ভৌগোলিক স্বীকৃতি
From Wikipedia, the free encyclopedia
ভৌগোলিক স্বীকৃতি (বা চমুকৈ জি আই; ইংৰাজী: geographical indication) হৈছে কোনো এক সামগ্ৰীত ব্যৱহাৰ কৰা বিশেষ নাম বা চিহ্ন। এই নাম বা চিহ্ন নিৰ্দিষ্ট সামগ্ৰীবিধৰ ভৌগোলিক অৱস্থিতি বা মূল (যেনে- এখন দেশ, একোটা অঞ্চল বা চহৰ) অনুসাৰে নিৰ্ধাৰণ কৰা হয়। ভৌগোলিক স্বীকৃতিয়ে সামগ্ৰীবিধৰ নিৰ্দিষ্ট গুণগত মানদণ্ড বা নিৰ্দিষ্ট প্ৰস্তুত প্ৰণালী নাইবা বিশেষত্ব নিশ্চিত কৰে। উদাহৰণস্বৰূপে- ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত অসমৰ মুগা সূতাৰ[1][2] চিহ্নই[3] মুগা সূতাৰে নিৰ্মিত বস্ত্ৰ বা অন্যান্য সামগ্ৰীৰ গুণগত মানদণ্ডৰ নিশ্চিতি প্ৰদান কৰে। ভৌগোলিক স্বীকৃতিয়ে কোনো এবিধ সামগ্ৰী নিৰ্দিষ্ট অঞ্চলটোতহে বাণিজ্যিকভাৱে উৎপাদন কৰাৰ অধিকাৰ আৰু আইনী সুৰক্ষা প্ৰদান কৰে।