অমৃতা সিং
ভাৰতীয় অভিনেত্ৰী / From Wikipedia, the free encyclopedia
অমৃতা সিং (ইংৰাজী: Amrita Singh; জন্ম: ৯ ফেব্ৰুৱাৰী, ১৯৫৮)[1] হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ বেটাব আৰু মৰ্দৰ দৰে ছবিত অভিনয় কৰি খ্যাতি আৰু সমাদৰ লাভ কৰা অমৃতা সিং আশীৰ দশকত এগৰাকী আগশাৰীৰ তাৰকালৈ উন্নীত হয়৷ নবৈৰ দশকৰ আৰম্ভণিতে তেখেতে ছবিৰ পৰা বিৰতি লয়৷ প্ৰায় দশকজোৰা বিৰতিৰ পাছত তেখেত ২০০২ চনত পুনৰ ছবিজগতলৈ ঘূৰি আহে৷ বৰ্তমান তেখেতে সহযোগী অভিনেত্ৰী হিচাপে কাম কৰিছে৷ ২০০৫ চনত তেখেতে টেলিভিছনৰ পৰ্দাতো ভুমুকি মাৰে৷
ক্ষিপ্ৰ তথ্য অমৃতা সিং, জন্ম ...
অমৃতা সিং | |
---|---|
২০১৭ চনত সিং | |
জন্ম | অমৃতা সিং ভিৰ্ক ৯ ফেব্ৰুৱাৰী, ১৯৫৮ (৬৬ বছৰ) হাডালী, পশ্চিম পাকিস্তান |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৮৩–১৯৯৩ ২০০২-বৰ্তমানলৈকে |
দাম্পত্যসঙ্গী | ছৈয়ফ আলী খান (১৯৯১-২০০৪, বিবাহ-বিচ্ছেদ) |
সন্তান | ২ (ছাৰা আলী খান আৰু ইব্ৰাহীম) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ফিল্মফেয়াৰ |
বন্ধ কৰক