তেজপুৰ বালিপাৰা লাইট ৰেলৱে
From Wikipedia, the free encyclopedia
তেজপুৰ বালিপাৰা লাইট ৰেলৱে (ইংৰাজী: Tezpur Balipara Light Railway, চমুকৈ TBLR) ব্ৰিটিছ ভাৰতৰ দৰং জিলাৰ (বৰ্তমান শোণিতপুৰ জিলা) চাহ খেতিয়কসকলৰ বিশেষ প্ৰচেষ্টাত গঢ়ি উঠা এটা বেচৰকাৰী নেৰ'গজ ৰেলসেৱা আছিল। 'তেজপুৰ বালিপাৰা ষ্টীম ট্ৰামৱে কোম্পানী'য়ে বিশেষকৈ চাহপাত কঢ়িয়াবলৈ এই তেজপুৰ-বালিপাৰা ৰেলপথ নিৰ্মাণ কৰিছিল।[1] ১৯৫২ চনত ভাৰত চৰকাৰে ইয়াক অধিগ্ৰহণ কৰি মিটাৰগজলৈ পৰিবৰ্তন কৰে আৰু ৰাঙাপাৰা-বালিপাৰা খণ্ড বন্ধ কৰি দিয়ে।[2]
ক্ষিপ্ৰ তথ্য উদ্যোগ, স্থাপিত ...
উদ্যোগ | ৰেলৱে |
---|---|
স্থাপিত | ১৮৯২ |
মুখ্য কাৰ্যালয় | তেজপুৰ, ব্ৰিটিছ ভাৰত |
দেশ/অঞ্চল | শোণিতপুৰ জিলা, অসম |
পৰিসেৱা | ৰেল পৰিবহন |
বন্ধ কৰক