কৰিমগঞ্জ জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা From Wikipedia, the free encyclopedia
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা From Wikipedia, the free encyclopedia
কৰিমগঞ্জ জিলা অসমৰ এখন প্ৰশাসনিক জিলা। ১৮৭৮ চনত কৰিমগঞ্জ নগৰক সদৰ হিচাপে লৈ তদানীন্তন ব্ৰিটিছ ভাৰতৰ নৱসংগঠিত অসম ৰাজ্যৰ ছিলেট জিলাৰ এটা মহকুমা হিচাপে কৰিমগঞ্জ মহকুমা গঠন কৰা হৈছিল। ১৯৪৭ চনত স্বাধীনতাৰ সময়ত হোৱা দেশ বিভাজনত ছিলেট জিলা পূৱ পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)-লৈ হস্তান্তৰিত হয় যদিও সেইসময়ৰ অবিভক্ত কৰিমগঞ্জ মহকুমাৰ চাৰে তিনিখন থানাৰ অঞ্চলৰে গঠিত সংকুচিত কৰিমগঞ্জ মহকুমা ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ এক মহকুমা হিচাপে অন্তৰ্ভুক্ত হয়। এই অঞ্চল কেইটা আছিল: ৰাতাবাৰী থানা, পাথাৰকান্দি থানা, বদৰপুৰ থানা আৰু কৰিমগঞ্জ থানাৰ আধা অঞ্চল। ১৯৮৩ চনৰ ১ জুলাই তাৰিখৰ পৰা অসম চৰকাৰে কৰিমগঞ্জ মহকুমাক পূৰ্ণপৰ্যায়ৰ জিলাৰ স্বীকৃতি দিয়ে।
কৰিমগঞ্জ জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | বৰাক উপত্যকা |
স্থাপিত | ১ জুলাই ১৯৮৩ |
সদৰ | কৰিমগঞ্জ |
মহকুমা | কৰিমগঞ্জ, পাথাৰকান্দি, ৰামকৃষ্ণ নগৰ |
চৰকাৰ | |
• লোকসভা সমষ্টি | কৰিমগঞ্জ |
• বিধানসভা সমষ্টি | ৰাতাবাৰী (১), পাথাৰকান্দি (২), কৰিমগঞ্জ উত্তৰ (৩), কৰিমগঞ্জ দক্ষিণ (৪), বদৰপুৰ (৫) |
কালি | |
• মুঠ | 1,809 km2 (698 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ | 12,28,686 |
• ঘনত্ব | 680/km2 (1,800/sq mi) |
বৰ্তমানৰ কৰিমগঞ্জ জিলাৰ ইতিহাস সুস্পষ্ট নহয়। উপলব্ধ উৎসৰ উপকৰণ আৰু প্ৰামাণৰ সহায়ত উক্ত অঞ্চলৰ ইতিহাসৰ সময়ানুক্ৰমিক সন্ধান উলিওৱাতো টান। বৃহৎ ব্যৱধানেৰে এটা মাত্ৰ ৰূপৰেখাহে অংকন কৰিব পৰা যায়। ভাস্কৰবৰ্মণে লিপিৱদ্ধ কৰি থৈ যোৱা নিধানপুৰ তাম্ৰলিপিৰ পৰা এয়া গম পোৱা যায় যে ষষ্ঠ শতিকালৈ প্ৰায় এশ বছৰ কাল অঞ্চলটো কামৰূপ সাম্ৰাজ্যৰ অধীনতে আছিল। অগ্ৰদূত অভিবাসী ব্ৰাহ্মিণসকলৰ পৃষ্ঠপোষকতাত অৰ্থনৈতিকভাৱে নাঙল ব্যৱহাৰ কৰি খেতি কৰা আৰ্যীয় পদ্ধতিয়েই এই সময়ছোৱাৰ আৰম্ভণি আছিল বুলি জনা যায়। চমতা মৰুন্দনাথৰ কলাপুৰ তামৰ ফলিৰ পৰা জনা যায় যে ৭ম শতিকাত