এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী From Wikipedia, the free encyclopedia
ক্ৰিষ্টোফাৰ কলম্বাছ (ইংৰাজী: Christopher Columbus) আছিল এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়। যদিও তেখেত আমেৰিকাত উপস্থিত হোৱা প্ৰথমগৰাকী ব্যক্তি নাছিল (একাদশ শতিকাতে লেইফ এৰিকছনে আমেৰিকাত উপস্থিত হৈছিল)।[3] তথাপি তেখেতৰ অভিযানে ইউৰোপ আৰু আমেৰিকাৰ মাজত নতুন সংযোগ স্থাপন কৰিছিল, যাৰ ফলত আমেৰিকাত ইউৰোপীয় ঔপনিৱেশবাদৰ নতুন অধ্যায় স্থাপন হৈছিল।
ক্ৰিষ্টোফাৰ কলম্বাছ | |
---|---|
Posthumous portrait of Christopher Columbus by Sebastiano del Piombo, 1519. There are no known authentic portraits of Columbus.[1] | |
জন্ম | Before 31 October 1451 Genoa, Republic of Genoa |
মৃত্যু | 20 May 1506 (aged প্ৰায় 54) Valladolid, Crown of Castile |
অন্য নাম |
|
পেচা | Maritime explorer |
পদবী | Admiral of the Ocean Sea; Viceroy and Governor of the Indies |
ধৰ্ম | Roman Catholic |
দাম্পত্যসঙ্গী | Filipa Moniz Perestrelo |
অংশীদাৰ | Beatriz Enríquez de Arana |
সন্তান | Diego Fernando |
আত্মীয়-স্বজন | Brothers: Giovanni Pellegrino Giacomo (also called Diego)[2] Bartholomew Sister: Bianchinetta Columbus |
স্বাক্ষৰ | |
১৪৫১ চনৰ ৩১ অক্টোবৰৰ আগতেই জিন'আ প্ৰজাতন্ত্ৰত (এতিয়া আধুনিক ইটালীৰ অংশ) কলম্বাছৰ জন্ম হৈছিল যদিও প্ৰকৃত স্থান এতিয়াও সঠিককৈ নিৰ্ণয় হোৱা নাই।[4]তেখেতৰ দেউতাক ডমেনিক' কলম্ব' আছিল এজন মধ্যবিত্ত শ্ৰেণীৰ ঊণ গুঠোতা। তদুপৰি এটা চীজ তৈয়াৰী কাৰখানা আছিল য'ত কলম্বাছে সহায়ক হিচাপে কাম কৰিছিল। মাকৰ নাম আছিল চুছান্না ফণ্টানাৰ'চ্ছা। তেখেতৰ তিনিজন ভায়েক আৰু এজনী ভনীয়েক আছিল।
১৪৭৩ চনত কলম্বাছ জিন'আৰ দুটা সম্ভ্ৰান্ত পৰিয়ালৰ ব্যৱসায়িক প্ৰতিনিধি হিচাপে নিযুক্ত হয়। ১৪৭৬ চনত জিন'আৰ দ্বাৰা উত্তৰ ইউৰোপলৈ পঠিওৱা এখন মূল্যৱান জাহাজত সশস্ত্ৰ কৰ্মী হিচাপে অংশ লয়। ১৪৭৭ চনৰ শৰৎ কালত কলম্বাছে এখন পতুৰ্গীজ জাহাজত গেলৱেৰ পৰা লিছবনলৈ যায়। তাতে তেওঁ ভায়েক বাৰ্তল'মিৱ'ৰ লগ হৈ ব্যৱসায়িক প্ৰতিনিধিৰ কাম অব্যাহত ৰাখে।
