ছাৰা আলী খান
ভাৰতীয় অভিনেত্ৰী / From Wikipedia, the free encyclopedia
ছাৰা আলী খান(ইংৰাজী: Sara Ali Khan, উচ্চাৰণ: [saːɾa əˈli xaːn]; জন্ম-১২ আগষ্ট ১৯৯৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ বলিউদৰ পৰিচিত অভিনেতাদ্বয় অমৃতা সিং আৰু ছৈয়ফ আলী খানৰ দুহিতা ছাৰা বিখ্যাত পাটাউদী পৰিয়ালৰ জীয়ৰী৷
ক্ষিপ্ৰ তথ্য ছাৰা আলী খান, জন্ম ...
ছাৰা আলী খান | |
---|---|
২০১৯ চনত ছাৰা খান | |
জন্ম | ১২ আগষ্ট, ১৯৯৫ (২৮ বছৰ)[1] বোম্বাই, মহাৰাষ্ট্ৰ, ভাৰত[2] |
শিক্ষানুষ্ঠান | কলম্বিয়া বিশ্ববিদ্যালয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০১৮–বৰ্তমান |
পিতৃ-মাতৃ | ছৈয়ফ আলী খান অমৃতা সিং |
বন্ধ কৰক
কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী দখল কৰাৰ পাছত ছাৰাই অভিনয়ৰ জগতত প্ৰৱেশ কৰে আৰু ২০১৮ চনত মুক্তিলাভ কৰা কেদাৰনাথ ছবিখনৰ জৰিয়তে দৰ্শক তথা সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে৷ এইখন ছবিৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতাৰ সন্মান অৰ্জন কৰে৷ ২০১৯ চনত তেখেত ফৰ্বছ-ইণ্ডিয়াৰ শীৰ্ষ ১০০ ছেলেব্ৰিটিৰ তালিকাভূক্ত হয়৷