ধুবুৰী জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো ধুবুৰী জিলাখনৰৰ বিষয়ে। একে নামৰ নগৰৰ বাবে ধুবুৰী চাওক।
ধুবুৰী (ইংৰাজী: Dhubri) ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা জিলা সদৰ ধুবুৰী নগৰত অৱস্থিত। ইয়াৰ পৰা গুৱাহাটী মহানগৰলৈ দূৰত্ব ২৯০ কিঃমিঃ। ধুবুৰী পুৰণি গোৱালপাৰা জিলাৰো সদৰ আছিল, যিখন জিলা ১৮৭৬ চনতে ব্ৰিটিছ চৰকাৰে স্থাপন কৰিছিল। ১৯৮৩ চনত গোৱালপাৰা জিলাৰ বিভাজন ঘটাই ধুবুৰী জিলাৰ সৃষ্টি কৰা হয়। ধুবুৰী জিলা ভাৰতৰ মুচলন্ত সংখ্যাগৰিষ্ঠ জিলাসমূহৰ অন্যতম। জিলাখনত বাস কৰা মুচলন্ত লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ। ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁও জিলাৰ পিছতে ধুবুৰী জিলা অসমৰ দ্বিতীয় জনবহুল জিলা[1]
ক্ষিপ্ৰ তথ্য ধুবুৰী জিলা, ৰাজ্য ...
ধুবুৰী জিলা | |
---|---|
— জিলা — | |
Dhuburi collage.jpg(ওপৰৰ পৰা ঘড়ীৰ কাটাৰ দিশত) নেতাই ধুবুনীৰ ঘাট, ঐতিহাসিক পানবাৰী মছজিদ, ধুবুৰী নগৰৰ চিলাৰাইৰ প্ৰতিমূৰ্তি, শ্ৰী গুৰু তেগবাহাদুৰ চাহিৱ গুৰুদ্বাৰ, আৰু ভোলা নাথ মহাবিদ্যালয় | |
অসমৰ মানচিত্ৰত ধুবুৰী জিলাৰ অৱস্থান | |
ৰাজ্য | অসম |
দেশ | ভাৰত |
আসন | ধুবুৰী |
মাটিকালি | |
- মুঠ | ২,৮৩৮ কি.মি.২ (১,০৯৫.৮ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ১৯,৪৮,৬৩২ জন |
- জনঘনত্ব | ৬৮৬.৬ প্ৰতি বৰ্গ কি.মি. (১,৭৭৮.৩ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড | IN-AS-DB |
ৱেবছাইট | http://dhubri.gov.in/ |
বন্ধ কৰক