ পদক অৰ্জন কৰিছিল। আঁঠুৰ এক অস্ত্ৰোপচাৰৰ বাবে ২০১৬ চনৰ শেষৰ ছমাহ বিৰতি লোৱাৰ পিছত গ্ৰেণ্ড শ্লামত তেওঁৰ পুনৰোত্থান ঘটে। ২০১৭ চনৰ অষ্ট্ৰেলিয়ান অপেন আৰু উইম্বলডনৰ খিতাপকে ধৰি পিছৰ দুবছৰত তেওঁ তিনিটা প্ৰধান একক খিতাপ নিজৰ হাতলৈ অনাৰ লগতে ২০১৮ চনত ৩৬ বছৰ বয়সত সবাতোকৈ বৰ্ষীয়ান বিশ্বৰ প্ৰথম ৰেংকিংপ্ৰাপ্ত খেলুৱৈৰ স্থান লাভ কৰে। আটাইকেইবিধ কোৰ্টতে নিজৰ অনায়াস দখলৰ বাবে টেনিছ অনুৰাগীৰ মাজত ফেডেৰাৰ যথেষ্ট জনপ্ৰিয় হৈ উঠে। কেৰিয়াৰৰ প্ৰাৰম্ভিক কালত স্ব-নিয়ন্ত্ৰণ অভাৱত ভোগা ফেডেৰাৰ সেই সময়লৈ নিজৰ সু-স্বভাৱৰ বাবে জানাজাত হয় আৰু ১৩ বাৰকৈ এটিপিৰ ষ্টিফেন এডবাৰ্গ স্পৰ্টছমেনশ্বিপ বঁটাৰে সন্মানিত হয়। তেওঁ অভিলেখসংখ্যক পঞ্চমবাৰৰ বাবে ল'ৰিয়াছ ৱৰ্ল্ড স্পৰ্টছমেন অফ দ্য ইয়েৰ সন্মালো লাভ কৰে। প্ৰতিযোগিতামূলক খেলৰ উপৰিও লেভাৰ কাপ দলৰ প্ৰতিযোগিতাতো তেওঁ বিশেষ গঠনমূলক ভূমিকা পালন কৰে। তেওঁ দক্ষিণ আফ্ৰিকাৰ দৰিদ্ৰ শিশুসকলৰ কল্যাণৰ বাবে ৰ'জাৰ ফেডেৰাৰ ফাউণ্ডেচনৰো প্ৰতিষ্ঠা কৰাৰ লগতে মেটচ ফৰ আফ্ৰিকা শীৰ্ষক প্ৰদৰ্শনীমূলক শৃংখলাৰ জৰিয়তে ধন সংগ্ৰহ কৰে। ফেডেৰাৰ বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী খেলুৱৈসকলৰ ভিতৰত অন্যতম আৰু তেওঁ ২০২০ চনত ১০০ মিলিয়ন ডলাৰৰ ধনৰাশিৰে সকলোৰে শীৰ্ষত স্থান পায়।