এছিয়াৰ সংস্কৃতি From Wikipedia, the free encyclopedia
কোছাৰী(ইংৰাজী: Kochari) আৰ্মেনিয়াৰ উচ্চভূমিৰ এবিধ লোকনৃত্য৷ আজিকালি এই নৃত্য আৰ্মেনিয়ানসকলে পৰিৱেশন কৰে৷[1][2][3] আনহাতে, ইয়াৰ বিভিন্ন ৰূপ এছিৰিয়ান,[4]আজাৰবাইজান,[5] কুৰ্দ আৰু পণ্টিক গ্ৰীকসকলে পৰিৱেশন কৰে৷[6]ই এবিধ বৃত্ত নৃত্য৷ আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ প্ৰতিটো অংশৰে অনন্য নৃত্য আৰু সংগীত সম্বলিত নিজস্ব ’কোছাৰী’ আছিল৷[7]
কোছাৰী | |
---|---|
ইউনেস্কো অস্পৰ্শনীয় সাংস্কৃতিক ঐতিহ্য | |
দেশ | আৰ্মেনিয়া |
ক্ষেত্ৰ | লোকনৃত্য |
প্ৰসংগ | ১২৯৫ |
অঞ্চল | ইউৰোপ আৰু উত্তৰ আমেৰিকা |
শিলালিপিৰ ইতিহাস | |
শিলালিপি | ২০১৭ (12th session) |
আৰ্মেনিয়ান ভাষাত কোছাৰীৰ আক্ষৰিক অৰ্থ হৈছে, “আঁঠুৰ পৰা অহা’’৷[8] আনহাতে, আজাৰবাইজান তুৰ্কী ভাষাত "kộḉ"ৰ অৰ্থ লৰচৰ কৰা যাক ক্ৰিয়া আৰু বিশেষ্য[9] দুয়োটা অৰ্থতে ব্যৱহাৰ কৰা হয়৷ ইয়াৰ পিছৰ অৰ্থটো যাযাবৰী লোকৰ ভ্ৰমণৰ প্ৰসংগত অধিক ব্যৱহাৰ কৰা হয়৷ কোছাৰী শব্দটো যাযাবৰ আৰু যাযাবৰী দুয়োটা শব্দ বুজাবলৈ বিশেষ্য আৰু বিশেষণ হিচাপে ব্যৱহাৰ কৰা হয়৷ তেনেদৰে, কুৰ্দিছমতে কোছাৰ মানে যাযাবৰ আৰু তেনেকৈ কোছাৰী শব্দই যাযাবৰী বুজায়৷[10] ই তুৰ্কী ভাষাৰ পৰা অহা৷ [11] আকৌ পণ্টিক গ্ৰীক ভাষাত কোছাৰী মানে গেৰোহা উথোৱা, নৃত্যত সকলোৱে একেলগে গেৰোহা উত্থাপন কৰে৷ এই নৃত্যত গেৰোহা মূৰ অংগ৷
জন ব্লেকিঙে কোছাৰীৰ বিষয়ে এনেদৰে বৰ্ণনা কৰিছে,
দলীয় নৃত্য৷ যেতিয়া নৃত্যশিল্পীসকলে জঁপিয়াই থকা ছাগলীক অনিকৰণ কৰি নাচে, তেতিয়া ইয়াক কোছাৰী বুলি জনা যায়৷ নৃত্যশিল্পীসকলে ইজনে সিজনৰ হাতত ধৰি একেলগে থিয় হৈ থাকে৷ নৃত্যৰ গতি মধ্যমীয়াৰ পৰা দ্ৰুততৰ হয়৷ কাল্পনিক প্ৰতিদ্বন্দীক কুঁজা হৈ খুন্দা মৰাৰ পিছত উচ্চ জাঁপ মাৰে৷ [12]
আৰ্মেনিয়ানসকলে হাজাৰ বছৰতকৈয়ো আগৰে পৰা কোছাৰী নাচি আহিছে৷[13] এই নৃত্যত পুৰুষ আৰু মহিলা উভয়ে অংশগ্ৰহণ কৰে আৰু এই নৃত্য ভয়ংকৰ পৰিৱেশ তৈয়াৰ কৰাৰ উদ্দেশ্যেৰে কৰা হয়৷ কোছাৰীৰ অত্যাধুনিক সংযোজনত “ট্ৰেমেলো ষ্টেপ’’ সংযোজন কৰা হৈছে, য’ত গোটেই শৰীৰটো জোকাৰি যোৱা হয়৷ এই নৃত্য আৰ্মেনিয়াৰ পূব প্ৰান্তত আৰ্মেনিয়াৰ গণহত্যাৰ পিছত বিয়পি পৰিছে৷ ২০১৭ চনত ৰাষ্ট্ৰসংঘৰ অধীনৰ ইউনেস্ক’ই জৰুৰী সুৰক্ষাৰ প্ৰয়োজন থকা “অক্ষত সাংস্কৃতিক ঐতিহ্য’’ৰ তালিকাত কোছাৰী নৃত্যক অন্তৰ্ভূক্ত কৰে[14]
আজাৰবাইজানত বিশেষকৈ নাখচিভান স্বায়ত্তশাসিত গণৰাজ্যত আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত “ইয়ালি’’ নামে জনাজাত অন্যতম এই নৃত্য৷ লেহেমীয়া গতি আৰু দ্ৰুত গতিৰে গঠিত কোছাৰী নৃত্যৰ তিনিটা ভিন্ন ৰূপ প্ৰচলিত৷ ইজনৰ পিছত সিজন বা এজন পুৰুষৰ পিছত এজনী মহিলাই অৱস্থান লোৱাৰ পিছত নৃত্যশিল্পীসকলৰ মাজৰ এজনে দলনেতা হয় আৰু তেওঁৰ মূৰত এদাল লাঠি ধৰে৷ লাঠিদাল নৃত্যশিল্পীসকলক শাস্তি দিবলৈ নহয়, ইয়াৰ নৃত্যত এটা গুৰুত্বপূৰ্ণ কাম আছে৷[15] আজিকালি, এই নৃত্য নাখচিভান অঞ্চলৰ বিভিন্ন অংশত বিবাহ অনুষ্ঠানত ইয়াক পৰিৱেশন পৰা হয়৷[15] টেনজেৰৰ সৈতে কোছাৰী নৃত্যক ২০১৮ চনৰ নৱেম্বৰ মাহত ইউনেস্ক’ৰ জৰুৰী সুৰক্ষাৰ প্ৰয়োজন থকা “লুপ্তপ্ৰায় সাংস্কৃতিত ঐতিহ্য’’ৰ তালিকাত ইয়াক ইয়ালি নৃত্যৰ সংস্কৰণ হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে৷[16][17]
পণ্টিক গ্ৰীক আৰু আৰ্মেনিয়ানসকলৰ কোছাৰীৰ দৰে আন বহুতো জোৰদাৰ যুদ্ধংদেহী শৈলীৰ নৃত্য আছে৷[18] বেছিভাগ পণ্টিক নৃত্যৰ দৰে কোছাৰীও সমছন্দত প্ৰধানতঃ বন্ধ বৃত্ত বা বৃত্তাকাৰ ৰূপত নচা হয়৷ [19]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.