এই অঞ্চল উত্তৰ কাছাৰৰ সৰু টিলাবোৰৰ সৈতে পূৰ্ব্ব বংগৰ চমতা সাম্ৰাজ্যৰ অধীনত আছিল। অৱশ্যে এয়া সঁচা বুলি প্ৰমাণ কৰিবলৈ কোনো ধৰণৰ নিশ্চিত তথ্য আৰু প্ৰমাণ পোৱা নাযায়। দশম শতিকাত পূৰ্ব্ব বংগৰ প্ৰখ্যাত চন্দ্ৰ বংশৰ ৰজা শ্ৰীচন্দ্ৰই সম্পূৰ্ণ এলেকাটো তেওঁৰ বংগ সাম্ৰাজ্যৰ অধীনলৈ নিছিল। এই সময়ছোৱাত পঞ্চখণ্ডত (কৰিমগঞ্জ নগৰৰ পৰা ৮ কিলোমিটাৰ দূৰৈত; বৰ্তমান বাংলাদেশত অৱস্থিত) অৱস্থিত চন্দ্ৰপুৰ মঠ শিক্ষাৰ উল্লেখনীয় কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল। প্ৰখ্যাত বুৰঞ্জীবিদ ডি. ছি. সৰকাৰৰ মতে আদিতে এই চন্দ্ৰপুৰ মঠটো সমগ্ৰ পূৰ্ব্ব ভাৰতৰ ভিতৰতে হিন্দু-শিক্ষাৰ বাবে আটাইতকৈ ডাঙৰ কেন্দ্ৰ আছিল। গোৱিন্দকেশৱ দেৱ আৰু ঈষাণ দেৱৰ ভতেৰাৰ লিপিৰ পৰা জনা যায় যে দ্বাদশ শতিকাত তাত শ্ৰীহট্ট ৰাজ্য নামেৰে এখন স্বাধীন ৰাজ্য আছিল আৰু সমগ্ৰ কৰিমগঞ্জ জিলাৰ লগতে কাছাৰ সমভূমিৰো কিছু অংশ ইয়াৰ অন্তৰ্ভুক্ত আছিল।
শ্বাহ জালাল নামৰ য়েমেনৰ পৰা অহা মুছলিম চুফী ফকীৰজনে ১৩২৮ চনত চিলেট জয়লাভ কৰাৰ পিছত শ্ৰীহট্টৰ লগতে কৰিমগঞ্জৰো বৃহৎ এলেকা এটা বংগ চুলতানৰ অধীনলৈ যায়। সেই সময়ত কৰিমগঞ্জ জিলাৰ বৰ্তমান পথেৰকান্দিৰ থানা থকা অঞ্চলটো ত্ৰিপুৰাৰ ৰজাৰ অধীনত আছিল। ১৩ শতিকাৰ শেষভাগত মিৰ্জা মালিক মহম্মদ টুৰাণিৰ অধীনত অহা বৃহৎ পাৰ্চী বাহিনীয়ে এই অঞ্চলৰ বদৰপুৰ নগৰ দখল কৰে। টুৰাণিয়ে নিজকে ৰজা ঘোষণা কৰে আৰু পৰাজিত নগৰাধ্যক্ষ খাচী চীফ পুৰা ৰাজাৰ কন্যা উমাৱতীক বিয়া কৰায়। সেই পৰিয়ালটোৱে পিছৰ বংশধৰ মালিক প্ৰতাপ ৰাজাই সমগ্ৰ পথেৰকান্দি জয়লাভ নকৰালৈকে তেওঁলোকৰ সাম্ৰাজ্য বহলোৱা কাম কৰি আছিল। হুছেইন শ্বাহৰ ৰাজত্বকালত (১৪৮৩-১৫১৯) সেই সময়ত প্ৰতাপগড় বুলি জনাজাত অঞ্চলটোও চুলতানৰ অধীনলৈ আহে। হুছেইন শ্বাহ আৰু তেওঁৰ পুত্ৰ মেহুমুদ শ্বাহৰ ক্ৰমে কালিগঞ্জ আৰু চুপ্ৰাকান্দিত পোৱা লিপিয়ে সমগ্ৰ অঞ্চলটো বংগ চুলতানৰ শাসনৰ অধীনত থকাটো প্ৰমাণ কৰে। চিলেটৰ লগতে এই অঞ্চলটো ১৫৭৬ চনত আকবৰৰ ৰাজত্বকালত মোগল সাম্ৰাজ্যৰ অধীনলৈ আহে। আইন-ই-আকবৰীৰ মতে জিলাখনৰ প্ৰায়ভাগ অঞ্চল মোগলৰ চিলহাট চৰকাৰৰ অধীনত প্ৰতাপগড় ৰাজহ মহলত ৰখা হৈছিল। জিলাখন মোগলৰ চিলহাট চৰকাৰ আৰু বাংলা চুবাৰ অংশ হিচাপে আছিল।
