উৰ্দু ভাষা
ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইন্দো-আৰ্য শাখাৰ ভাষা / From Wikipedia, the free encyclopedia
উৰ্দু ভাষা (اُردُو) ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইন্দো-আৰ্য শাখাৰ ভাষা। পাকিস্তানৰ প্ৰায় ১ কোটি লোক আৰু ভাৰতৰ প্ৰায় ৫ কোটি লোকৰ মাতৃভাষা উৰ্দু। তদুপৰি আফগানিস্তানৰ চহৰসমূহত আৰু পাৰস্য উপসাগৰীয় দেশসমূহত উৰ্দু ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, কানাডা, ন'ৰৱে', অষ্ট্ৰেলিয়াৰ পাকিস্তানী অধিবাসীসকলে উৰ্দুত কথা পাতে। গোটেই বিশ্বত উৰ্দু মাতৃভাষীৰ সংখ্যা প্ৰায় ৬ কোটি।
ক্ষিপ্ৰ তথ্য উৰ্দু, থলুৱা অঞ্চল ...
উৰ্দু | |
---|---|
اُردُو | |
নাস্তালিক আৰু দেৱনাগৰী লিপিত লিখা জুৱান-ই-উৰ্দূ | |
থলুৱা অঞ্চল | পাকিস্তান, ভাৰত |
অঞ্চল | দক্ষিণ এচিয়া |
স্থানীয় ভাষিক |
৬ কোটি মাতৃভাষী |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
লিখন প্ৰণালী | নাস্তালিক লিপি, দেৱনাগৰী লিপি[1] (ঊনবিংশ শতিকাৰ আৰম্ভণিলৈকে) |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
পাকিস্তান ভাৰত (অন্ধ্ৰ প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ) |
ভাষা সংকেত | |
ISO 639-1 | ur |
ISO 639-2 | urd |
ISO 639-3 | urd |
লিংগোৱাস্ফেয়াৰ | 59-AAF-q |
বন্ধ কৰক