কেশৱ মহন্ত
অসমৰ এজন কবি, গীতিকাৰ আৰু শিক্ষাবিদ / From Wikipedia, the free encyclopedia
কেশৱ মহন্ত (২০ জানুৱাৰী ১৯২৬ – ৩১ মাৰ্চ ২০০৬[3]) অসমৰ এজন কবি, গীতিকাৰ আৰু শিক্ষাবিদ। জীৱনকালত তেখেতে প্ৰকৃতি আৰু মানৱতাক লৈ শতাধিক গীত ৰচনা কৰি যায়। বিভিন্ন বঁটা আৰু সন্মানৰ উপৰিও সাহিত্যৰাজীৰ বাবে তেখেতে ২০০১ চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চনো লাভ কৰিছিল।
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
ক্ষিপ্ৰ তথ্য কেশৱ মহন্ত, জন্ম ...
কেশৱ মহন্ত | |
---|---|
জন্ম | ২০ জানুৱাৰী, ১৯২৬ শোণিতপুৰ জিলা, অসম |
মৃত্যু | ৩১ মাৰ্চ, ২০০৬ (৮০ বছৰ)[1] গুৱাহাটী, অসম |
পেচা | কবি, গীতিকাৰ, শিক্ষাবিদ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | মোৰ যে কিমান হেঁপাহ তোমাৰ তেজ |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৯৩)[2] বিষ্ণু ৰাভা বঁটা (২০০০) |
বন্ধ কৰক