১৭৮৫ চনত বাংলা চুবাৰ দিৱানী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে হস্তগত কৰে আৰু কৰিমগঞ্জ জিলা এটা অংশ হিচাপে থকা চিলেট জিলা ব্ৰিটিছৰ অধীনলৈ যায়। তথাপি ১৭৮৬ চনলৈ ব্ৰিটিছে অঞ্চলটোত নিজৰ কৰ্তৃত্ব স্থাপন কৰিব পৰা নাছিল। ৰাধাৰাম নামৰ এজন স্থানীয় জমিদাৰে দক্ষিণ কৰিমগঞ্জৰ এক বিশাল এলেকা নিজৰ প্ৰশাসনৰ তললৈ আনিছিল। তেওঁক পিছলৈ স্থানীয় ৰাইজে নৱাব ৰাধাৰাম বুলিবলৈ আৰম্ভ কৰিছিল। তেওঁ ব্ৰিটিছ অগ্ৰাসনৰ বিৰুদ্ধে দুবাৰো সফলতাৰে যুঁজ দিছিল যদিও অৱশেষত পৰাস্ত হৈ ব্ৰিটিছৰ হাতত বন্দী হৈছিল। কোম্পানীৰ সৈন্যসকলে তেওঁক যেতিয়া ছিলেটলৈ লৈ গৈ আছিল, ৰাজাৰামে আত্মহত্যা কৰিছিল। তেতিয়াৰ পৰাহে অৰ্থাৎ ১৭৮৬ চনৰ পৰাহে ব্ৰিটিছে কৰিমগঞ্জৰ সম্পূৰ্ণ অঞ্চল নিজৰ অধীন কৰি লব পাৰিছিল।
১৮৫৭ চনৰ নৱেম্বৰত চিতাগঙত থকা ৩৪ নং পদাতিক সৈন্যৰ তিনিটা কোম্পানীয়ে বিদ্ৰোহ ঘোষনা কৰিছিল আৰু পৰৱৰ্তী কালত সেয়া দক্ষিণ-পূৱ চিলেট জিলালৈ সম্প্ৰসাৰিত হৈছিল।
১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত চিলেট জিলাৰ অধিকাংশই কৰিমগঞ্জ মহকুমাৰ চাৰে তিনি থানা এলেকাৰ (ৰাতাবাৰী, পথেৰকান্দি, বদৰপুৰ আৰু কৰিমগঞ্জ থানাৰ আধা) বাদে পূৱ পাকিস্তানত সংযোগ হয় আৰু ১৯৭১ চনত ই বাংলাদেশ নামেৰে সুকীয়া ৰাষ্ট্ৰ হিচাপে স্বাধীনতা লাভ কৰে। ফলত কৰিমগঞ্জ মহকুমাৰ বাকী ৰৈ যাৱা এই অৰ্ধাংশ এটা সম্পূৰ্ণ মহকুমা হিচাপে অসমৰ কাছাৰ জিলাৰ লগত যোগ কৰা হয়। কৰিমগঞ্জ মহকুমাক এখন জিলালৈ পৰিৱৰ্তিত কৰা হয় ১৯৮৩ চনৰ ১ জুলাইত[5] কৰিমগঞ্জ নগৰক নতুনকৈ প্ৰস্তাৱিত কৰিমগঞ্জ জিলাৰ জিলা সদৰ হিচাপে গঢ়া হয়।
কৰিমগঞ্জ জিলাই অধিকাৰ কৰি থকা মাটিকালি হৈছে ১,৮০৯ বৰ্গ কিলোমিটাৰ (৬৯৮.৫ বৰ্গ মাইল),[6] যি তুলনামূলকভাৱে আলস্কৰ (Alaska) আফোগ্নাক দ্বীপৰ (Afognak Island) সমান।[7] ই উত্তৰ-পূৱ দিশে কাছাৰ জিলা, পূৱ দিশে হাইলাকান্দি জিলা, দক্ষিণ দিশে মিজোৰাম ৰাজ্য, দক্ষিণ-পশ্চিম দিশে ত্ৰিপুৰা ৰাজ্য, আৰু পশ্চিম আৰু উত্তৰ-পশ্চিম দেশে বাংলাদেশৰ দ্বাৰা পৰিৱেষ্টিত হৈ আছে। কৰিমগঞ্জ জিলাৰ মুখ্য নগৰ কৰিমগঞ্জ নগৰ জিলাখনৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়। কৰিমগঞ্জ নগৰ জিলাখনৰ উত্তৰ পাৰে কুছিয়াৰাৰ দ্বাৰা বাংলাদেশৰ লগত সংলগ্ন হৈ আছে। অসমৰ ৰাজধানী চহৰ গুৱাহাটিৰ পৰা স্থলপথেৰে ইয়াৰ দূৰত্ব প্ৰায় ৩৩০ কিলোমিটাৰ আৰু ৰেলপথেৰে প্ৰায় ৩৫০ কিলোমিটাৰ। ইয়াৰপৰা অন্য মুখ্য ঠাইসমূহৰ দূৰত্ব এনেধৰণৰ: শিলচৰ- ৫৫ কিলোমিটাৰ, শ্বিলং- ২২০ কিলোমিটাৰ, আগৰতলা- ২৫০ কিলোমিটাৰ।
