From Wikipedia, the free encyclopedia
অমিয়া ৰাজবংশী (ইংৰাজী: Dr Amiya Rajbonshi) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখক। তেখেতে ১৯৭০ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। বৰ্তমান তেওঁ জিনিয়াছ একাডেমী ৰ ৰেক্টৰ [1]। তেওঁ প্ৰান্তিক আলোচনীৰ নিয়মীয়া লেখক৷ তেওঁ অসমৰ বিজ্ঞান সমিতিৰ আজীৱন সদস্য৷ তেওঁ অসম বিজ্ঞান লেখক সংস্থাৰ সভাপতি আছিল৷ ৰাজবংশীয়ে ২০২০ চনত কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ে প্ৰদান কৰা ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
অমিয়া ৰাজবংশী | |
---|---|
জন্ম | ডিব্ৰুগড়, শালকটা অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান বিভাগত স্নাতকোত্তৰ (১৯৭০) |
বিষয় | বিজ্ঞান সাহিত্য |
সহযোগী | মুকুন্দ ৰাজবংশী |
অমিয়া ৰাজবংশীয়ে ১৯৪৯ চনত ডিব্ৰুগড় জিলাৰ শালকটাত জন্মগ্ৰহণ কৰে। পিতৃ বীৰেণ ফুকন আৰু মাতৃ লক্ষীমা ফুকন। তেওঁৰ স্বামী মুকুন্দ ৰাজবংশী অসমৰ এজন বিখ্যাত গণিতজ্ঞ আৰু বিজ্ঞান লেখক৷
অমিয়া ৰাজবংশীয়ে জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক (১৯৬৬) উত্তীৰ্ণ হয় আৰু ১৯৬৮ চনত স্নাতক ডিগ্ৰী লাভ কৰে়৷ ১৯৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গল্ড মেডেল সহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷[2]।
অমিয়া ৰাজবংশীয়ে ১৯৭০ চন মানতে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে চাকৰি কৰিছিল৷ সেই সময়তে ১৯৬৭ চনত উত্তৰ লখিমপুৰ কলেজ বিজ্ঞান সমিতিৰ লগত জড়িত হয়৷ ২০০১ চনৰ পৰা তেওঁ প্ৰান্তিক আলোচনীত বিজ্ঞান বিষয়ক প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে৷ [3] তেওঁ হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা জন্মতত্ব বিভাগত (Depertment of Genetics) পি এইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা গ্ৰন্থ লিখে৷ গৱেষণাৰ বিষয় হ’ল- ‘Genetics Elements in some trails connected with finger and palmer dermatoglypjics a study among the Muslims of Lakhimpur District, Assam.’ কিন্তু বিভিন্ন কাৰণত এই গৱেষণা সম্পূৰ্ণ হৈ নুঠিল৷ পৰৱৰ্তী সময়ত ২০০৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰে। প্ৰাণীববিজ্ঞান বিভাগৰ বিভাগীয় মুৰব্বী হোৱাৰ লগতে তেখেত ২০০৬ চনৰ পৰা ২০০৯ চনলৈকে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপেও কৰ্মৰত আছিল৷ [4]
তেখেতে অসমীয়া সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে লিখা কিতাপসমূহ হ'ল:
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.