ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজসেৱক তথা অধিবক্তা From Wikipedia, the free encyclopedia
নবীনচন্দ্ৰ বৰদলৈ (জন্ম:১৮৭৫ – মৃত্যু:১৯৩৬) হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু এগৰাকী দক্ষ অধিবক্তা। অসমৰ প্ৰতি তেখেতৰ কৰ্ম আৰু অৱদানৰ চিনস্বৰূপে তেখেতক কৰ্মবীৰ উপাধিৰে সন্মানিত কৰা হৈছিল। 'গৃহলক্ষ্মী' আৰু 'কৃষ্ণলীলা' তেওঁৰ মৌলিক নাট্য ৰচনা।
নবীনচন্দ্ৰ বৰদলৈ | |
---|---|
জন্ম | ১৮৭৫ চন উত্তৰ গুৱাহাটী, অসম |
মৃত্যু | ১৯৩৬ চন |
ৰাষ্ট্ৰীয়তা | ভাৰত |
অন্য নাম | কৰ্মবীৰ |
শিক্ষা | কলিকতা বিশ্ববিদ্যালয়, প্ৰেছিডেন্সী কলেজ |
জনা যায় | ভাৰতীয় স্বাধীনতা আন্দোলন |
ধৰ্ম | হিন্দু ধৰ্ম |
দাম্পত্যসঙ্গী | হেমন্ত কুমাৰী দেৱী |
সন্তান | নলিনীবালা দেৱী, উমেশ্চন্দ্ৰ বৰদলৈ, মৃণালিনী দেৱী, অপূৰ্বচন্দ্ৰ বৰদলৈ |
১৮৭৫ চনৰ ৩ নৱেম্বৰ তাৰিখে উত্তৰ গুৱাহাটীত নবীনচন্দ্ৰ বৰদলৈৰ জন্ম হৈছিল। ঘৰুৱা নাম আছিল নানু।[1] পিতৃ সূৰ্য বিপ্ৰ কুলৰ ৰুদ্ৰখড়ি বৰদলৈৰ বংশৰ মাধৱচন্দ্ৰ বৰদলৈ আৰু মাতৃ সোমেশ্বৰী দেৱী। পিতৃ ৰায়বাহাদুৰ মাধৱচন্দ্ৰ বৰদলৈ ১৮৯৭ চনত বৰপেটাৰ মহকুমাধিপতি আছিল।[2] ১৮৯২ চনত তেজপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা কলিকতা বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত বৃত্তি সহকাৰে উত্তীৰ্ণ হয়। ১৮৯৪ চনত কলিকতাৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজৰপৰা এফ.এ পৰীক্ষাত উত্তীৰ্ণ হয়; আৰু ১৮৯৬ চনত প্ৰেচিডেন্সী কলেজৰপৰা বি.এ. ডিগ্ৰী লাভ কৰে। ১৮৯৯ চনত ৰিপন কলেজৰপৰা আইনৰ বি.এল. ডিগ্ৰী লাভ কৰে।[1]
কলিকতাত থকা কালত বৰদলৈয়ে মুষ্টিযুদ্ধ শিকিছিল আৰু ভাল 'বক্সাৰ' ৰূপে জনাজাত হৈছিল। তেখেত এজন ভাল ফুটবল খেলুৱৈও আছিল।[1]
শিক্ষা সাং কৰি তেওঁ গুৱাহাটীলৈ উভতি আহে। চৰকাৰে তেওঁক হাকিমৰ পদ যাঁচে যদিও তেখেতে স্বাধীন ভাৱে কাম কৰাৰ ইচ্ছাৰ বাবে চাকৰিত যোগদান নকৰি ওকালতি আৰম্ভ কৰে। ১৯০৮ চনত তেখেত কলিকতালৈ গৈ কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ লয়। ১৯১৮ চনত তেখেতে আকৌ গুৱাহাটীলৈ উভতি আহে।
দুটা দশকৰ ওকালতিৰ পাছত তেখেতে ৰাজনৈতিক ক্ষেত্ৰত যোগ দিয়ে।[1] ১৯১৫ চনত তেখেত অসম এছোচিয়েচনৰ ডিব্ৰুগড় অধিবেশনৰ সভাপতি নিৰ্বাচিত হৈছিল। ১৯১৭ চনত অসম সভাৰ (Assam Association) অধিবেশনত সম্পাদকৰ গুৰুদায়িত্ব লয়। ব্ৰিটিছৰ সাম্ৰাজ্যবাদী নীতিৰ বিৰূদ্ধে প্ৰতিবাদী সংস্থা হিচাপে ১৯০৩ চনত অসম সভা গঠন কৰা হৈছিল। নবীনচন্দ্ৰ বৰদলৈৰ নেতৃত্বত 'অসম সভা'ৰ কামকাজ ঠন ধৰি উঠে। সেই বছৰতে অসমৰ বাবে স্বকীয় শাসনৰ দাবী লৈ ভাৰতৰ উপ-সচিব মণ্টেগুৰ (Montague, Secretary of State for India) ওচৰলৈ যোৱা অসমৰ প্ৰতিনিধি দলটোৰ তেখেত আছিল অন্যতম সদস্য। ১৯১৮ চনত 'সংস্কাৰ আঁচনি'ৰ (Reforms Scheme) নীতি নিৰ্ধাৰণৰ বাবে 'সংসদীয় সমিতি'ৰ (Parliamentary Committee) আগত ওকালতি কৰিবলৈ তেখেতক 'অসম সভা'ই মনোনীত কৰে। অসমক ১৯১৯ চনৰ শাসন সংস্কাৰৰ অন্তৰ্ভুক্ত কৰাটোৱেই অকংগ্ৰেছী বৰদলৈ ডাঙৰীয়াৰ সৰ্বপ্ৰধান দেশহিতকৰ কাম।[3]
'সংস্কাৰ আঁচনি'ৰ অধীনত অসমক 'গভৰ্নৰ শাসিত ৰাজ্য'ৰ (Governor's Provice) মৰ্য্যাদা দিবলৈ 'অসম সভা'ই প্ৰস্তাৱ দিয়ে। এই প্ৰস্তাৱৰ হকে ইংলেণ্ডৰ হাউছ অৱ লৰ্ড্ছ্ৰ (House of Lords) 'লৰ্ড ছেলবোৰ্ণ সমিতি'ৰ (Lord Selbourne Committee) আগত বক্তব্য ৰাখিবলৈ নবীনচন্দ্ৰ বৰদলৈক মনোনীত কৰা হয়। নবীনচন্দ্ৰ বৰদলৈয়ে সাফল্য সহকাৰে এই কাম সম্পন্ন কৰে।[1]
'অসম সভা'ৰ সম্পাদক হিচাপে নবীন চন্দ্ৰ বৰদলৈয়ে পঞ্জাবৰ জালিয়ানৱালাবাগ হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। তেখেতে ১৯২০ চনত নাগপুৰত হোৱা 'ভাৰতীয় জাতীয় কংগ্ৰেছ'ৰ সভাত অসমক প্ৰতিনিধিত্ব কৰে আৰু তাতেই মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়ায়। অসমক সুকীয়া প্ৰদেশ কংগ্ৰেছ কমিটি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰাটোৱেই কংগ্ৰেছী ৰূপে বৰদলৈ ডাঙৰীয়াৰ উল্লেখযোগ্য কাম। ১৯২১ চনত তেখেত প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক নিযুক্ত হয়। প্ৰদেশ কমিটিয়ে তেওঁকে ধৰি আন কেইবাজনক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস্য মনোনীত কৰে। এই সময়তে ১৯২১ চনৰ ১৮ আগষ্ট তাৰিখে মহাত্মা গান্ধীয়ে অন্য কেইবাজনো নেতা সহিতে অসম ভ্ৰমণ কৰে। ইয়াৰ পিছতে ৩০ নৱেম্বৰৰ দিনা ৰাজনৈতিক ক্ৰিয়াকলাপৰ বাবে চৰকাৰে তেখেতক গ্ৰেপ্তাৰ কৰে।[3]
নবীনচন্দ্ৰ বৰদলৈৰ নেতৃত্বত অসমতো অসহযোগ আন্দোলনে ৰাইজৰ পূৰ্ণ সঁহাৰি লাভ কৰে। ১৯২২ চনত তেখেতক দ্বিতীয় বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হয়, আৰু তেখেতে দুটা বছৰ কাৰাবাস বৰণ কৰে।[1]
১৯২৬ চনত অসমত প্ৰথম বাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভা অনুষ্ঠিত হয়। অসমৰ কংগ্ৰেছী সকলৰ দলপতি আছিল নবীনচন্দ্ৰ বৰদলৈ।
১৯৩১ চনত ঘূৰণীয়া মেজমেলৰপৰা শূন্যহাতে উভতি অহা মহাত্মা গান্ধীয়ে ১৯৩২ চনত আইন অমান্য আন্দোলন আৰম্ভ কৰে। অসমৰ নেতাসকলেও এই আন্দোলনত যোগ দিয়ে, আৰু নবীন চন্দ্ৰ বৰদলৈ তৃতীয় বাৰৰ বাবে বন্দী হ'বলগীয়া হয়।
১৯৩২ চনত মদন মোহন মালৱ্যই স্থাপন কৰা কংগ্ৰেছ নেচনেলিষ্ট পাৰ্টিত অসমৰ কেইজনমান নেতাই যোগ দিয়ে। নবীনচন্দ্ৰ বৰদলৈয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত থাকে। ১৯৩৪ চনত তেখেতে বিপক্ষৰ তৰুণৰাম ফুকনক নিৰ্বাচনত হৰুৱাই 'কেন্দ্ৰীয় সভা'লৈ (Central Legislature) নিৰ্বাচিত হয়।
কেন্দ্ৰীয় সভাৰ সদস্য হিচাপে নবীন চন্দ্ৰ বৰদলৈয়ে নিজৰ বাগ্মীতা আৰু যুক্তিনিষ্ঠতাৰে দূৰদৰ্শী নেতা হিচাপে চিনাকি দিবলৈ সক্ষম হৈছিল।
তেখেতে কেইবাবছৰ ধৰি গুৱাহাটী লোকেল বোৰ্ডৰ অধ্যক্ষৰ পদভাৰ বহন কৰিছিল। ইয়াৰোপৰি তেখেত ১৯২৪ চনত অসম ছাত্ৰ সন্মিলনৰ নৱম অধিৱেশনৰ সভাপতি, অসম কাউন্সিলৰ সদস্য আৰু স্বৰাজ দলৰ দলপতি (১৯২৫), নিখিল ভাৰত জাতীয় কংগ্ৰেছৰ পাণ্ডুত বহা ৪১তম অধিৱেশনৰ অভ্যৰ্থনা সভাৰ সম্পাদক, যোৰহাটত বহা কৃষক সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি (১৯৩৩) আৰু ভাৰত ব্যৱস্থা পৰিষদৰ সদস্য (১৯৩৪) আছিল।[2]
১৯৩৬ চনৰ ১৬ ফেব্ৰুৱাৰীৰ দিনা গুৱাহাটীৰ উজানবজাৰৰ যোৰপুখুৰীৰ পাৰত অৱস্থিত শান্তি ভৱনত[2] নবীনচন্দ্ৰ বৰদলৈৰ পৰলোকপ্ৰাপ্তি ঘটে।[4]
ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক নেতৃত্ব দিয়াৰ উপৰিও নবীনচন্দ্ৰ বৰদলৈয়ে গুৱাহাটীৰ মংগলৰ বাবে কেবাটাও প্ৰকল্পত সক্ৰিয় ভাৱে হাত উজান দিছিল। ১৯০১ চনত কটন কলেজ আৰু ১৯১৪ চনত আৰ্ল ল কলেজ প্ৰতিষ্ঠাৰ বাবে তেওঁ মাত মাতিছিল আৰু বহু বছৰ জুৰি কটন কলেজৰ পৰিচালনা সমিতিৰ সদস্য আছিল।[2] গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ আধাৰশিলা তেখেতেই স্থাপন কৰিছিল। তেখেতে উত্তৰ গুৱাহাটীৰ আনন্দ লাইব্ৰেৰী আৰু কমলদেৱ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ গুৰি ধৰিছিল। প্ৰচলিত আলোচনী জোনাকী, বিজুলী আদিত নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল।
১৯১৮ চনত তেখেতে অসমত সুকীয়া বিশ্ববিদ্যালয়ৰ আৱশ্যকতা সম্পৰ্কে চেদলাৰ কমিছনৰ আগত সাক্ষ্য দান কৰিছিল।[2]
গুৱাহাটীৰ যোৰপুখুৰীৰ পাৰত অৱস্থিত বৰদলৈৰ বাসগৃহ শান্তি ভৱনতে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথমটো কাৰ্যালয় স্থাপন কৰা হৈছিল। ড° ৰাজেন্দ্ৰ প্ৰসাদ, যমুনালাল বাজাজ, মদনমোহন মালব্য, সুভাষ চন্দ্ৰ বসুৰ দৰে সৰ্বভাৰতীয় নেতাৰ শান্তি ভৱনলৈ আগমন ঘটিছিল আৰু তেওঁলোকে বৰদলৈৰ আতিথ্য গ্ৰহণ কৰিছিল।[2]
কৰ্মব্যস্ত নবীন চন্দ্ৰ বৰদলৈক 'কৰ্মবীৰ' বুলি কোৱা হয়। ভুলাভাই দেসায়ে তেখেতক অসমৰ মুকুট-বিহীন ৰজা বুলি অভিহিত কৰিছিল।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.