কুছিয়াৰা আৰু লঙ্গাই নদীৰ পাৰ্শ্বৱৰ্তী এলেকাত অৱস্থিত কৰিমগঞ্জ নগৰ বাংলাদেশৰ সীমান্তত অৱস্থিত হৈ আছে আৰু কুছিয়াৰা নদী ইয়াৰ মাজেৰে বৈ গৈছে। ঠাইটুকুৰাৰ এটা বিশেষত্ব হৈছে ইয়াৰ মাজেৰে একাঁবেকাঁকৈ বৈ যোৱা সুদীৰ্ঘ গোলাকাৰ খাল নটী খাল। আদিতে কুছিয়াৰা আৰু লঙ্গাই নদীক সংযোগ কৰি ইয়াৰ জলপথক সংযোগ কৰাৰ বাবে আৰু দুয়োখন নদীৰ জলপৃষ্ঠক সমাৱস্থা প্ৰদান কৰাৰ বাবে এই খাল ব্যৱহৃত হৈছিল। এতিয়া বহু ঠাইত খহনীয়াৰ বাবে আৰু পথৰ নিৰ্মাণকাৰ্যত মাটিৰে পূৰ্ণ হোৱাৰ ফলত এই খাল বন্ধ হৈ গৈছে। লাটু কৰিমগঞ্জৰ বুৰঞ্জীপ্ৰসিদ্ধ গাঁও সমূহৰ মাজত এখন।
কৰিমগঞ্জৰ বনাঞ্চল এটা সময়ত বন্যপ্ৰাণীৰ বাবে প্ৰসিদ্ধ আছিল যদিও বৰ্তমান জনসংখ্যা বৃদ্ধিৰ বাবে ই নাইকিয়া হৈ যাব ধৰিছে। ইয়াৰ ভিতৰত হোলোক গিবন, কেইবা প্ৰজাতিৰো বান্দৰ, শুভ্ৰ পাখিৰ কাঁঠহাঁহ, এছিয়ান হাতী আদিৰ অৱস্থিতিৰ প্ৰমাণ পোৱা যায়।[8][9] ইয়াৰ দক্ষিণাঞ্চলক ধলেশ্বৰী বন্যপ্ৰাণী উদ্যান (Dhaleswari wildlife sanctuary) বুলিও অভিহীত কৰা হয়।[10][11]
কৰিমগঞ্জ জিলাক তিনিটা মহকুমাত ভাগ কৰা হৈছে: কৰিমগঞ্জ, পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰ। এই জিলাত অসম বিধানসভাৰ ৫টা সমষ্টি আছে: ৰাতাবাৰী (১), পাথাৰকান্দি (২), কৰিমগঞ্জ উত্তৰ (৩), কৰিমগঞ্জ দক্ষিণ (৪), বদৰপুৰ (৫)। এই সকলোবোৰ অঞ্চল কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।[1]
২০১১ চনৰ লোকপিয়ল অনুসৰি কৰিমগঞ্জ জিলাৰ মুঠ জনসংখ্যা ১২,২৮,৬৮৬ জন।[1] ইয়াৰে ৬,২৫,৮৬৪ জন পুৰুষ আৰু ৬,০২,৮২২ গৰাকী মহিলা। সেয়ে প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে জিলাখনত মহিলাৰ সংখ্যা ৯৬১ গৰাকী। ২০০১-২০১১ দশকত জিলাখনৰ মুঠ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২১.৯%। জিলা খনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৬৭৯.২ জন আৰু সাক্ষৰতাৰ হাৰ ৭৯.৭২%। কৰিমগঞ্জ জিলাৰ গৰিষ্ঠসংখ্যক লোক বঙালী ভাষী।[1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.