উচ্চাকাংক্ষী কলম্বাছে লেটিন, পতুৰ্গীজ আৰু কেষ্টিলিয়ান ভাষা শিকিছিল। তদুপৰি তেওঁ টলেমি, পিয়েৰি দ'এইলি, মাৰ্ক' প'ল', চাৰ জন মেণ্ডেভাইল, প্লিনি আৰু পপ পাইয়াছ (দ্বিতীয়)-ৰ কৰ্মসমূহৰ লগতে জ্যোতিৰ্বিদ্যা, ভূগোল আৰু বুৰঞ্জী বিশদভাৱে অধ্যয়ন কৰিছিল।
কলম্বাছে গৱৰ্ণৰ প'ৰ্ট' চাণ্ট'ৰ জীয়েক ফিলিপা মনিজ পেৰেষ্ট্ৰেল'ক বিয়া কৰায়।[5]১৪৭৯ বা ১৪৮০ চনত তেওঁৰ পুতেক ডিয়েগ' কলম্বাছৰ জন্ম হয়। কিছুমান তথ্য মতে কলম্বাছৰ প্ৰথমা পত্নীৰ মৃত্যু হৈছিল। কোনোৱে এইবুলিও অনুমান কৰে যে কলম্বাছে ফিলিপাক এৰি দিছিল। কলম্বাছৰ ১৪৮৭ চনত বিয়েট্ৰিজ এনৰিকুৱেজ দে আৰাণা(Beatriz Enriquez de Arana) নামৰ বিশ বছৰীয়া ঘাটমাউৰা ছোৱালীৰ সৈতে সম্পৰ্ক স্থাপন হয়।[6]বিয়েট্ৰিজৰ ফালৰ পৰা তেওঁৰ এটা সন্তান জন্মিছিল আৰু নাম ৰখা হৈছিল ফাৰ্ণাণ্ডো।
ইউৰোপীয়সকলে বহুবছৰ ধৰি ঐতিহাসিক ছিল্কৰোডৰ সহায়ত ভাৰতীয় উপমহাদেশ আৰু চীনদেশৰ লগত বেপাৰ বাণিজ্য চলাই আহিছিল। কিন্ত ১৪৫৩ চনত তুৰ্কীৰ শাসনকৰ্তাৰ হাতত কনষ্টাণ্টিপলৰ পতন হোৱাত ছিল্কৰোড বহুত কঠিন আৰু ভয়াবহ হৈ পৰে। ফলত ইউৰোপীয়সকলে বিকল্প পথৰ সন্ধান কৰিবলৈ বাধ্য হয়। কেইবাজনো পতুৰ্গীজে এই ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখে। ১৪৮৮ চনত বাৰ্টল'মিউ ডায়াছ নামৰ অনুসন্ধানকাৰীজনে দক্ষিণ আফ্ৰিকাত পদাৰ্পণৰ যোগেদি এই ক্ষেত্ৰত সাফল্য লাভ কৰে। সেই সময়তে কলম্বাছেও ১৪৮০ চনৰ পৰাই ভায়েকৰ সৈতে মিলি ভাৰতীয় উপমহাদেশত যোৱাৰ বিকল্প পথৰ সন্ধানত আছিল। তেখেতে পশ্চিম দিশেৰে গৈ আটলাণ্টিক মহাসাগৰ অতিক্ৰমি ভাৰতত উপস্থিত হোৱাৰ কথা চিন্তা কৰিছিল।
কলম্বাছে আৰবীয় জ্যোতিৰ্বিদ আফ্ৰাগেনিছৰ তথ্যৰ পৰা শিকিছিল যে অক্ষৰেখা বা দ্ৰাঘিমাৰেখাই এক ডিগ্ৰী ব্যৱধানত ৫৬.৬৭ মাইল অতিক্ৰম কৰে। কিন্তু কিলোমিটাৰলৈ পৰিৱৰ্তন কৰোঁতে তেওঁ ভুল কৰি পেলাইছিল। কাৰণ জ্যোতিৰ্বিদ আফ্ৰাগেনিছৰ তথ্যত আৰবীয় পদ্ধতি ব্যৱহাৰ কৰি মাইলৰ হিচাপ দেখুওৱা হৈছিল। কিন্তু কলম্বাছে ৰোমান পদ্ধতি ব্যৱহাৰ কৰি মাইলৰ পৰা কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিছিল। ৰোমান পদ্ধতিত মাইলৰ হিচাপ আৰবীয় পদ্ধতিতকৈ সৰু। এইদৰে কলম্বাছৰ হিচাপত পৃথিৱীৰ পৰিধি ৩০,২০০ কিলোমিটাৰ ওলাইছিল যিটো আছিল প্ৰকৃততে ৪০০০০ কিলোমিটাৰ।[7]
তদুপৰি কলম্বাছে অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ ক্ষেত্ৰত সেইদিনত থকা কিছু ভুল ধাৰণাৰ বাবে কেনাৰী দ্বীপৰ পৰা জাপানৰ দূৰত্ব ৩৭০০ কিলোমিটাৰ বুলি ভাবিছিল। কিন্তু আধুনিক বিশেষজ্ঞৰ মতে প্ৰকৃত দূৰত্ব ১২,৫০০ কিলোমিটাৰ।
১৪৮৫ চনত পতুৰ্গালৰ ৰজা জন(দ্বিতীয়)ৰ ওচৰত কলম্বাছে নিজৰ পৰিকল্পনা ব্যক্ত কৰে। তেওঁ ৰজাৰ ওচৰত আটলাণ্টিক মহাসাগৰ পাৰ হৈ পশ্চিমৰ পথ অনুসন্ধান কৰিবলৈ তিনিখন জাহাজ আৰু আন যাৱতীয় সামগ্ৰীৰ প্ৰস্তাৱ আগবঢ়ায়। কলম্বাছে এইবুলিও অনুৰোধ কৰে যে তেওঁক মহাসাগৰৰ সৰ্বোচ্চ নৌসেনাধ্যক্ষ বনাব লাগিব আৰু তেওঁ আৱিষ্কাৰ কৰা ঠাইৰ পৰা সংগ্ৰহ কৰা উপাৰ্জনৰ দহ শতাংশ দিব লাগিব। ৰজাই পৰিকল্পনাটো অভিজ্ঞ সমিতিক বিচাৰ কৰিবলৈ দিয়ে। কিন্ত সমিতিয়ে সেই পৰিকল্পনা নাকচ কৰে। তেওঁলোকৰ মতে কলম্বাছে উল্লেখ কৰা দূৰত্বটো খুবেই চুটি।[8] ১৪৮৬ চনৰ ১ মে'ত ইবেৰিয়া পেনিনচুলাৰ ৰাণী ইচাবেলাৰ ওচৰত নিজৰ পৰিকল্পনা ব্যক্ত কৰে। ৰাণী ইচাবেলাৰ বিয়া হৈছিল আৰাগনৰ ৰজা ফাৰ্ডিনাণ্ড(দ্বিতীয়)ৰ লগত। তেওঁলোকৰ বিবাহে ইবেৰিয়া পেনিনচুলাৰ বহুকেইখন সাম্ৰাজ্য একত্ৰিত কৰিছিল। ৰাণীয়ে এখন সমিতিৰ ওচৰলৈ কলম্বাছে পৰিকল্পনাটো অনুমোদনৰ বাবে পঠিয়ায়। কিন্তু পূৰ্বৰ দৰে ইয়াতো অনুমোদন লাভত ব্যৰ্থ হ'ল। ইমানতো হতাশ নহৈ ১৪৮৮ চনত কলম্বাছে আকৌ পতুৰ্গালৰ আদালতত আবেদন জনায়। এইবাৰ ৰজাই এখন সভা আহ্বান কৰি কলম্বাছক আমন্ত্ৰণ জনায়। কিন্তু তাতো তেওঁ অসফল হয়। কলম্বাছে পতুৰ্গালৰ পৰা জিন'আ আৰু ভেনিচলৈ যায়, কিন্তু সকলোতে নিৰুৎসাহিত হয়। ইয়াৰ পিছত ভায়েক বাৰ্থল'মিউক ইংলেণ্ডৰ আদালতত পঠিয়ায় যদিও ব্যৰ্থ হয়।
তথাপিও তেওঁৰ পৰিকল্পনা সমূহ পুনৰ বিবেচনা কৰিবলৈ বা বিকল্প উপায় বিচাৰিবলৈ কেথলিক মনাৰ্কে বছৰি ১২০০০ আইবৰয়ান মুদ্ৰা দিবলৈ ঠিক কৰিলে। লগতে ১৪৮৯ চনত কেথলিক মনাৰ্কৰ অধীনৰ আটাইবোৰ চহৰ নগৰত আদেশ দিয়া হ'ল যে কলম্বাছক বিনামূলীয়া থকা খোৱাৰ ব্যৱস্থা দিব লাগে।
