![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/bd/Alexandrine_Parakeet_%2528Psittacula_eupatria%2529_pair_-2pc.jpg/640px-Alexandrine_Parakeet_%2528Psittacula_eupatria%2529_pair_-2pc.jpg&w=640&q=50)
ৰাজ ভাটৌ
From Wikipedia, the free encyclopedia
ৰাজ ভাটৌ (ইংৰাজী: 'Alexandrine Parakeet, বৈজ্ঞানিক নাম-Psittacula eupatria) চ্চিটাচিফৰমিছ (psittaciformes) বৰ্গ আৰু চ্চিত্তাকুলিডি (Psittaculidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভাটৌৰ প্ৰজাতি। এই প্ৰজাতিটোৰ ইংৰাজী নামটো সম্ৰাট আলেকজেণ্ডাৰ (Alexander the Great)ৰ নামৰ ভিত্তিত দিয়া হৈছে কিয়নো সম্ৰাট আলেকজেণ্ডাৰে বহুতো ৰাজ ভাটৌ পঞ্জাবৰ পৰা ইউৰোপৰ বিভিন্ন ঠাইলৈ পঠিয়াইছিল আৰু এই ঠাইসমূহৰ ৰাজকীয়া পৰিয়ালত ৰাজ-ভাটৌক বহু মূলীয়া সম্পদ বুলি গণ্য কৰা হৈছিল।[2]
ক্ষিপ্ৰ তথ্য ৰাজ ভাটৌ (Alexandrine Parakeet), সংৰক্ষণ স্থিতি ...
ৰাজ ভাটৌ (Alexandrine Parakeet) | |
---|---|
![]() | |
Male (left) and female (right) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Psittaciformes |
মহাপৰিয়াল: | Psittacoidea |
পৰিয়াল: | Psittaculidae |
উপপৰিয়াল: | Psittaculinae |
গোত্ৰ: | Psittaculini |
গণ: | Psittacula |
প্ৰজাতি: | P. eupatria |
বৈজ্ঞানিক নাম | |
Psittacula eupatria (Linnaeus, 1766) |
বন্ধ কৰক
ৰাজ ভাটৌৰ বৈজ্ঞানিক নামৰ eupatria গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ eu মানে 'ভাল বাসন্মানীয় (good or noble) আৰু patria মানে পূৰ্বস্থান বা পূৰ্বপুৰুষ (ancestry)