জলকুঁৱৰী
From Wikipedia, the free encyclopedia
লোককথা অনুসৰি জলকুঁৱৰী বা জলপৰী বা মৎস্যকন্যা (ইংৰাজী: Mermaid) হৈছে জলভাগত নিবাস কৰা একপ্ৰকাৰৰ জীৱ। দেহৰ নিম্নাংশ ফিছাৰে সৈতে মাছৰ আকৃতিধাৰী জলকুঁৱৰীৰ দেহৰ উৰ্দ্ধাংশ মানৱীৰ।[1] ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন সংস্কৃতিৰ লোককথাসমূহত জলকুঁৱৰীৰ উপস্থিতি দেখা পোৱা যায়।
জন ৱিলিয়াম ৱাটাৰহাউছৰ দ্বাৰা অংকিত এ মাৰমেইড (১৯০০). | |
শ্ৰেণী | কিংবদন্তি |
---|---|
উপশ্ৰেণী | জলভাগৰ আত্মা |
দেশ | গোলকীয় |
প্ৰাচীন এছিৰিয়াত দেৱী এটাৰ্গেটিছে দুৰ্ঘটনাক্ৰমে নিজৰ মানৱ প্ৰেমিকৰ প্ৰাণনাশ কৰাৰ বাবে লজ্জিত হৈ জলকুঁৱৰীৰ ৰূপ ধাৰণ কৰে। বানপানী, ধুমুহা, জাহাজ দুৰ্ঘটনা আৰু সলিল সমাধি আদি কোনো কোনো বিনাশকাৰী ঘটনাৰ সৈতে কেতিয়াবা জলকুঁৱৰীক জড়িত কৰা হয়। কোনো কোনো সময়ত তেওঁলোকক দয়ালু বা উপকাৰী ৰূপতো দেখা পোৱা যায়। এনে ক্ষেত্ৰত তেওঁলোকে হয়তো কোনো মানৱৰ প্ৰেমত পৰে নতুবা কাৰোবাক বৰদান দিয়ে।
জলকুঁৱৰীৰ সমকক্ষ পুংলিংগধাৰী প্ৰাণী হৈছে জলকোঁৱৰ। লোককথাসমূহৰ লগতে চিহ্নকলাত (ইংৰাজী: heraldry) সততে দেখা পোৱা জলকোঁৱৰৰ প্ৰাসংগিকতা বিভিন্ন ক্ষেত্ৰত জলকুঁৱৰীতকৈ কম হোৱা পৰিলক্ষিত হয়। তেওঁলোক স্ত্ৰী অৰ্থাৎ জলকুঁৱৰীসমূহৰ সৈতে একেলগে থাকে বুলি ধাৰণা কৰা হয়। দুয়োবিধ জীৱকে একেলগে জলমানৱ (ইংৰাজী: merfolk, merpeople) বুলি কোৱা হয়।
পশ্চিমীয়া দেশসমূহত জলকুঁৱৰীৰ ধাৰণাটো গ্ৰীক কিংবদন্তিৰ ছাইৰেনৰ দ্বাৰা প্ৰভাৱাম্বিত হোৱাৰ সম্ভাৱনা আছে। ছাইৰেনসমূহৰ অৰ্ধাংশ পক্ষী যদিও খ্ৰীষ্টিয়ান কালত তেওঁলোকক অৰ্ধ-মৎস্য ৰূপত চিত্ৰায়িত কৰা হয়। ইতিহাসত জলকুঁৱৰী দেখা পোৱাৰ উল্লেখ, যেনে কলম্বাছে কেৰিবিয়ান অভিযানৰ সময়ত দিয়া প্ৰতিবেদন সম্বন্ধে কোৱা হয় যে তেওঁ হয়তো মেনাটি (সামুদ্ৰিক গৰু) বা আন কোনো জলজ জীৱহে দেখা পাইছিল। জলকুঁৱৰীৰ উপস্থিতিৰ কোনো বিশ্বাসযোগ্য প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই যদিও জলকুঁৱৰী দেখা পোৱাৰ ঘটনাৰ প্ৰতিবেদন বৰ্তমান সময়তো লাভ কৰি থকা হৈছে।
বিগত শতিকাসমূহত হেন্স খ্ৰীষ্টিয়ান এণ্ডাৰছনৰ সাধুকথা দ্য লিটল মাৰমেইডকে (১৮৩৬) আদি কৰি কলা আৰু সাহিত্যৰ বিভিন্ন সৃষ্টিসমূহত জলকুঁৱৰী বিষয়টো জনপ্ৰিয় হিচাপে পৰিগণিত হৈছে।