স্পেইনৰ আদালতত দুবছৰ যুঁজি অৱশেষত ১৪৯২ চনৰ জানুৱাৰী মাহত কলম্বাছে সফলতা লাভ কৰে। সেই বছৰৰে এপ্ৰিল মাহত ফাৰ্ডিনাণ্ড আৰু ইচাবেলাই কলম্বাছক প্ৰতিশ্ৰুতি দিয়ে যে যদি তেওঁ সফলতা পায় তেওঁক নৌসেনাধ্যক্ষৰ পদ দিয়া হ'ব। লগতে তেওঁ যিবোৰ ঠাই স্পেইনৰ অধীনলৈ আনিব কলম্বাছক সেইবোৰৰ গৱৰ্ণৰ পতা হ'ব। নতুন ঠাইবোৰৰ পৰা উপাৰ্জিত ধনৰ ১০ শতাংশ ধন কলম্বাছে পাব। ইয়াৰ উপৰিও সেই ঠাই সমূহত কৰা বিনিয়োগৰ এক অষ্টমাংশ ধন কলম্বাছে বিনিয়োগ কৰিব পাৰিব আৰু মুঠ লাভৰ এক অষ্টমাংশ পাব।
১৪৯২ আৰু ১৫০৩ চনৰ ভিতৰত কলম্বাছে স্পেইন আৰু আমেৰিকাৰ মাজত চাৰিটা ভ্ৰমণ সমাপন কৰিছিল।
১৪৯২ চনৰ ৩ আগষ্টৰ আবেলি কলম্বাছে পালোচ দি লা ফ্ৰণ্টেৰোৰ পৰা তিনিখন জাহাজেৰে নিজৰ প্ৰথম যাত্ৰা আৰম্ভ কৰে। জাহাজ তিনিখনৰ এখন ডাঙৰ আৰু দুখন সৰু জাহাজ আছিল। ডাঙৰখনৰ নাম আছিল ছাণ্টা মাৰিয়া আৰু সৰু দুখনৰ নাম আছিল পিণ্টা আৰু ছাণ্টা ক্লাৰা বা নিনা। কলম্বাছ প্ৰথমে কেনাৰী দ্বীপপূঞ্জলৈ গ'ল। তাৰ পিছত পাঁচসপ্তাহ যাত্ৰাৰ মূৰত ১২ অক্টোবৰ তাৰিখে এটা নতুন দ্বীপ আৱিষ্কাৰ কৰি নাম দিয়ে চেন চেলভেডোৰ(বৰ্তমানৰ নাম বাহামাছ)। যাত্ৰা অব্যাহত ৰাখি তেওঁ কিউবাৰ উত্তৰ পূবৰ উপকূল আৱিষ্কাৰ কৰে। সেই বৰ্ষৰে ৫ ডিচেম্বৰত তেখেতে হিস্পানিঅ'লাত পদাৰ্পণ কৰে।[9] হিস্পানিঅ'লাতেই বৰ্তমানৰ হাইটি আৰু ডমিনিকান ৰিপাব্লিক অৱস্থিত। কিন্তু তাতেই ছাণ্টা মাৰিয়াখন অচল হৈ পৰাত তেওঁ আন এখন জাহাজত কিছুমান স্থানীয় কয়দী লৈ হিস্পানিঅ'লাৰ উত্তৰে যাত্ৰা কৰে। ১৪৯৩ চনৰ জানুৱাৰী মাহত কলম্বাছ চামানা উপদ্বীপত উপস্থিত হ'ল। যিতো আছিল তেওঁৰ প্ৰথম যাত্ৰাৰ শেষৰটো বিন্দু। অৱশ্যে তাতেই কলম্বাছে যাত্ৰাৰ একমাত্ৰ হিংসাত্মক প্ৰতিৰোধৰ সন্মুখীন হৈছিল। ইয়াৰ পিছত কলম্বাছে নিনা নামৰ জাহাজখনত উঠি ওভতনি যাত্ৰা আৰম্ভ কৰে। ১৪৯৩ চনৰ ৪ মাৰ্চত তেখেতে পতুৰ্গালত লংগৰ পেলায়।
কলম্বাছৰ দ্বিতীয় ভ্ৰমণৰ উদ্দেশ্য আছিল নতুন ঠাই আৱিষ্কাৰ কৰাৰ লগতে আৱিষ্কৃত ঠাই সমূহত নতুন উপনিৱেশ স্থাপন কৰা॥তদুপৰি স্থানীয় মানুহবোৰক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰোৱাটো আন এটা উদ্দেশ্য আছিল। ১৪৯৩ চনৰ ২৫ ছেপ্টেম্বৰত [10] কাডিজ বন্দৰৰ পৰা ১৭খন জাহাজত বাৰশ মানুহ আৰু নতুন বসতি স্থাপনৰ সা-সৰঞ্জাম লৈ কলম্বাছে যাত্ৰাৰম্ভ কৰিলে। তেওঁ লগত নিয়া মানুহৰ ভিতৰত সৈনিক, খেতিয়ক আৰু ধৰ্মগুৰুও আছিল।[11]
