কাৱালী
From Wikipedia, the free encyclopedia
কাৱালী (পঞ্জাবী: ਕ਼ੱਵਾਲੀ; উৰ্দু: قوّالی; হিন্দী: क़व्वाली; বাংলা: কাওয়ালি) দক্ষিণ এছিয়াত উৎপত্তি হোৱা এক প্ৰকাৰৰ চুফী ইছলামিক ভক্তিমূলক গীত। মূলতঃ সমগ্ৰ দক্ষিণ এছিয়াৰ চুফী পাৰ্থনা গৃহ বা দৰগাহত পৰিবেশন কৰা[1] এই গীতসমূহে সমগ্ৰ পাকিস্তান, ভাৰত, বাংলাদেশ আৰু আফগানিস্তানৰ লগতে বিংশ শতিকাৰ শেষৰ ফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জনপ্ৰিয়তা লাভ কৰিছে।
পৰম্পৰাগত আৰু ভক্তিমূলক প্ৰেক্ষাপটত বংশগতভাবে শিল্পীসকলে কাৱালী সংগীত পৰিবেশন কৰে।[2] কাৱালী পৰিবেশন কৰিয়েই নুছৰত ফটেহ আলি খান, আজিজ মিঞা আৰু সাবৰি ভাতৃবৃন্দই আন্তৰ্জাতিকভাৱে স্বীকৃতি লাভ কৰিছে। অন্য বিখ্যাত কাৱালী গায়কসকলৰ ভিতৰত আছে ফৰিদ আয়াজ আৰু আবু মুহাম্মদ, ৰাহত ফটেহ আলি খান, বদৰ মিয়াদাদ, ৰিজৱান আৰু মোৱাজ্জাম ডুঅ’, কুতুবি ভাতৃবৃন্দ, প্ৰয়াত আমজাদ সাবৰি আদি। আধুনিক কাৱালীৰ অধিকাংশ গায়কেই ১৯৪৭ চনৰ আগতে ব্ৰিটিছৰ দ্বাৰা ভাৰত বিভাজনৰ পাছত পাকিস্তানলৈ প্ৰব্ৰজন কৰা বিখ্যাত দিল্লীস্থিত “কাৱাল বচন কা ঘৰানা” পাঠশালা কাৱালীৰ অন্তৰ্গত।