চিউকুৰো মানাবে
From Wikipedia, the free encyclopedia
চিউকুৰো "চুকি" মানাবে ((ইংৰাজী: Syukuro "Suki" Manabe), জন্ম ২১ ছেপ্টেম্বৰ ১৯৩১)) হৈছে এগৰাকী জাপানী মূলৰ আমেৰিকান জলবায়ুবিদ আৰু বতৰবিজ্ঞানী যিয়ে বিশ্বব্যাপী হৈ থকা জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক জলবায়ুৰ তাৰতম্য অনুকৰণ কৰিবলৈ কম্পিউটাৰ ব্যৱহাৰৰ পথ উন্মোচন কৰিছে। তেখেতক ২০২১ বৰ্ষত পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হৈছে৷ পৃথিৱীৰ জলবায়ুৰ ভৌতিক মডেলিঙৰ বাবে, পৰিৱৰ্তনশীলতাৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু গোলকীয় উষ্ণতাৰ ভৱিষ্যতবাণী কৰাৰ বাবে তেখেতৰ লগত এই বঁটা যুটীয়াভাৱে লাভ কৰিছে ক্লাউছ হেচেলমান৷ দুয়োগৰাকী বিজ্ঞানীয়ে ন'বেল বঁটাৰ মুঠ ধনৰাশিৰ এক চতুৰ্থাংশকৈ লাভ কৰিব৷ আনহাতে পদাৰ্থ বিজ্ঞানতে আনজন ন'বেল-প্ৰাপক জৰ্জিঅ' পাৰিচিলৈ বঁটাটোৰ অৰ্ধাংশ প্ৰদান কৰা হৈছে৷ জটিল প্ৰণালী অনুধাৱনৰ ক্ষেত্ৰত আগবঢ়োৱা যুগান্তকাৰী অৱদানৰ বাবে পাৰিচিয়ে এই ন'বেল বঁটা লাভ কৰিছে [1]
চিউকুৰো মানাবে Syukuro Manabe | |
---|---|
চিউকুৰো মানাবে | |
জন্ম | ২১ ছেপ্টেম্বৰ, ১৯৩১ শ্বিকোকোচো (Shikokuchūō) |
ক্ষেত্ৰ | জলবায়ুবিদ, বতৰবিজ্ঞানী |
কৰ্মস্থান | প্ৰিন্সটন বিশ্ববিদ্যালয় |
উল্লেখনীয় বঁটা |
|