এই যাত্ৰাত বহুতো দ্বীপ আৱিষ্কাৰ হৈছিল। তাৰ ভিতৰত আছিল ডমিনিকা (Dominica), মাৰিয়া গেলেণ্ট (Maria Galant), গুৱাদালুপ (Guadeloupe), মণ্টচেৰাট (Monteserrat), এণ্টিগুৱা (Antigua), চিণ্ট ইউষ্টেকিয়াছ (Sint Eustitius), ৰেডণ্ডা (Redonda), নেভিছ (Nevis), চেইণ্ট কিটছ্ (Saint kitts), চাবা (Saba), চেইণ্ট মাৰ্টিন (Saint martin), চেইণ্ট ক্ৰইক্স (Saint Croix)। কলম্বাছে ভাৰ্জিন দ্বীপ প্ৰত্যক্ষ কৰিছিল আৰু আখ্যা দিছিল এইদৰে, Island of Saint Ursula and 11000 virgin। তদুপৰি তেওঁ ভাৰ্জিন গৰ্ডা (Virgin Gorda), টৰ্টলা (Tortola) আৰু পিটাৰ দ্বীপ (Peter island)-ৰ নামকৰণ কৰে।
২২ নৱেম্বৰত হিস্পানিঅ'লা দ্বীপলৈ ঘূৰি আহে। তাতে তেওঁ লা নেভিডাড নামৰ এটা দুৰ্গ নিৰ্মাণ কৰিছিল। কিন্তু তেওঁ দুৰ্গটো ধ্বংসপ্ৰাপ্ত অৱস্থাত প্ৰত্যক্ষ কৰে আৰু তাতে থাকিবলৈ দিয়া ৩৯জন স্পেইনীয় মানুহৰ ভিতৰত ১১ জনক মৃত অৱস্থাত পায়।[12]এই কাৰ্য কৰিছিল তাতে থকা টেইন'(Taino) নামৰ জনজাতিৰ লোকে। ইয়াকে দেখি উত্তৰ উপকূলৰ পাৰে পাৰে পূবপিনে এশ কিঃমিঃ গৈ লা ইছাবেলা নামৰ ঠাইত নতুন বসতি স্থাপন কৰে। যিখন ঠাই বৰ্তমান ডমিনিকান ৰিপাব্লিক বুলি জনা যায়। এইদৰে তেওঁৰ দ্বিতীয় ভ্ৰমণৰ অন্ত পৰে।[13]
১৪৯৮ চনৰ ৩০মে'ত ছখন জাহাজ লৈ স্পেইনৰ পৰা তৃতীয়টো যাত্ৰাত ওলাল। ইয়াৰে তিনিখন জাহাজ হিস্পানিঅ'লালৈ ৰছদ-পাতি কঢ়িয়াই নিছিল। বাকী তিনিখন জাহাজ লৈ নিজৰ সাগৰীয় অনুসন্ধান আৰম্ভ কৰিলে। এইবাৰ তেওঁৰ লক্ষ্য আছিল কেৰেবিয়ান দ্বীপপূঞ্জৰ দক্ষিণে গৈ এছিয়া মহাদেশত প্ৰৱেশ কৰা। তেখেতে আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰাৰ সময়তে মন কৰে যে তেওঁৰ লগত থকা চুম্বকীয় কম্পাছে দেখুওৱা উত্তৰ দিশৰ লগত আকাশৰ ধ্ৰুৱতৰাৰ স্থানৰ মিল নাই। এই পৰিঘটনাটোক কোৱা হয় কম্পাছ বৈসাদৃশ্যতা (Compass Variation)।