From Wikipedia, the free encyclopedia
অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা হৈছে ড॰ হীৰেন গোহাঁইৰ দ্বাৰা ৰচিত গ্ৰন্থ। এই গ্ৰন্থখন ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। এই গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড॰ হীৰেন গোহাঁইক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।
অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা | |
---|---|
লেখক | ড॰ হীৰেন গোহাঁই |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাশ | ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰীত |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
ড॰ হীৰেন গোহাঁই অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এজন সাহিত্যিক আৰু সমালোচক।[1] ইয়াৰ উপৰিও তেখেত এজন কবি, সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক।[2] তেখেত ১৯৩৯ চনত অসমৰ গোলাঘাট চহৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ পূৰ্বে গুৱাহাটী আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল আৰু অৱসৰৰ পাছত আৰ্য বিদ্যাপীঠত অধ্যক্ষৰূপে কাম কৰিছিল।[3]
মহাপুৰুষীয়া ধৰ্মৰ আৰ্থ-সামাজিক, সাংস্কৃতিক, ঐতিহাসিক দিশসমূহৰ বিচাৰ-বিশ্লেষণেৰে এক বিদ্যায়তনিক আৰু সুচিন্তিত আলোচনা আগবঢ়াইছে। তদুপৰি এই গ্ৰন্থত অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰাৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱসমূহো স্পষ্টভাৱে দেখুৱাইছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.