টি এছ ইলিয়ট
From Wikipedia, the free encyclopedia
টি এছ ইলিয়ট (ইংৰাজী: T. S. Eliot, সম্পূৰ্ণ নাম Thomas Stearns Eliot) বিগত অৰ্ধ শতাব্দীৰ কাব্য সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ আছিল। কবিত্ব আৰু দাৰ্শনিক চিন্তাধাৰাই তেওঁৰ প্ৰতিভা সাৰ্থক কৰি তুলিছে। ইলিয়টৰ শ্ৰেষ্ঠ পৰিচয় হ’ল তেওঁ এগৰাকী কবি। এই যুগৰ কবিতাৰ নতুন ধাৰা প্ৰবৰ্তন কৰা পুৰোহিত। বিশ্বৰ সকলো আধুনিক কবিৰ ওপৰত তেওঁ অসামান্য প্ৰভাৱ বিস্তাৰ কৰে। কাব্য সাহিত্যৰ এক নতুন ধাৰাৰ তেওঁ প্ৰধান প্ৰবক্তা। জীৱনক ভাল পাইও মোহমুক্ত দৃষ্টিৰে জগত আৰু জীৱনৰ যি ধ্ৰুপদী ব্যাখ্যা তেওঁ দিছিল অলংকাৰ বৰ্জিত ভাষাৰে, ইয়েই এই যুগৰ কাব্য-সাহিত্যত যুগান্তৰ সৃষ্টি কৰিছিল। যুদ্ধোত্তৰ যুগৰ অৱসাদ, সংশয় আৰু ক্লেদাক্ত জীৱন যন্ত্ৰণা প্ৰতিফলিত হৈছেল তেওঁৰ কবিতাত। নতুন চিন্তাধাৰাক ৰূপায়িত কৰাৰ বাবে তেওঁ নতুন আঙ্গিক আৰু ৰচনা শৈলীৰ আশ্ৰয় গ্ৰহণ কৰে। কাব্য চিন্তাৰ ক্ষেত্ৰতো ইলিয়টে পূৰ্বসুৰীসকলতকৈ স্বতন্ত্ৰ আৰু মৌলিক আছিল।[3]
টি এছ ইলিয়ট | |
---|---|
টি এছ ইলিয়ট, ১৯৩৪ | |
জন্ম | থমাছ ষ্টাৰ্নছ এলিয়ট ২৬ ছেপ্টেম্বৰ, ১৮৮৮ ছেণ্ট লুইছ, মিছৌৰী |
মৃত্যু | ৪ জানুৱাৰী, ১৯৬৫ (৭৬ বছৰ) লণ্ডন, ইংলেণ্ড |
পেচা | কবি, নাট্যকাৰ, সমালোচক আৰু সম্পাদক |
নাগৰিকত্ব | জন্মসূত্ৰে আমেৰিকান; ১৯২৭ চনৰপৰা ব্ৰিটিছ |
শিক্ষা | কলা স্নাতক দৰ্শন বিভাগত |
মাতৃশিক্ষায়তন | হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় মেট্ৰন কলেজ, অক্সফৰ্ড |
সময় | ১৯০৫–১৯৬৫ |
সাহিত্যিক বিপ্লৱ | আধুনিকতাবাদ |
উল্লেখনীয় কৰ্মৰাজি | The Love Song of J. Alfred Prufrock (১৯১৫), The Waste Land (১৯২২), Four Quartets (১৯৪৪) |
উল্লেখযোগ্য বঁটা | ন'বেল বঁটা (সাহিত্য), ১৯৪৮ চনত, অৰ্ডাৰ অৱ মেৰিট (১৯৪৮) |
দাম্পত্যসংগী | ভিভিয়েন হেগ উদ (১৯১৫–১৯৪৭); ভেলেৰী এলিয়ট (১৯৫৭–১৯৬৫) |
সন্তান | নাই |
প্ৰভাবিত হয়
| |
প্ৰভাবিত কৰে
| |
স্বাক্ষৰ |