[14]ইয়াৰ পিছত কেইদিনমান সাগৰ শান্ত হৈ থকাৰ পিছতে এদিন হঠাৎ সাগৰে ৰূদ্ৰমূৰ্তি ধাৰণ কৰিলে। ভয়ানক বতাহ আৰু প্ৰকাণ্ড ঢৌৰ তীব্বতাৰ মাজত তিষ্ঠিব নোৱাৰি পিছুৱাই য'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল তালৈ উলটিব বাধ্য হ'ল। জাহাজত পুনৰ খাদ্য আৰু পানী বোজাই লৈ পুনৰ সাগৰত জাহাজ মেলি দিলে। এইবাৰ তেওঁ গাল্ফ অফ্ পাৰিয়া আৱিষ্কাৰ কৰিলে যি ত্ৰিনিদাদ আৰু বৰ্তমানৰ ভেনিজুৱালাক পৃথক কৰিছে। ইয়াৰ পিছত তেওঁ দক্ষিণ আমেৰিকাৰ মূল ভূমি স্পৰ্শ কৰিবলৈ সক্ষম হ'ল। তেওঁ বুজি পালে যে তেওঁ কোনো এখন মহাদেশত ভৰি দিছে। মহাদেশখনৰ ওচৰে পাঁজৰে কেইদিনমান ঘূৰি পকি ১৯ আগষ্টত ভগ্নস্বাস্থ্য লৈ হিস্পানিঅ'লালৈ ঘূৰি আহিল।
কিন্ত ইতিমধ্যে হিস্পানিঅ'লাত তেওঁ স্থাপন কৰি যোৱা মানুহবোৰেই তেওঁৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। কলম্বাছৰ বিৰুদ্ধে ভুল ব্যৱস্থাপনাৰ অভিযোগ অনা হৈছিল। তেওঁ অৰ্থনৈতিক লাভৰ বাবে স্থানীয় মানুহবোৰক ক্ৰীতদাস বনাব বিচাৰিছিল যাৰ বাবে তেওঁলোকক খ্ৰীষ্টধৰ্মত দীক্ষিত কৰাব বিচৰা নাছিল।[15] বহুতো স্থানীয় বাসিন্দাক কলম্বাছৰ উদ্যোগত ক্ৰীতদাস হিচাপে বিক্ৰী কৰা হৈছিল। তদুপৰি কলম্বাছে তেওঁৰ অবাধ্য হোৱা জাহাজাৰ কৰ্মীবোৰক ফাঁচিকাঠত ওলমাইছিল। কেইবাজনো নাবিক আৰু হিস্পানিঅ'লাত নতুনকৈ বসতি আৰম্ভ কৰা স্পেইনীয় লোকে কলম্বাছ আৰু তেওঁৰ ভ্ৰাতৃৰ বিৰুদ্ধে স্পেইনৰ আদালতত গোচৰ দিছিল। ১৫০০ চনত স্পেইনৰ ক্ৰাউনৰ আদেশত তেওঁক গভৰ্ণৰ পদৰ পৰা আতঁৰাই বন্দী কৰি স্পেইনলৈ লৈ যোৱা হয়। ফ্ৰান্সিস্কো দে' ববডিলা নামৰ এজনক গৱৰ্ণৰ পদত বহুওৱা হৈছিল। ভ্ৰাতৃৰ সৈতে কলম্বাছৰ ছসপ্তাহ জেল হয়। ৰজা ফাৰ্ডিণাণ্ডৰ বদান্যতাত কলম্বাছে মুক্তি পায় তথা চতুৰ্থ ভ্ৰমণৰ বাবেও আৰ্থিক সাহায্য লাভ কৰে। কিন্তু গৱৰ্ণৰৰ পদ চিৰদিনৰ বাবে হেৰুৱায়।
কলম্বাছৰ চতুৰ্থ যাত্ৰাৰ উদ্দেশ্য আছিল ভাৰত মহাসাগৰত ষ্ট্ৰেইট অফ মালাক্কাৰ সন্ধান কৰা। ১৫০২ চনৰ ১১ মে' তাৰিখে চাৰিখন জাহাজত নিজৰ ভায়েক বাৰ্তল'মিৱ' আৰু তেওঁৰ তেৰ বছৰীয়া পুতেক ফাৰ্ণাণ্ডৰ সৈতে কাডিজ বন্দৰৰ পৰা চতুৰ্থ যাত্ৰা আৰম্ভ কৰিলে। ১৫ জুনত তেওঁলোকে মাৰ্টিনিক্যু ভৰি দিলে। কিন্তু সেই সময়তে কলম্বাছে এজাক প্ৰচণ্ড ধুমুহা অহাৰ অনুমান পালে। গতিকে তেওঁ হিস্পানিঅ'লালৈ আশ্ৰয় বিচাৰি গ'ল। কিন্তু নতুন গভৰ্ণৰ ফ্ৰান্সিস্কো দে' ববডিলাই তেওঁৰ কথা কাণ নকৰি সাগৰত