জম্মু আৰু কাশ্মীৰ
From Wikipedia, the free encyclopedia
জম্মু আৰু কাশ্মীৰ (ইংৰাজী: Jammu and Kashmir)[1] ভাৰতৰ সকলোতকৈ উত্তৰত অৱস্থিত ৰাজ্য। হিমালয় পৰ্বমালাত ৰাজ্যখনৰ অধিকাংশ অৱস্থিত, ৰাজ্যখনৰ চাৰিসীমাত ভাৰতৰ আন দুখন ৰাজ্য হিমাচল প্ৰদেশ আৰু পঞ্জাব আছে, ৰাজ্যখনৰ উত্তৰ পূৱ দিশত আছে চীন দেশ, লাইন অৱ কণ্ট্ৰলে ৰাজ্যখনক পশ্ছিম দিশত পাকিস্তান অধিকৃত কাশ্মীৰ আৰু উত্তৰ-পশ্ছিম দিশত পাকিস্তানৰ গিলগিট-বল্টিষ্টান প্ৰদেশৰ পৰা পৃথক কৰিছে। ভাৰতীয় সংবিধানৰ দফা ৩৭০ৰ অনুসৰি জম্মু আৰু কাশ্মীৰ এখন শ্বায়ত্ব শাসিত ৰাজ্য, আৰু ইয়াৰ অধীনত ৰাজ্যখনে আন ৰাজ্যৰ তুলনাত কিছুমান বিশেষ ক্ষমতা লাভ কৰে।[2][3]
এই প্ৰবন্ধৰ উন্নীতকৰণৰ প্ৰয়োজন। অনুগ্ৰহ কৰি সাম্প্ৰতিক ঘটনা বা নতুনকৈ উপলব্ধ তথ্য সংযোগ কৰি প্ৰবন্ধ উন্নত কৰক। বিতং ভাৱে জানিবৰ বাবে আলোচনা পৃষ্ঠা চাওক। |
জম্মু আৰু কাশ্মীৰ | |||
---|---|---|---|
— ৰাজ্য — | |||
|
|||
ভাৰতত জম্মু আৰু কাশ্মীৰৰ অৱস্থান | |||
ভৌগোলিক স্থানাংক: 33.45°N 76.24°E / 33.45; 76.24 | |||
দেশ | ভাৰত | ||
অঞ্চল | উত্তৰ ভাৰত | ||
স্থাপিত | ২৬ অক্টোবৰ ১৯৪৭, ২৬ অক্টোবৰ ১৯৪৭ (1947-10-26) (৭৬ বছৰ পূৰ্বে) | ||
ৰাজধানী | দুখন
|
||
জিলা | ২২ | ||
চৰকাৰ[*] | |||
- পৰিষদ | জম্মু আৰু কাশ্মীৰ চৰকাৰ | ||
- ৰাজ্যপাল | নৰিন্দৰ নাথ ব’হৰা | ||
- মুখ্য মন্ত্ৰী | মুফ্টি ম’হম্মদ চয়ীড (পি.ডি.পি.) | ||
- আইনসভা | ৮৯ + ৩৬ আসন | ||
- লোকসভা সমষ্টি | ৬ | ||
মাটিকালি | |||
- মুঠ | ২,২২,২৩৬ কি.মি.২ (৮৫,৮০৫.৮ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ৫তম | ||
উচ্চতা | ৩২৯ মিটাৰ (১,০৭৯.৪০ ফুট) | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ১,২৫,৪৮,৯২৬ জন | ||
- স্থান | ১৯তমতম | ||
- জনঘনত্ব | ৫৬.৫ প্ৰতি বৰ্গ কি.মি. (১৪৬.২ প্ৰতি বৰ্গ মাইল) |
||
সময় অঞ্চল | ভামাস (গ্ৰী.মা.স.+০৫:৩০) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-JK | ||
মা বি সূ | ০.৬০১ (মধ্যম) | ||
মা বি সূ স্থান | ১৭তম (২০০৫) | ||
সাক্ষৰ | ৬৬.৭০% (২১তম | ||
আধিকাৰিক ভাষা | ইংৰাজী, উৰ্দু | ||
ৱেবছাইট | jk.gov.in |
স্বাধীনতাৰ পূৰ্বৰ ব্ৰিটিছ শাসিত জম্মু আৰু কাশ্মীৰ প্ৰিন্সলি প্ৰদেশৰ অধিকাৰকলৈ পাছৰ সময়ত ভাৰত,পাকিস্তান আৰু চীনৰ মাজত বহুবাৰ বিবাদ হৈছে, আৰু এইসমূহৰ সম্পূৰ্ণ সমাধান এইপৰ্যন্ত হোৱা নাই। পাকিস্তানে নিজৰ বুলি দাবী কৰা ভাৰতৰ নিয়ন্ত্ৰণাধীন[4] কাশ্মীৰৰ ভূখণ্ডক "ভাৰত অধিকৃত কাশ্মীৰ" বুলি অভিহিত কৰে। আনহাতেদি ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাই কাশ্মীৰৰ এই অংশক "ভাৰতীয় শাসনাধিস্থ কাশ্মীৰ" বুলি ক’ব খোজে।[5] পাকিস্তানৰ নিয়ন্ত্ৰণাধীন কাশ্মীৰৰ অংশক ভাৰতত ভিতৰত "পাক অধিকৃত কাশ্মীৰ (PoK)", পাকিস্তানত "আজাদ (স্বাধীন) জম্মু আৰু কাশ্মীৰ" আৰু সধাৰণ ভাবে "পাকিস্তান শাসনাধিস্থ কাশ্মীৰ" বুলি জনা যায়।[6][7][8][9][10] চীনৰ নিয়ন্ত্ৰণাধীন কাশ্মীৰৰ অংশক আক্চাই চীন বুলি জনা যায়।
জম্মু আৰু কাশ্মীৰ তিনিটা মূল অংশৰে গঠিত: জম্মু, কাশ্মীৰ উপত্যকা আৰু লাডাখ। গ্ৰীষ্মকালত ৰাজ্যখনৰ ৰাজধানী শ্ৰীনগৰ আৰু শীতকালত ৰাজধানী কাশ্মীৰ। কাশ্মীৰ উপত্যকা ইয়াৰ পৰ্বতমালা আৰু প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াত থকা পবিত্ৰ তীৰ্থস্থান সমূহৰ বাবে বিখ্যাত। প্ৰতি বছৰে হাজাৰ হাজাৰ হিন্দু তীৰ্থ যাত্ৰী এই তীৰ্থসমূহ দৰ্শনৰ বাবে কাশ্মীৰলৈ আহে। পৰ্বতৰ নৈসৰ্গিক সৌন্দৰ্য আৰু বৌদ্ধ ধৰ্মীয় সংস্কৃতিৰ বাবে বিখ্যাত লাডাখক "লিটল (সূক্ষ্ম) তিব্বত" বুলিও জনা যায়। জম্মু আৰু কাশ্মীৰ ভাৰতৰ একমাত্ৰ মুছলিম সংখ্যাগৰিষ্ঠ ৰাজ্য।[11]