হিন্দু ধৰ্ম
ভাৰতীয় উপমহাদেশৰ আধ্যাত্মিক মতবাদ From Wikipedia, the free encyclopedia
Remove ads
হিন্দু ধৰ্ম (সনাতন ধৰ্ম) হৈছে ভাৰতীয় উপমহাদেশৰ আধ্যাত্মিক মতবাদ।[1] ই ভাৰতৰ প্ৰধান ধৰ্মসমূহৰ ভিতৰত এটা পুৰণি ধৰ্ম। হিন্দু ধৰ্মাৱলম্বীসকলে নিজস্ব ধৰ্মমতকে সনাতন ধৰ্ম (সংস্কৃত: सनातन धर्म ) নামেৰেও অভিহিত কৰে।[2][3] হিন্দু ধৰ্মৰ সাধাৰণ "ধৰণসমূহৰ" মাজত লৌকিক আৰু বৈদিক হিন্দু ধৰ্ম ৰ পৰা বৈষ্ণৱধৰ্মৰ অনুৰূপ ভক্তিবাদী ধাৰাৰ নিচিনা একাধিক জটিল মতবাদ সমূহৰ সমন্বয়ৰ এক প্ৰচেষ্টা পৰিলক্ষিত হয়। যোগ, কৰ্মযোগ Archived 2015-05-09 at the Wayback Machine ধাৰণা আৰু হিন্দু বিবাহৰ নিচিনা বিষয়সমূহো হিন্দুধৰ্মৰ সৈতে অঙ্গাঙ্গীভাবে জড়িত। হিন্দু ধৰ্ম একাধিক ধৰ্মীয় ঐতিহ্যৰ সমন্বয়ত গঠিত। এই ধৰ্মৰ কোনো একক প্ৰতিষ্ঠাতা নাই।[4] হিন্দু ধৰ্মক বিশ্বৰ "প্ৰাচীনতম জীৱিত ধৰ্মবিশ্বাস"[5] বা "প্ৰাচীনতম জীৱিত প্ৰধান মতবাদ"[6][7][8][9] আখ্যা দিয়া হয়।
Remove ads
নামৰ উৎপত্তি
হিন্দু শব্দটো উচ্ছাৰিত হৈছে সংস্কৃত সিন্ধু শব্দৰ পৰা। সিন্ধু হৈছে ভাৰতীয় উপমহাদেশৰ উত্তৰ-পশ্চিমাঞ্চলৰ এখন ঐতিহাসিক নদীৰ নাম।[10]
হিন্দু দৰ্শন
মধ্যযুগৰ ব্ৰাহ্মণীয়-সংস্কৃতসকলৰ ৰচনাত ছটা ৰক্ষণশীল শাখা দেখা যায়। এইকেইটাক একেলগে "ষড় দৰ্শন" বোলা হয়। "ষড় দৰ্শন"ত 'বেদ'ক সকলো জ্ঞানৰ আকৰ বুলি মনা হয়। আৰু 'বেদ'ৰপৰাই এই শাখাসমূহ উৎপত্তি হোৱা বুলি কোৱা হয়।[11][12][13]
- ন্যায়, তৰ্ক শাখা (the school of logic)
- বৈশেষিকা, কণা শাখা (the atomist school)
- সাংখ্য, (the enumeration school)
- ৰাজ যোগ,( বা যোগ), পতঞ্জলিৰদ্বাৰা স্থাপিত শাখা (পতঞ্জলিয়ে সাংখ্য দৰ্শনৰো পোষকতা কৰিছিল। )
- পূৰ্ব মীমাংসা (বা মীমাংসা), বৈদিক ৰীতি-নীতি পোষকতা কৰা শাখা
- বেদান্ত (বা উত্তৰ মীমাংসা), উপনিষদৰ ৰীতি-নীতি পোষকতা কৰা শাখা, বৈদিক দৰ্শনকো সমানে গুৰুত্ব দিয়া শাখা
ঐতিহাসিক আৰু ধাৰণাভিত্তিক মিল থকাৰ বাবে ইয়াক আন তিনিটা গোটত ভাগ কৰা হয়ঃ ন্যায়-বৈশেষিকা, সাংখ্য-যোগ আৰু মীমাংসা-বেদান্ত। বেদান্ত দৰ্শনৰ আকৌ আকৌ ছটা উপ-শাখা আছেঃ অদ্বৈত (অজাতিবেদক সাঙুৰি), বিশিষ্টদ্বৈত, দ্বৈত, দ্বৈতদ্বৈত, শুদ্বদ্বৈত, আৰু অচিন্ত ভেদ-অভেদ।
ওপৰত উল্লিখিত ছটা শাখাৰ বাহিৰেও আৰু শাখা বিদ্যমান। কিন্তু প্ৰধান শাখা এই ছটায়েই। ইয়াৰ বাহিৰেও 'ব্যাকৰণীয়' আন এটা ৰক্ষণশীল দৰ্শনৰ বিভাগ।[12] এই সমূহ দৰ্শনে 'বেদ'ৰ অস্তিত্বক স্বীকাৰ কৰে। 'বেদ'ৰ অস্তিত্বক অস্বীকাৰ কৰা দৰ্শন শাখাসমূহক ব্ৰাহ্মণসকলে অৰক্ষণশীল ('নাস্তিক' ) আখ্যা দিছিল।[12]অৰক্ষণশীল শাখাসমূহৰ ভিতৰত বৌদ্ধ, জৈন আৰু চাৰ্বাক দৰ্শনেই প্ৰধান।
Remove ads
তথ্য সংগ্ৰহ
লগতে চাওক
বাহ্যিক সংযোগ
শ্ৰৱণ সংযোগ
তথ্যসূত্ৰ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads