অসম
উত্তৰ-পূব ভাৰতৰ ৰাজ্য / From Wikipedia, the free encyclopedia
অসম (ইংৰাজী: Assam) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল।[8] ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়। ভাৰতৰ স্বাধীনতা আন্দোলনত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্বপূৰ্ণভাৱে অংশগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম স্বাধীন ভাৰতৰ এখন অন্তৰংগ প্ৰদেশ হিচাপে গঠিত হয়। ব্ৰিটিছ-শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিছপুৰ। অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ[9]) জুৰি আছে। অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে। আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱী বিখ্যাত।[10][11] এই ৰাজ্যখন এছিয়াৰ ভিতৰত প্ৰথম তেল খননৰ স্থান আছিল।[12]
অসম | |||
---|---|---|---|
— ৰাজ্য — | |||
ওপৰৰ পৰা ঘড়ীৰ কাটাৰ দিশত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়, কামাখ্যা মন্দিৰ, আই. আই. টি গুৱাহাটী, ৰংঘৰ, মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী, মাজুলী, গড়গাঁওৰ কাৰেংঘৰ, অসম চাহ বাগিচা। | |||
|
|||
ভাৰতত অসমৰ অৱস্থান | |||
অসমৰ মানচিত্ৰ | |||
ভৌগোলিক স্থানাংক (দিছপুৰ): 26.14°N 91.77°E / 26.14; 91.77 | |||
দেশ | ভাৰত | ||
অঞ্চল | উত্তৰ পূব ভাৰত | ||
স্থাপিত | অসম ৰাজ্য বা মু'ঙ দ'ন চ'ন খাম (𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) (অসম দিৱস ৰ দিনা)২ ডিচেম্বৰ ১২২৮ (1228-12-02) (৭৯৫ বছৰ পূৰ্বে))[1]
(অসম- স্বাধীন ভাৰত) |
||
ৰাজধানী | দিছপুৰ | ||
জিলাসমূহ | ৩৫ | ||
চৰকাৰ[*] | |||
- পৰিষদ | অসম চৰকাৰ | ||
- ৰাজ্যপাল | গুলাব চান্দ কাটাৰিয়া | ||
- মুখ্য মন্ত্ৰী | ড॰ হিমন্ত বিশ্ব শৰ্মা (ভাৰতীয় জনতা পাৰ্টী) | ||
- বিধান সভা | একসদনীয় (১২৬খন আসন) | ||
- সংসদীয় সমষ্টি | ৰাজ্যসভা (৭খন আসন)[2] লোকসভা (১৪খন আসন)[3] |
||
- উচ্চ ন্যায়ালয় | গুৱাহাটী উচ্চ ন্যায়ালয় | ||
মাটিকালি | |||
- মুঠ | ৭৮,৫৫০ কি.মি.২ (৩০,৩২৮.৩ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ১৭তম | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ৩,১১,৬৯,২৭২ জন | ||
- স্থান | ১৫তম | ||
- জনঘনত্ব | ৩৯৬.৮ প্ৰতি বৰ্গ কি.মি. (১,০২৭.৭ প্ৰতি বৰ্গ মাইল) |
||
সময় অঞ্চল | ভা. মা. স. (গ্ৰী.মা.স.+০৫:৩০) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-AS | ||
মা বি সূ | ০.৫৩৪ (মধ্যম) | ||
মা বি সূ স্থান | ২২তম (২০০৫) | ||
সাক্ষৰ | ৭৩.১৮% (২৬তম)[4] | ||
আধিকাৰিক ভাষা | অসমীয়া, বড়ো ( বড়োভূমিত), বঙালী আৰু মেইতেই (মণিপুৰী)[5][6][7] (বৰাক উপত্যকাত) |
||
ৱেবছাইট | assam.gov.in | ||
^[*] Assam has had a legislature since 1937 ^[*] Assam is one of the original provinces of British India |