ত্ৰিপুৰা সুন্দৰী
From Wikipedia, the free encyclopedia
ত্ৰিপুৰা সুন্দৰী (সংস্কৃত: त्रिापुरी ) এগৰাকী হিন্দু দেৱী। ৰাজাৰাজেশ্বৰী, শোদাশী, কামাক্ষী, ললিতা আদি নামেৰেও তেওঁ পৰিচিত। পৰম দেৱী মহাদেৱীৰ এটা প্ৰধান স্বৰূপ হিচাপে তেওঁৰ পূজা কৰা হয়। হিন্দু ধৰ্মত দেৱীমুখী সম্প্ৰদায়ৰ মাজত প্ৰধানকৈ শক্তিবাদত এই দেৱীৰ পূজা হয়। দশ মহাবিদ্যাৰ ভিতৰতো তেওঁ অন্যতম।[2] বহু শাক্ত গ্ৰন্থত তেওঁ বিভিন্ন নামেৰে উল্লেখ আছে। এই সমূহৰ ভিতৰত ললিতা, সহস্ৰনামা, সৌন্দৰ্য লহৰী আটাইতকৈ জনপ্ৰিয়।[3] ব্ৰহ্মমাণ্ড পুৰাণৰ ললিতোপাখ্যানত তেওঁক আদি পৰশক্তি বুলি জনা যায়।
ত্ৰিপুৰা সুন্দৰী | |
---|---|
দেৱী সকলৰ মাতৃ; মহাদেৱীৰ এক উচ্চতম স্বৰূপ বিশ্বব্ৰহ্মাণ্ডৰ পালনকৰ্তা পৰব্ৰহ্ম, পৰম সত্তা | |
দশ মহাবিদ্যা-ৰ সদস্য | |
অন্য নাম | ৰাজাৰাজেশ্বৰী, ললিতা, ভৱানী, ললিতাম্বিকা, পাৰ্বতী, কামাক্ষী, কামেশ্বৰী, শোদাশী, লীলাৱতী, শ্ৰী মাতা, সৰ্বেশ্বৰী, কালাৱতী |
সম্পৰ্ক |
|
নিবাস | মণিদ্বীপ/শ্ৰী নগৰ |
অস্ত্ৰ | পাশা (ফাঁচ), অংকুষ, কাঁড় আৰু কুঁহিয়াৰৰ ধনু[1] |
প্ৰতীকসমুহ |
|
সঙ্গী | শিৱ |
আসন/বাহন | সিংহ |
হিন্দু পাঠ্য |
|
উৎসৱ |
|
শক্তি ধৰ্মৰ শ্ৰীকুল পৰম্পৰা অনুসৰি ত্ৰিপুৰা সুন্দৰী মহাবিদ্যাৰ ভিতৰত অগ্ৰণী, হিন্দু ধৰ্মৰ পৰম দেৱত্ব আৰু লগতে শ্ৰীবিদ্যাৰ প্ৰাথমিক দেৱী। ত্ৰিপুৰা উপনিষদে তেওঁক বিশ্বব্ৰহ্মাণ্ডৰ চূড়ান্ত শক্তি হিচাপে স্থান দিছে।[4] ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰো উৰ্দ্ধত থাকি পালন কৰ্তা স্বৰূপে তেওঁক পৰম চেতনা বুলি বৰ্ণনা কৰা হৈছে।[5]