অসমৰ গামোচা
অসমীয়া আদৰৰ বস্ত্ৰ / From Wikipedia, the free encyclopedia
গামোচা অসমীয়া লোকসকলে ব্যৱহাৰ কৰা এবিধ বস্ত্ৰ।[1] সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূতাৰেও ইয়াক তৈয়াৰ কৰা হয়। ২০২২ চনৰ ১৩ ডিচেম্বৰত বস্তুৰ ভৌগোলিক ও পদৰ্শন (পঞ্জীয়ন তথা সংৰক্ষণ) অধিনিয়ম ১৯৯৯ অনুসৰি ভাৰত চৰকাৰে অসমৰ গামোচাক ভৌগোলিক উপদৰ্শন পঞ্জীয়ন চমুকৈ GI tag-ত অন্তৰ্ভুক্ত কৰে।[2] [3][4]
অসমীয়াৰ দৰে বঙালী, বিহাৰী আৰু উৰিয়া মানুহেও গামোচা সদৃশ গমছা বা গামছা নামৰ এবিধ বস্ত্ৰ ব্যৱহাৰ কৰে। অসমীয়া গামোচাৰ লগত তেওঁলোকৰ গামছাৰ বহুখিনি পাৰ্থক্য আছে। আনহাতে অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে। কিন্তু আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেহে ব্যৱহাৰ কৰা দেখা যায়। নামনি অসমত গামোচাক 'গাম্চা', 'মুক্চা' বা 'দুহেইটা' আদি নামেৰে জনা যায়।