স্পেইনৰ বাণিজ্যিক জাহাজ মেলি দিলে। অৱশেষত ১ জুলাই তাৰিখে অহা প্ৰচণ্ড ধুমুহাই ববডিলাৰ লগত যোৱা ৩০খন জাহাজৰ ২৯খনেই ধ্বংস হ'ল। লগতে ববডিলাকে ধৰি ৫০০জন মানুহৰ সলিল সমাধি ঘটিল। জামাইকাত কিছুদিন ৰৈ কলম্বাছে মধ্য আমেৰিকাৰ পিনে গৈ ৩০ জুলাইত হণ্ডুৰাছৰ উপকূলৰ বে' দ্বীপত উপস্থিত হ'ল। তাত বাৰ্তল'মিৱ'য়ে স্থানীয় ব্যৱসায়ী কিছুমানক লগ পোৱাৰ উপৰিও এখন দীঘল পেডেল মৰা নাও দেখিলে। ১৪ আগষ্টত তেওঁলোক পুৱেৰ্ট কেষ্টিলা নামৰ ঠাইত মহাদেশৰ মূল ভূখণ্ডত ভৰি থলে। ইয়াৰ পিছত কলম্বাছে দুমাহ ধৰি হণ্ডুৰাছৰ উপকূল,নিকাৰগুৱা আৰু ক'ষ্টাৰিকা আৱিষ্কাৰ কৰি ১৬ অক্টোবৰত পানামা দেশত আলমিৰেণ্ট উপদ্বীপত উপস্থিত হ'ল। ১৫০২ চনৰ ৫ ডিচেম্বৰত কলম্বাছ আৰু জাহাজৰ কৰ্মীসকলে আগতে নেদেখা ধুমুহাৰ সন্মুখীন হ'বলগীয়া হ'ল। ১৬ এপ্ৰিলত হিস্পানিঅ'লা অভিমুখে ৰাওনা হ'ল। ১০ মে'ত তেওঁলোকে এটা নতুন দ্বীপ দেখিলে যিটো সাগৰীয় কাছৰে ভৰি আছিল। দ্বীপটোৰ নাম দিয়া হ'ল লাছ টৰ্টুগাছ(Las Tortugas)। ইয়াৰ পিছত আকৌ সাগৰীয় ধুমুহাৰ তীব্ৰতাই তেওঁলোকৰ জাহাজৰ যথেষ্ট ক্ষতিসাধন কৰে যাৰ ফলত তেঔঁলোকে আগুৱাব নোৱাৰি ১৫০৩ চনৰ ২৫ জুনত জামাইকাত ৰ'ব লগা হ'ল। এবছৰৰ বাবে কলম্বাছ আৰু তেওঁৰ সহকৰ্মীসকলে জামাইকাতে খাপ পিটি ৰ'ল। দুই এজন স্পেনিয়াৰ্ড আৰু আৰু স্থানীয় লোকে সহায় আগবঢ়ালে যদিও হিস্পানিঅ'লাৰ নতুন গভৰ্ণৰে সহায় কৰা আৰু উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিলে।
অৱশেষত বুধিয়ক কলম্বাছে ১৫০৪ চনত ২৯ ফেব্ৰুৱাৰীত আব্ৰাহাম জাকুট'ৰ সাৰণীৰ সহায়ত চন্দ্ৰগ্ৰহণৰ সফল ভৱিষ্যৎবাণী কৰি স্থানীয় বাসিন্দাৰ পৰা আনুগত্য আদায় কৰিবলৈ সমৰ্থ হ'ল।[16][17][18]স্থানীয় বাসিন্দাসকলৰ সহযোগত কলম্বাছে ১৫০৪ চনৰ ২৯ জুনত জামাইকাৰ পৰা যাত্ৰা আৰম্ভ কৰি ৭ নৱেম্বৰত স্পেইনত উপস্থিত হ'ল।
প্ৰথমটো যাত্ৰাৰ পিছতে কলম্বাছক গৱৰ্ণৰ নিযুক্ত কৰা হৈছিল। তেওঁৰ শাসনৰ ৰাজধানী আছিল চাণ্ট ডমিংগ। কিন্ত তৃতীয় ভ্ৰমণৰ পিছতে তেওঁৰ অপশাসনৰ বিৰুদ্ধে অভিযোগ আহি আদালত পাইছিলহি। তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা গৱৰ্ণৰ ফ্ৰান্সিস্কো দে' ববডিলাক সেই অভিযোগ তদন্ত কৰাৰ দায়িত্ব দিয়া হৈছিল। তদন্তৰ প্ৰতিবেদনত কলম্বাছৰ বিৰুদ্ধে শাসনৰ নামত নিয়মীয়া হাৰাশাস্তি আৰু অত্যাচাৰৰ অভিযোগ অনা হৈছিল। ২০০৬ চনত সেই তদন্তৰ প্ৰতিবেদনখন উদ্ধাৰ কৰা হৈছে য'ত কলম্বাছ আৰু তেওঁৰ ভায়েকৰ সাত বছৰীয়া কুশাসনৰ কথা উল্লেখ আছে।