গাহৰিৰ মাংস
ঘৰুৱা গাহৰিৰ পৰা প্ৰাপ্ত মাংস / From Wikipedia, the free encyclopedia
গাহৰিৰ মাংস হ'ল ঘৰচীয়া গাহৰিৰ পৰা পোৱা মাংসৰ ৰান্ধনপ্ৰণালী। ই বিশ্বজুৰি সৰ্বাধিক ব্যৱহৃত খাদ্য, গাহৰিৰ পোহনীয়া হোৱাৰ প্ৰমাণ খ্ৰীষ্টপূৰ্ব ৫০০০ চনৰ পৰাই পোৱা যায়। [1] [2] গাহৰিৰ মাংস সতেজ ৰন্ধা আৰু সংৰক্ষিত দুয়োটাতে খোৱা হয়।
অসমত চীনা তিব্বতীয় আৰু টাই সকলৰ মাজত গাহৰি মাংস অধিক জনপ্ৰিয় আৰু ইয়াক ট্ৰাইবেল খাদ্য' হিচাপে গণ্য কৰা হয়।[3] অসমৰ পৰম্পৰাগত গাহৰিৰ ব্যঞ্জন সমুহ হৈছে:- টাই-আহোমসকলৰ নুৱা-মু, মিচিং সকলৰ এগ-আদিন বনুম, ডিমাছাসকলৰ হ'ন'হেইন, উত্তৰ কাছাৰৰ চাঠো আৰু চাপাক, বড়োসকলৰ অমা বেদৰ্ত।[4][5] [6]পশ্চিমীয়া বিশ্বত বিশেষকৈ মধ্য ইউৰোপত গাহৰিৰ মাংস আটাইতকৈ জনপ্ৰিয় মাংস। ইয়াৰ উপৰিও পূব আৰু দক্ষিণ-পূব এছিয়াত (মূল দক্ষিণ-পূব এছিয়া, ফিলিপাইনছ, ছিংগাপুৰ, পূব টিমৰ আৰু মালয়েছিয়া ) ই অতি জনপ্ৰিয়। চৰ্বিৰ পৰিমাণ আৰু টেক্সচাৰৰ বাবে এছিয়ান খাদ্যত বিশেষকৈ চীন মূলীয় দেশত এই মাংসৰ মূল্য অতিশয় বেছি। হাম, গামন, বেকন, আৰু চচ্চেজ সংৰক্ষিত গাহৰিৰ মাংসৰ উদাহৰণ।
কিছুমান ধৰ্ম আৰু সংস্কৃতিয়ে গাহৰিৰ মাংস খোৱাত নিষেধাজ্ঞা আৰোপ কৰে, বিশেষকৈ ইছলাম আৰু ইহুদী ধৰ্মত।