কানন দেৱী
ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী / From Wikipedia, the free encyclopedia
কানন দেৱী (ইংৰাজী: Kanan Devi; ২২ এপ্ৰিল ১৯১৬- ১৭ জুলাই ১৯৯২) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী তথা গায়িকা। তেওঁ কানন বালা নামেও প্ৰখ্যাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ নায়িকাসকলৰ মাজত প্ৰথম গায়িকা তথা বঙালী চলচ্চিত্ৰৰ প্ৰথম তাৰকা হিচাপে স্বীকৃত। তেওঁ অভিনয়ৰ সমান্তৰালকৈ নৃত্য আৰু সঙ্গীততো পাৰদৰ্শী আছিল। প্ৰায় ৭০খন ছবিত তেওঁ অভিনয় কৰিছে। ইয়াৰ বাহিৰেও তেওঁক বিজ্ঞাপন ছবিতো দেখা গৈছিল। ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰিছে।[1][2]
ক্ষিপ্ৰ তথ্য কানন দেৱী, জন্ম ...
কানন দেৱী | |
---|---|
কানন দেৱী, ১৯৩০ৰ দশক | |
জন্ম | ২২ এপ্ৰিল, ১৯১৬ হাওৰ, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৭ জুলাই, ১৯৯২ (৭৬ বছৰ) কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰত |
পেচা | অভিনয় |
পিতৃ-মাতৃ | ৰতন চন্দ্ৰ দাস (পিতৃ) |
বন্ধ কৰক
Kanan Devi singing "Ami Banaphul Go" | |
|
|
From the 1942 film Shesh Uttar | |
এই ফাইলটো শুনাত অসুবিধা পাইছে? মিডিয়া সাহাৰ্য চাওক |