[19] কলম্বাছে সামান্য দোষতে নাক-কাণ কটাৰ দৰে গুৰু শাস্তি দিছিল। তদুপৰি স্থানীয় বাসিন্দাৰ মাজত বিদ্ৰোহ হলে বিদ্ৰোহীসকলক হত্যা কৰি মৃতদেহৰ সমদল উলিওৱা হৈছিল। যাতে আন বাসিন্দাৰ মনত ভয়ৰ সঞ্চাৰ হয়। তদুপৰি তেওঁ বহুতো লোকক দাস হিচাপে বিক্ৰী কৰিছিল। এইবোৰ কাৰণতে কলম্বাছক বন্দী কৰি গৱৰ্ণৰ পদৰ পৰা আতঁৰোৱা হয়।
কলম্বাছে জীৱনৰ শেষৰ পিনে দুখন কিতাপ লিখি উলিয়ায়। ১৫০২ চনত এ বুক অফ্ প্ৰিভিলেজ নামৰ কিতাপখন প্ৰকাশ কৰি উলিয়ায়। এই কিতাপখনত তেওঁ স্পেইনৰ ক্ৰাউনৰ পৰা পোৱা বঁটা সন্মানৰ বিষয়ে উল্লেখ কৰিছিল যিবোৰ তেওঁ নিজৰ আৰু উত্তৰাধিকাৰীসকলৰ নামত থাকিব বুলি বিশ্বাস কৰিছিল। আৰু ১৫০৫ চনত প্ৰকাশ পোৱা দ্বিতীয়খন কিতাপ বুক অফ প্ৰফেচিছত অনুসন্ধানকাৰী হিচাপে নিজৰ সাফল্যৰ বিষয়ে উল্লেখ কৰিছিল।[20][21]
কলম্বাছে স্পেইনৰ ক্ৰাউনক আৱিষ্কৃত ভূমিসমূহৰ পৰা হোৱা লাভৰ ১০ শতাংশ দাবী কৰিছিল যদিও সেই দাবী খাৰিজ কৰা হৈছিল।
পিছৰ জীৱনত কলম্বাছে ইনফ্লুৱেঞ্জা, জ্বৰ, নাকৰ পৰা তেজ ওলোৱা আদি ৰোগত ভুগিছিল। তদুপৰি তেওঁ গাউট নামৰ এটি গাঁঠিৰ ৰোগত ভুগিছিল যিয়ে তেওঁক খুব পীড়া দিছিল। অৱশ্যে বৰ্তমানৰ চিকিৎসা বিজ্ঞানে তেখেতৰ ৰেইটাৰচ চিনড্ৰ'ম নামৰ ৰোগ হোৱা বুলি সদৰী কৰিছে।[22][23] ১৫০৬ চনৰ ২০ মে'ত সম্ভৱত ৫৪ বছৰ বয়সত স্পেইনৰ ভেল্লাডলিডত কলম্বাছৰ মৃত্যু হয়।
কলম্বাছে আমেৰিকাত ভৰি থোৱা দিনটো (১২ অক্টোবৰ) প্ৰতি বছৰে স্পেইন আৰু কানাডাৰ বাহিৰে গোটেই আমেৰিকা মহাদেশত পালন কৰি অহা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত এই দিনটো কলম্বাছ দিৱস বুলি কোৱা হয়। ১৮৯৩ চনত কলম্বাছে আমেৰিকাত পদাৰ্পণ কৰাৰ ৪০০তম বাৰ্ষিকী চিকাগো চহৰত পালন কৰা হৈছিল।[24] ছমাহ ধৰি চলা সেই উৎসৱত ২৭ মিলিয়ন লোকে অংশগ্ৰহণ কৰিছিল। আমেৰিকাৰ ডাকবিভাগে কলম্বাছৰ নামত ডাকটিকট ছপাইছিল।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.