ডিব্ৰুগড় জিলা

ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা From Wikipedia, the free encyclopedia

ডিব্ৰুগড় জিলা
Remove ads

ডিব্ৰুগড় জিলা ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা। ইয়াৰ চাৰিসীমা হ'ল উত্তৰে ধেমাজি জিলা, দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশটিৰাপ জিলা, পূবে তিনিচুকীয়া জিলা, আৰু পশ্চিমে শিৱসাগৰ জিলা। ইয়াৰ সদৰ স্থানৰ নামো ডিব্ৰুগড়। জিলাখনৰ মাটিকালি প্ৰায় ৩,৩৮১ বৰ্গ কিলিমিটাৰ।

ৱিকিপিডিয়া:চমু প্ৰবন্ধ এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক

ক্ষিপ্ৰ তথ্য ডিব্ৰুগড় জিলা, দেশ ...
Remove ads

ডিব্ৰুগড় নামৰ উৎপত্তি

'ডিব্ৰুগড়' নামটোৰ উৎপত্তি 'ডিবৰু মুখ' (আহোম-চুতীয়া ৰণৰ স্থান)-ৰ পৰা হৈছে। ডিবৰু নামটো ডিব্ৰু নদীৰ পৰা আহিছে। চুতীয়া ভাষাত ডিব্ৰু মানে 'ফোঁপোলা' আৰু গড় মানে 'দূৰ্গ'।

ভৌগোলিক অৱস্থিতি

ডিব্ৰুগড় জিলা ২৭° ৫' ৩৮" উত্তৰৰ পৰা ২৭° ৪২' ৩০" উত্তৰ অক্ষাংশ আৰু ৯৪° ৩৩' ৪৬" পূবৰ পৰা ৯৫° ২৯' ৮" পূব দ্ৰাঘিমাংশ লৈকে বিস্তৃত। ইয়াৰ চাৰিসীমা হ'ল উত্তৰে ধেমাজি জিলা, দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশটিৰাপ জিলা, পূবে তিনিচুকীয়া জিলা, আৰু পশ্চিমে শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলা। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে জিলাখনৰ উত্তৰ সীমা প্ৰায় ৯৫ কিলোমিটাৰলৈ বিস্তৃত হৈ আছে।

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই অভয়াৰণ্যৰ অংশবিশেষ ডিব্ৰুগড় জিলাত অৱস্থিত।

Remove ads

প্ৰশাসনিক বিভাজন

ডিব্ৰুগড় জিলাৰ মহকুমা হ'ল ডিব্ৰুগড় আৰু নাহৰকটীয়া। নাহৰকটীয়াক নতুনকৈ জিলা খনৰ দ্বিতীয়টো মহকুমা হিচাপে ঘোষণা কৰা হৈছে। জিলা সদৰ ডিব্ৰুগড়অসম বিধানসভাৰ সাতটা সমষ্টি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত। সেইকেইটা সমষ্টি হৈছে: মৰাণ (১১৫), ডিব্ৰুগড় (১১৬), লাহোৱাল (১১৭), দুলীয়াজান (১১৮), টিংখং (১১৯), নাহৰকটীয়া (১২০), চাবুৱা (১২১)। চাবুৱা সমষ্টি লখিমপুৰ লোকসভা আৰু আন ৬টা ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত।

জনগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি ডিব্ৰুগড়ৰ জনসংখ্যা ১৩,২৬,৩৩৫ জন। ইয়াৰে ৬,৭৬,৪৩৪জন পুৰুষ আৰু ৬,৪৯,৯০১ গৰাকী মহিলা। ২০০১- ২০১১ দশকটোত জনসংখ্যা বৃদ্ধিৰ হাৰ ১১.৯২%। ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬১ গৰাকী। সাক্ষৰতাৰ হাৰ ৭৬.০৫%।[1]

জিলাখনৰ প্ৰায় ৯০% লোক হিন্দু ধৰ্মী, ৪.৫% ইছলাম ধৰ্মী আৰু বাকী অন্যান্য ধৰ্মালম্বী লোক। ডিব্ৰুগড় জিলাৰ মূল অধিবাসীসমূহ হৈছে আহোম, চুতীয়া, কৈৱৰ্ত, সোণোৱাল কছাৰী, মটক, মৰাণ জনগোষ্ঠীৰ লোক। অসমীয়া হ'ল প্ৰধান ভাষা।

Remove ads

শিক্ষা

২০১১ চনৰ লোকপিয়ল মতে ডিব্ৰুগড় জিলাৰ সাক্ষৰতাৰ হাৰ হ'ল ৭৬.০৫%, পুৰুষৰ ৮২.৮২% আৰু মহিলা ৬৮.৯৯%।[1] ডিব্ৰুগড় বিশ্ববিদ্যালয় উজনি অসমৰ প্ৰথম বিশ্ববিদ্যালয়। ১৯৬৫ চনতে স্থাপিত বিশ্ববিদ্যালয়খন ৰাজাভেটাত অৱস্থিত আৰু ডিব্ৰুগড় সদৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগত অৱস্থিত অসমৰ এক উল্লেখযোগ্য শিক্ষাৰ কেন্দ্ৰ। অসমৰ এক অন্যতম চিকিৎসা মহাবিদ্যালয়ৰ হৈছে ডিব্ৰুগড় জিলাস্থিত অসম চিকিৎসা মহাবিদ্যালয়। ডিব্ৰুগড় সদৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত অৱস্থিত চিকিৎসা মহাবিদ্যালয়খনে উজনি অসমৰ ৰাইজৰ স্বাস্থ্যসেৱাত উল্লেখযোগ্য বৰঙণি যোগাইছে। পোনপ্ৰথমে বেৰীহোৱাইট মেডিকেল কলেজ নামেৰ জনাজাত (১৯০০ চন) মহাবিদ্যালয়খন ১৯৪৭ চনৰ ৩ নৱেম্বৰত স্থাপিত হৈছিল।

জিলাখনৰ আন উল্লেখযোগ্য শিক্ষানুষ্ঠানসমূহ হৈছে: ডিব্ৰুগড় পলিটেকনিক, ছল্ট ব্ৰুক একাডেমী, হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়, মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়, ডিব্ৰু মহাবিদ্যালয়, ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, ডিব্ৰুগড়, চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় চন্দ্ৰকান্ত হাজৰিকা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় (মিলন নগৰ) আদি।

Remove ads

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads