বৰপেটা জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা From Wikipedia, the free encyclopedia
Remove ads
এই প্ৰবন্ধটো বৰপেটা জিলাৰ বিষয়ে। বৰপেটা জিলাৰ সদৰৰ বাবে বৰপেটা চাওক।
বৰপেটা জিলা (ইংৰাজী: Barpeta District) অসমৰ প্ৰশাসনিক জিলা সমূহৰ ভিতৰৰ এখন উল্লেখনীয় জিলা। জিলাখনৰ সদৰ কাৰ্যালয়সমূহ বৰপেটাত অৱস্থিত। জিলাখনে অসমৰ মুঠ ৩২৪৫ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে আৰু ইয়াৰ জনসংখ্যা ১,৬৪২,৪২০ জন (২০০১ চনৰ লোকপিয়ল অনুসৰি)।
Remove ads
ইতিহাস
অবিভক্ত কামৰূপ জিলাৰ বিভাজন ঘটি ১৯৮৩ চনত বৰপেটা জিলাখনৰৰ গঠন কৰা হৈছিল।[1] ব্ৰিটিছৰ সময়ত ১৮৪১ চনত অসামৰিক মহকুমা সৃষ্টি হৈছিল, জ’ন্ বাটলৰ প্ৰথম প্ৰশাসনিক বিষয়া আছিল পূৰ্বৰ মহকুমাটো। বৰ্তমানৰ জিলাখনৰ দুখন মহকুমা হৈছে বৰপেটা আৰু বজালী। ১ জুন, ২০০৪ চনত নতুনকৈ গঠন হোৱা বাক্সা জিলাত কেইবাটাও অঞ্চল হেৰুৱাব লগীয়া হয়।[1]
ভৌগোলিক অৱস্থিতি আৰু ভূখণ্ড
নামনি অসমৰ এই জিলাখনৰ মাটিকালি ৩২৪৫ বৰ্গ কিলোমিটাৰ।[2] বৰপেটা জিলাৰ উত্তৰে ভূটান পাহাৰ, পূবে নলবাৰী জিলা,দক্ষিণে কামৰূপ আৰু গোৱালপাৰা, পশ্চিমে বঙাইগাঁও জিলা। বৰপেটা জিলাৰ অৱস্থিতি হ’ল ২৬ ডিগ্ৰী ০৫ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৫৯ মিনিট উত্তৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ ৯০ ডিগ্ৰী ৩৯ মিনিট পূব আৰু ৯১ ডিগ্ৰী ১৭ মিনিট পূব।
সাধাৰণতে নিম্ন সমভূমি আৰু চাপৰ পহাৰ অঞ্চলেৰে বেষ্টিত বৰপেটা জিলা খনৰ দক্ষিণ-পশ্চিম কোণত বিশেষকৈ বাঘবৰ, ফুলোৰা, আৰু চ’তলা অঞ্চল বোৰত পাহাৰ আছে যি পাহাৰৰ দাতিয়েদি বিশাল ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে।
Remove ads
প্ৰশাসনিক বিভাজন
লোকসভা আৰু বিভানসভা সমষ্টি
বৰপেটা জিলা মুঠ ৮টা বিধানসভা সমষ্টিত বিভক্ত। এইকেইটা হৈছে যথাক্ৰমে বৰপেটা, বাঘবৰ, ভৱানীপুৰ, চেঙা, জনিয়া, পাটাছাৰকুছি, সৰুক্ষেত্ৰী আৰু সৰভোগ। [3] ইয়াৰে সৰভোগ আৰু ভৱানীপুৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু বাকী ছয়টা বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত।[4]
উন্নয়ন খণ্ড
জিলাখনক মুঠতে ১১টা উন্নয়ন খণ্ডত ভগোৱা হৈছে।[5]
উল্লেখনীয় স্থানসমূহ
- মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা[6] এই সত্ৰ বাৰ্ষিক দৌলোৎসৱ বা হোলীৰ বাবে জনাজাত।
- হাউলী জিলাখনৰ এক অন্যতম ব্যৱসায়িক কেন্দ্ৰ। ইয়াৰ প্ৰতি বছৰে ৰাস মহোৎসৱ আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়।[7]
- এই ঠাই জিলাখনৰ সৰ্ববৃহৎ বাণিজ্য কেন্দ্ৰ। বৰপেটা ৰোডক পশ্চিম অসমৰ বাণিজ্যিক ৰাজধানী হিচাপে জনা যায়।
- ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত এখন সৰু চহৰ। সৰভোগ উন্নত মানৰ দৈ-গাখীৰ, মাখন বা ক্ৰীম আদিৰ বাবে জনাজাত।[8]
- বহৰি
- মূল চহৰৰ পৰা প্ৰায় ২০ কিঃমিঃ নিলগৰ এই ঠাইখন মহাপুৰুষ হৰিদেৱে প্ৰতিষ্ঠা কৰা বহৰি সত্ৰৰ বাবে বিখ্যাত।
- অসমৰ কাঁহ-পিতলৰ শিল্পৰ মূল কেন্দ্ৰ।
- বেলনা
- বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত বেলনা গাওঁ পৰিচ্ছন্ন আৰু সেউজ হিচাপে চিহ্নিত অসমৰ প্ৰথমখন গাওঁ।[9]
Remove ads
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads