শিল্পী, সংগ্ৰামী From Wikipedia, the free encyclopedia
বিষ্ণুপ্ৰসাদ ৰাভা (ইংৰাজী: Bishnu prasad Rabha; ৩১ জানুৱাৰী, ১৯০৯ – ২০ জুন, ১৯৬৯) অসমৰ এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু আছিল।[2] [3] ১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্ৰেছিডেন্সিত জন্মগ্ৰহণ কৰি ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল আৰু পাছত কলিকতাৰ চেণ্টপল’ কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি পাছ কৰিছিল৷ পঢ়ি থকা কালত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে৷ পাছলৈ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে আৰু কাৰাবাসো খাটে৷ সংগ্ৰামী জীৱনৰ বাবে তেওঁ এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল।[4] তেওঁৰ সাংস্কৃতিক অৱদানৰ বাবে ‘কলাগুৰু’ বুলি অভিহিত কৰা হয়৷
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা | |
---|---|
জন্ম | ৩১ জানুৱাৰী, ১৯০৯ ঢাকা, বেঙ্গল প্ৰেসিডেন্সি |
মৃত্যু | ২০ জুন, ১৯৬৯ (৬০ বছৰ)[1] তেজপুৰ, অসম |
মৃত্যুৰ কাৰণ | কৰ্কট ৰোগ |
স্মৃতিচিহ্ন | বিষ্ণু ৰাভা স্মৃতি উদ্যান, তেজপুৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | আই.এচ.চি. |
পেচা | কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু মুক্তি যুঁজাৰু |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাধীনতা আন্দোলন সাম্যবাদী আন্দোলন |
দাম্পত্যসঙ্গী | প্ৰিয়বালা দত্ত কনকলতা মেধি মোহিনীবালা বসুমতাৰী |
অংশীদাৰ | নিৰুপমা দেৱী |
পিতৃ-মাতৃ | গোপাল চন্দ্ৰ ৰাভা, গেথীবালা ৰাভা |
সন্তান | পৃথ্বীৰাজ ৰাভা (থুন্ থুন্) হেমৰাজ ৰাভা (মুন্ মুন্) মেণ্ডেলা ৰাভা |
১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ৰ ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়।[5] তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবালা ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে 'ৰাভা' উপাধি গ্ৰহণ কৰে।[1] ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপালচন্দ্ৰ ৰাভাক 'ৰায়বাহাদুৰ' উপাধি যঁচা হৈছিল। গোপাল ৰাভাক বেংগলৰ গৱৰ্ণৰৰ এ.ডি.চি. (A.D.C. to the Governor of Bengal) পদলৈ পদোন্নতি দিয়া হৈছিল।[2] দৰং জিলাৰ চাবেক বাসিন্দা গোপাল ৰাভা, তেজপুৰৰ বাণ ৰঙ্গমঞ্চৰ লগত জড়িত আছিল। তেখেতে মূল থিয়েটাৰ ভৱনৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছিল।[1][6]
বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।[1] এই পৰীক্ষাত তেওঁ সেই সময়ৰ অবিভক্ত দৰং জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ ‘কুইন এমপ্ৰেছ’ পদক লাভ কৰে।[7]
কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভা কলিকতালৈ যায় আৰু ১৯২৮ চনত তেওঁ চেণ্টপল’ কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি পাছ কৰে।[7]। ভাৰতৰ স্বাধীনতা আন্দোলনত সহযোগ কৰাৰ অপৰাধত তেওঁক চেণ্টপল’ কলেজৰ পৰা বহিষ্কাৰ কৰা হয়।[8] পাছত ৰিপন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক শিক্ষা আৰম্ভ কৰে।[7] ১৯২৯ চনত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত কলেজৰ ছাত্ৰাবাসত পুলিচৰ নিৰ্যাতন আৰম্ভ হোৱাত ৰাভাই কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ বৰ্তমানৰ আচাৰ্য ব্ৰজেন্দ্ৰ নাথ শীল কলেজত নাম লগায়।[9][7][10] পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে আৰু আৰ চি পি আই বা ভাৰতৰ বিপ্লবী সাম্যবাদী দলত যোগ দিয়ে। কোচ বিহাৰতো তেখেত স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে।[11] ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে।[11]
ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু 'আৱাহন' আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল। [12]বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত 'সংগীত আৰু শ্ৰীশ্ৰীশংকৰদেৱৰ গায়ন' নামৰ প্ৰবন্ধটো এটা সময়ত বৌদ্ধিক সমাজত বহু জনপ্ৰিয় হৈ পৰিছিল। এই প্ৰবন্ধটো আৱাহন আলোচনীত প্ৰকাশ পাইছিল।[13]
ভিক্টোৰিয়া কলেজৰ একৈশ বছৰ বয়সীয়া ছাত্ৰ বিষ্ণু প্ৰসাদ ৰাভা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু বৃটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি আঁৰি দিছিল। কবিতাটি আছিল -[14]
“ৰাজ্যে আছে দুইটি পাঠাএকটি কালো একটি সাদা
ৰাজ্যেৰ যদি মঙ্গল চাওঁ
দুইটি পাঠাই বলি দাওঁ।”
১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে।[11] জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।[11]১৯৩১ চনত বিষ্ণুপ্ৰসাদ ৰাভাই কলিকতাৰ ভৱানীপুৰত মণি ৰায় নামৰ এজন ব্যক্তিৰ সহযোগত Agro Pictures Corporation নামেৰে এটা বোলছবি নিৰ্মাণ সংস্থা প্ৰতিষ্ঠা কৰিছিল যদিও সেই সংস্থাৰ মাধ্যমেৰে কোনো বোলছবি নিৰ্মাণ কৰা তেওঁৰ বাবে সম্ভৱপৰ নহ'ল।[15]
১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত 'তাণ্ডৱ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে।
১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। ১৯৪৬ চনত 'ছিৰাজ' বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোষণা কৰিছিল। ১৯৫২ চনত পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমানে কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায়।[11]
বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে। [16]
ৰাভাই বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। ৰাভাৰ দ্বাৰা ৰচিত মুঠ ১৩৭টা গীত ‘বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ’ সন্নিবিষ্ট হৈছে।[17] গীতসমূহত প্ৰেম, প্ৰকৃতি, ঐতিহ্য, সৰ্বহাৰৰ মুক্তিকামী বিপ্লৱীভাৱ আদি ভিন্ন ধৰণৰ বিষয়বস্তুৰ। কিছু সংখ্যক শিশু উপযোগী গীত আছে। ৰাভাৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত আছে-
|
|
উল্লেখনীয় যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক কাৰেঙৰ লিগিৰীত ৰাভাদেৱে 'মোৰে জীৱনৰে সখা কৃষ্ণ' শীৰ্ষক গীতটি প্ৰাণ ঢালি গাইছিল।[18]
তেখেতৰ ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লেখা গীতবোৰ বিষ্ণু ৰাভা সংগীত হিচাপে পৰিচিত।[5]
১৯২৮ চনত কলিকতাত পঢ়ি থকা কালত ৰাচিয়াৰ বিখ্যাত বেলে নৰ্তকী আনা পাভলোভাৰ নৃত্য দেখি অনুপ্ৰাণিত হৈছিল। নৃত্য কলা সম্পৰ্কে তেওঁ দিয়া উপদেশৰ পৰা প্ৰভাৱান্বিত হৈছিল।[19] কলেজ এৰাৰ পাছত তেওঁ কিছুদিন বৰপেটাত আছিল। তাতে তেওঁ সত্ৰীয়া নৃত্যশৈলী আয়ত্ত কৰে। ১৯৩১ চনত চনৰ জানুৱাৰী মাহত তেজপুৰৰ বান ৰংগমঞ্চত মনিপুৰী নৃত্য প্ৰদৰ্শন কৰিছিল। ৰাভায়ো তেওঁলোকৰ লগত হৰ-গৌৰী নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসা লাভ কৰে।[19] অসমৰ জনজাতীয় নৃত্যৰ পৰা আৰম্ভ কৰি দাক্ষিণাত্যৰ বিভিন্ন প্ৰাচীন নৃত্য মূৰ্তিৰ ভগ্নাৱশেষলৈকে অধ্যয়ন কৰি নৃৃত্যৰ বিভিন্ন মুদ্ৰা আৰু শৈলী সংগ্ৰহ কৰিছিল। এইবোৰৰ স্কেছ আদিও আঁকে।[19]১৯৪০ চনত ‘প্ৰাচীন কামৰূপী নৃত্য সংঘ’ লগত জড়িত হৈ বিভিন্ন ঠাইৰ লগতে শ্বিলঙত নৃত্য প্ৰদৰ্শন কৰি সকলোকে মুগ্ধ কৰে।[19] ১৯৪১ চনত ৰোহিণী বৰুৱাৰ মনোমতী বোলছবিত নৃত্য পৰিচালক ৰূপে কাম কৰে। [19]
অসমৰ নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই নাট্যাভিনয়ৰ পাতনি মেলিছিল আঠ বছৰ বয়সত। ঢাকা নগৰত মঞ্চস্থ এখন নাটকত প্ৰথমে ৰাজকোঁৱৰৰ ভাৱত ৰাভাই অভিনয় কৰিছিল। নাটকখনৰ নাম আছিল হৰিশ্চন্দ্ৰ। তেজপুৰৰ বাণ ৰঙ্গমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল। তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, ছিৰাজ।[5] জ্যোতিপ্ৰসাদৰ আমন্ত্ৰণত অসমীয়া কথাছবি 'জয়মতী' নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাৰ লগতে আন কেইবাটাও বিষয়ত সহায় কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'কাৰেঙৰ লিগিৰী" নাট পৰিচালনা কৰোঁতেও ৰাভাই সংগীত পৰিচালনাৰ দায়িত্ব লৈছিল আৰু 'সুদৰ্শন' চৰিত্ৰত অভিনয়ো কৰিছিল।[20] ফণী শৰ্মাৰ সৈতে যুটীয়া ভাৱে পৰিচালনা কৰিছিল তেতিয়ালৈ আটাইতকৈ সফল বোলছবি ছিৰাজ।[21] ভূপেন হাজৰিকাৰ এৰা বাটৰ সুৰত ৰাভাই ‘ভজলুংকা’ৰ ভাও আৰু প্ৰতিধ্বনি ছবিত খাচী চিয়েমৰ ভাও দিছিল।[22]
বিষ্ণু ৰাভা এগৰাকী নিপুন চিত্ৰকৰ আছিল। তেওঁ বৰপেটাৰ শ্ৰীমন্ত শংকৰদেৱৰ আৰু শংকৰ-মাধৱৰ যুগল ছবি আঁকি তিনিটা ৰঙত ছপাই ৰাইজৰ মাজত বিতৰণ কৰিছিল। ৰাভাৰ ৰচনাৱলীৰ পৰিশিষ্টত ১৯খন ছবিৰ আলোকচিত্ৰ সংযোজিত হৈছে। ৰাভাই শংকৰদেৱৰ তিনিখন ছবি অংকন কৰিছিল। এখন ১৯৩৫ চনত, এখন ১৯৪০ চনত আৰু আনখন আঁকিছিল ১৯৪৫ চনত। ইয়াৰে! ১৯৪০ চনত অংকিত ছবিখন বেছি সমাদৃত। শংকৰ-মাধৱৰ যুগল ছবিখন ১৯৩৫ চনত অঁকা। ৰাভাই অংকন কৰা আন ছবিসমূহৰ ভিতৰত আছে- চিত্ৰলেখা (১৯৩৫), নটৰাজ (১৯৩৭), স্নান (A Bathing lady, 1933), শকুন্তলা (১৯৩৯), গৰমৰ দিনৰ তিৰোতা (১৯৪০), বড়োসকলৰ বিবাহ সমদল (১৯৪৪), ভূমিকম্প (১৯৫০), গাঁৱৰ প্ৰাকৃতিক দৃশ্য (১৯৬৫) আদি। ‘বাঁহী’, ‘আমাৰ প্ৰতিনিধি’ আদি আলোচনীৰ বেটুপাতো তেওঁ অংকন কৰিছিল।[23]
১৯২০ চনত কমবয়সীয়া ৰাভা নব্য-বৈষ্ণৱবাদী কলা আৰু সংস্কৃতিৰ অনুশীলনত সম্পূৰ্ণৰূপে নিয়োজিত হৈ আছিল। শশী শৰ্মা আৰু হীৰেন গোহাঁইৰ দৰে পণ্ডিতসকলে জোৰ দি কৈছিল যে ৰাভাৰ আদৰ্শবাদৰ প্ৰতি সম্পূৰ্ণ আত্মসমৰ্পণে তেওঁৰ যুৱ কালছোৱাত দুখীয়া কৃষকসকলৰ ভয়াৱহ অৱস্থা বুজিব পৰাত বাধা দিছিল।[24] মুক্তি সংগ্ৰামৰ সময়ত দৰিদ্ৰ কৃষক আৰু শ্ৰমিকৰ প্ৰতি জাতীয়তাবাদী নেতাসকলৰ অনীহা আৰু ৰাছিয়াৰ অক্টোবৰ বিপ্লৱৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পিছত ক্ৰমান্বয়ে কমিউনিষ্ট মতাদৰ্শৰ প্ৰতি ৰাভা আকৰ্ষিত হয়। ১৯৪৬ চনত তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ (আৰ চি পি আই) সদস্য হয়। কুৰি বছৰ জেল, সোণপাহী, কৃষক, বনুৱা পঞ্চায়তৰ দৰে তেওঁৰ অসংখ্য ৰচনা, উপন্যাস আৰু নাটকত কমিউনিষ্ট মতাদৰ্শৰ প্ৰতি থকা গভীৰ আস্থা প্ৰতিফলিত হয়।[24]
হেমাংগ বিশ্বাসে তেওঁৰ এটা প্ৰবন্ধত লিখিছে যে মাৰ্ক্সবাদী–দ্লনিনবাদী মতাদৰ্শই সামান্য অস্থিৰ বিষ্ণু ৰাভাক স্থিতিশীলতা আৰু গভীৰ ৰাজনৈতিক প্ৰত্যয়ৰ এগৰাকী ব্যক্তিলৈ ৰূপান্তৰিত কৰিছিল। ৰাভাই ঐতিহাসিকভাৱে নিপীড়িত শ্ৰেণীটোৰ জাগৰণৰ দিশত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰি অঞ্চলটোৰ প্ৰতিটো চুক-কোণ ভ্ৰমণ কৰি গৃহহীন জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে। সাম্যবাদত ৰাভাই সেইসকল দুখীয়া অসমীয়া কৃষকৰ মুক্তিৰ পথ দেখিছিল যিসকলে নিজৰ সামন্তৰ দ্বাৰা অহৰহ অত্যাচাৰৰ বলি হৈছিল আৰু জাতীয়তাবাদী নেতাসকলে পৰিত্যাগ কৰিছিল। তেওঁ নিশ্চিত আছিল যে ভাৰতীয় বুৰ্জোৱা শ্ৰেণীয়ে আকাংক্ষা কৰা স্বাধীনতা প্ৰকৃত স্বাধীনতা নহয় যি দৰিদ্ৰ আৰু নিপীড়িতসকলক সম্পূৰ্ণ মুক্তিৰ দিশত আগুৱাই লৈ যাব।[24] সেয়ে ১৯৪৭ চনৰ ১৫ আগষ্টত যেতিয়া ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল, তেতিয়া বিষ্ণু ৰাভাৰ নেতৃত্বত এটা সমদলে ক’লা পতাকা লৈ য়েহ আজাদি ঝুঠা হ্যে, চিৰ্ফ চামৰা কা বদল (এই স্বাধীনতা মিছা, কেৱল ছালৰ পৰিবৰ্তন) বুলি চিঞৰিছিল। আনকি যেতিয়া অসম চৰকাৰে কমিউনিষ্ট বিপ্লৱীক কঠোৰ হাতেৰে দমন কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াও ৰাভাই প্ৰায় পাঁচ বছৰ ধৰি নিৰ্বাসনত থাকি নিজৰ বিপ্লৱী কৰ্তব্য পালন কৰি থাকিল। অৱশেষত ১৯৫২ চনত কোকৰাঝাৰত ধৰা পৰে আৰু তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।[24]
১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ন মাহৰ বাবে জেললৈ পঠোৱা হয়। ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে।[11]
বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতীয় কমিউনিষ্ট দলৰ অসম ৰাজ্যিক পৰিষদৰ ৰূপালী জয়ন্তী উপলক্ষে ৰোগীয়া শৰীৰেই চিঠি লিখিছিল। চিঠিখনত তেখেতৰ ৰাজনৈতিক দৰ্শন আৰু সামাজিক দৰ্শন প্ৰতিফলিত হৈছে। চিঠিখনৰ কিছু অংশ তলত তুলি দিয়া হ’ল-
ৰাইজৰ অসীম বল। সীমাহীন শকতি। এই জোৰাল কথাষাৰকে বুজা নাছিলোঁ। ভাবিছিলোঁ চহৰৰ, নগৰৰ ভেমপুৰীয়াসকলেই দেশৰ, সমাজৰ আৰু ৰাইজৰ নেতা। দৰাচলতে অসমৰ সীমামূৰীয়া ঠাইত যেতিয়া দ্বিতীয় মহাসমৰৰ কামান গৰজি উঠিল, সৌমাৰৰ সীমান্ত অঞ্চলত জাপানৰ জাকে জাকে উৰাজাহাজ আহি ডেউকা মেলি আকাশ ছানি পেলালে আৰু সীমান্ত ভূমিত জয়াল জাপানী বোমাৰ বিস্ফোৰণ হ'ল, তেতিয়া মোৰ মনত কোটিকলীয়া অসমৰ লাখ লাখ বছৰীয়া সংস্কৃতি আৰু সভ্যতা জানোচা জাপানী আগ্নেয়াস্ত্ৰৰ দাবানলত পহি পুৰি ছাই হৈ যায়; এই চিন্তাই মোৰ হিয়া খুলি খুলি খাইছিল। অসমীয়া কৃষ্টি, সংস্কৃতি আৰু সভ্যতাৰ সঁচাকৈয়ে যিসকল ধাৰক আৰু বাহক সেইসকলৰ পৰা যদি মই অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ কিছু ধৰি ৰাখিব পাৰোঁ, তেন্তে মোৰ টোপোলাতো হয়তো অসমীয়া ৰাইজৰ কাৰণে কিছু সমল থাকিব পাৰে আৰু ধ্বংসৰ মাজতো অসমীয়া কৃষ্টি-সংস্কৃতি বাচিব পাৰে এনে বলিষ্ঠ সংকল্প প্ৰাণত লৈয়ে অসমীয়া ৰাইজৰ মাজত জঁপিয়াই পৰোঁ।
ৰাইজেই গণদেৱতা। এই গণদেৱতাৰ অতীত হিয়াত কিমান দয়া-কিমান কৃপা। অথচ সেই প্ৰাণৰো প্ৰাণ কিমান অজেয়। এই ৰাইজৰ হিয়া-কোঁহৰ পৰা কৃষ্টি অমৃতৰ সুৰৰ টোপালবোৰ বুটলি আনি মই মোৰ নিজৰ মন-কোঁহত ভৰাই লওঁ। সেই মন কোহতে ৰহঘৰা, মৌচাক সাজি তাৰ পৰা নিজৰি নিগৰি ওলোৱা ৰসৰ টোপালবোৰ বিলাই নিবলৈ ধৰোঁ। যিসকল অসমীয়াৰ প্ৰাণস্বৰূপ, যিসকল অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক সেইসকল হালোৱা, হজুৱা, কনুৱা, তল মজলীয়া ৰাইজ ক্লিষ্ট, শোষিত, দলিত, নিষ্পেষিত আৰু নিপীড়িত। এই ৰাইজৰে দুখত সমমুখী হৈ ৰাইজৰ হিয়াৰ মৰম- চেনেহৰ অঠাই সাগৰৰ পানীত নাদুৰি-সাঁতুৰি উমলি ফুৰিছিলোঁ।
১৯৪৫ চনৰ পৰা ৰাইজৰ মাজত জঁপিয়াই পৰি বহু সভা-সমিতিৰ যোগে ৰাইজৰ প্ৰতি মোৰ কৃতজ্ঞতা যাচিছিলোঁ। তেতিয়াৰ পৰাই ভাৰতৰ বিপ্লৱী সাম্যবাদী দলৰ লগত সংশ্লিষ্ট থাকি মাৰ্ক্সীয় দৰ্শন, মাৰ্ক্সীয় অৰ্থনীতি, দ্বন্দ্ববাদৰ লগ পৰিচিত হৈ আৰু লেলিনবাদৰ সম্যক জ্ঞানৰ উপলব্ধিৰ আশাত প্ৰকৃত কমিউনিষ্ট হোৱাৰ আশাত ৰাইজৰ হিয়াৰ আমঠু, ৰাইজৰ প্ৰাণৰ লগৰী আৰু ৰাইজৰ লগত একেলগে মিলি-জুলি ৰাইজক মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ কাৰণে নিজৰ সকলো শক্তি নিয়োগ কৰোঁ।
১৯৪৬ চনৰ শেহৰ ফালে প্ৰসিদ্ধ অসমীয়া বোলছবি “চিৰাজ”ৰ পৰিচালনাৰ একাংশত অসমৰ বাহিৰত ব্যস্ত থকাত সেই কাম প্ৰায় দহমাহৰ পিছত সমাধা কৰি স্বাধীনতাৰ পিছত অসমলৈ আহি দলীয় ৰাজনীতিত ব্যস্ত থাকি সভাই-সমিতিয়ে ঘূৰি ফুৰোঁতে কংগ্ৰেছ চৰকাৰৰ শেন চকুত পৰি অজ্ঞাতবাসৰ “বিৰাট পৰ্ব্ব”ৰ বিৰাট সাধনাত অংশগ্ৰহণ কৰিছিলোঁ। সেই বিৰাট সাধনাত জনসাধাৰণৰ মাজত থাকি জনসাধাৰণৰ সেৱাত থাকোঁতেই ধৰা পৰি এবছৰ কাৰাবাস খাটি ওলাই আহি কিছুদিনৰ পিছত সেই বিৰাট সাধনাৰ স্বাভাৱিক পথেই মোক লৈ আহে ভাৰতৰ কমিউনিষ্ট পাৰ্টিলৈ বিশ্বজুৰি মহামানৱৰ মুক্তিৰ যি অভিযান। সেই অভিযানৰ অংশভাগী হ'বলৈ। সেই কথা ১৯৫৫ চনত। তেতিয়াৰ পৰা বিশ্বভ্ৰাতৃত্বৰ শ্ৰমিক, কৃষক সৃষ্টিকাৰী জনতাৰ শান্তি-প্ৰগতি আৰু নতুন সমাজৰ সাধনাত মোৰ ক্ষুদ্ৰ শক্তিৰে দুখকাৰী জনসাধাৰণৰ পাৰ্টি কমিউনিষ্ট পাৰ্টিৰ সভ্যৰূপে ৰাইজৰ সেৱা কৰি আহিছোঁ। ১৯৬২ চনত চীনা আক্ৰমণৰ আশঙ্কাত তেজপুৰবাসী যেতিয়া সন্ত্ৰস্ত হৈ পৰিছিল, দেশৰক্ষা আৰু ৰাইজক সাধ্য অনুসৰি অভয় দিয়াৰ চেষ্টা কৰাৰ দোষতে মাতৃহীন দুটি শিশুক বুকুত লৈ শুই থকাৰ পৰা কংগ্ৰেছ চৰকাৰৰ পুলিচে তেজপুৰৰ পৰা গুৱাহাটীলৈ পঘাৰে বান্ধি সাত মাহ সুদূৰ উৰিষ্যাত কাৰাৰুদ্ধ ৰাখি ৰাইজৰ সেৱাৰ পৰা বঞ্চিত কৰিবলৈ বিচাৰিছিল, কিন্তু বিচলিত হোৱা নাছিলোঁ, পাইছিলোঁ নতুন বল।
আজি মই ৰোগ শয্যাত। মোৰ মনত অসীম প্ৰেৰণা যোগোৱা পাৰ্টি আৰু জনসাধাৰণৰ পৰা মই আঁতৰত থাকিব লগা হৈছোঁ। তথাপি মোৰ মন সদায় ৰাইজৰ মাজত। যি আদৰ্শৰ সাধনাত জীৱনৰ সকলো সামৰ্থ্য আগবঢ়াইছিলোঁ সেই আদৰ্শৰ পাৰ্টিৰ অসমত ৰূপালী জয়ন্তী উপলক্ষে ৰোগ শয্যাৰ পৰাই অভিনন্দন জনাইছোঁ।[25]
বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত যোৰহাটৰ সুগায়িকা প্ৰিয়লতা দত্তৰ লগত বিবাহপাশত আবদ্ধ হয় যদিও মাত্ৰ ২৮ দিন সংসাৰ পতাৰ পিছতে ১৯৩৭ চনৰ ২২ ডিচেম্বৰত প্ৰিয়লতা দত্তৰ মৃত্যু হয়। পত্নী শোকত বিহ্বল হৈ ৰাভাই লিখিছিল.....[26]
‘‘পৰজনমৰ শুভ লগনতযদিহে আমাৰ হয় দেখা
পুৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা। '’
তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে। অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিল। ১৯৫০ চনত বিষ্ণু ৰাভাই নলবাৰীৰ বেলশৰৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰায়। কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্) আৰু হেমৰাজ ৰাভা (মুন্ মুন্)ৰ পিতৃ হয়।১৯৬২ চনৰ ৪ জানুৱাৰীত ৰাভাৰ পত্নী কনকলতাৰ অসম মেডিকেল কলেজত দুৰাৰোগ্য ৰোগত মৃত্যু হয়।[27] কনকলতাৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই বৰ্তমানৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও অঞ্চলৰ বিন্নাখাতা ভাওৰাগুৰী গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰায়। মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি সন্তানৰ পিতৃ হয়। এই দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান যি জন্ম হৈয়েই মৃত্যুমুখত পৰে। পুত্ৰ সন্তানটিৰ নাম আছিল মেণ্ডেলা ৰাভা। স্বামী ৰাভাদেৱৰ মৃত্যুৰ পাছতো মোহিনীবালা বসুমতাৰীয়ে নিজকে সমাজৰ লগত অনেক অনন্য কাৰ্য্যসূচী লগত জড়িত কৰি জীৱন যাপন কৰি ৰাভা পৰিয়ালৰ দায়িত্বভাৰ লৈছিল। [28]
১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত ৰাভাদেৱে মৃত্যুক সাবটি লয়। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয়।[21]
বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেওঁ ’বৃহত্তৰ অসমৰ পৰিকল্পনা’ নামৰ এলানি প্ৰবন্ধ ১৯৩০ চনৰ পৰা একেলেঠাৰিয়ে ’বাঁহী’ত প্ৰকাশ পাইছিল।[7] তেওঁৰ উল্লেখনীয় প্ৰকাশিত পুথিসমূহ হ'ল:
|
বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২০ জুন তাৰিখটো "বিষ্ণু ৰাভা দিৱস" ৰূপে পালন কৰা হয়। তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৩১.০১.২০০৯ তাৰিখে ভাৰত চৰকাৰে এটি বিশেষ ডাকটিকট উন্মোচন কৰে।[31] ত
কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা 'নটৰাজ' নৃত্যত বিমুগ্ধ হৈ সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক 'কলাগুৰু' সন্মান প্ৰদান কৰিছিল বুলি প্ৰবাদ আছে।[32][29][33] কিন্তু বিষ্ণু প্ৰসাদ ৰাভাই ১৯৪০ চনত লিখা এখন চিঠিত এই বিষয়ে একো উল্লেখ নাই আৰু সেই অনু্ষ্ঠানত সৰ্বপল্লী ৰাধাকৃষ্ণণ উপস্থিত থকাৰ কথাও কোৱা নাই৷[34] বিষ্ণু প্ৰসাদ ৰাভাক ‘কলাগুৰু’ বিশেষণ উচ্চাৰণ কৰি লিখা প্ৰথমজন ব্যক্তি আছিল বিবুধ কলিতা। তেওঁ ১৯৬৯ চনৰ ২১ জুনত ‘দৈনিক অসম’ত ৰাভাৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰি এই অভিধাটো ব্যৱহাৰ কৰিছিল। [35] তেওঁৰ স্মৃতিত সাংবাদিক তিলক দাসে "বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি" আৰু "বিষ্ণু ৰাভা পুনৰ আহিব উভতি" শীৰ্ষক দুখন জীৱনীও লিখি উলিয়াইছিল।[36]
বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা মুকলি কৰে। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটাৰে সন্মানীত কৰা হয়।[37][38]
বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি উদ্যান তেজপুৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ভৈৰৱী মন্দিৰৰ কাষতে অৱস্থিত। বিষ্ণু ৰাভাৰ সোঁৱাৰণত স্থাপিত এই উদ্যানৰ কাম-কাজ আৰম্ভ কৰে বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই। পাছলৈ অসম চৰকাৰে এই উদ্যানৰ দায়িত্ব লয়। উদ্যানৰ দেৱালত ৰাভাৰ বিভিন্ন কৰ্মৰাজি খোদিত কৰা আছে। এই উদ্যানৰ ভিতৰতে ৰাভাৰ সমাধি অৱস্থিত।[39]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.