![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/75/Manoj_Bajpai_at_52nd_IFFI.jpg/640px-Manoj_Bajpai_at_52nd_IFFI.jpg&w=640&q=50)
মনোজ বাজপেয়ী
ভাৰতীয় অভিনেতা / From Wikipedia, the free encyclopedia
মনোজ বাজপেয়ী (ইংৰাজী: Manoj Bajpayee; জন্ম ২৩ এপ্ৰিল ১৯৬৯) এজন ভাৰতীয় অভিনেতা যি প্ৰধানকৈ হিন্দী চিনেমাত অভিনয় কৰে। ইয়াৰোপৰি তেওঁ তেলেগু আৰু তামিল ভাষাৰ ছবিতো অভিনয় কৰিছে। হিন্দী চিনেমা বা বলিউডৰ এগৰাকী উল্লেখযোগ্য অভিনেতা হিচাপে গণ্য হোৱা মনোজ বাজপেয়ীয়ে তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ছটা ফিল্মফেয়াৰ বঁটা, আৰু দুটা এছিয়া পেচিফিক পৰ্দা বঁটা লাভ কৰিছে। ২০১৯ চনত শিল্পলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে তেওঁক সন্মানিত হয়।
মনোজ বাজপেয়ী | |
---|---|
![]() ৫২সংখ্যক আন্ত:ৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত মনোজ বাজপেয়ী, ২০২১ চনত | |
জন্ম | ২৩ এপ্ৰিল, ১৯৬৯ (৫৪ বছৰ) পশ্চিম চাম্পাৰণ জিলা, বিহাৰ |
অন্য নাম | মনোজ বাজপেয়ী |
শিক্ষা | ছেইণ্ট ষ্টেনিশ্লছ মিছন মিডল স্কুল, বিহাৰ • খ্ৰীষ্ট ৰাজা হাইস্কুল, বিহাৰ • মহাৰাণী জানকী কোঁৱৰ কলেজ, বিহাৰ (একাদশ আৰু দ্বাদশ) |
শিক্ষানুষ্ঠান | ৰামযশ কলেজ, দিল্লী বিশ্ববিদ্যালয়,(কলাৰ স্নাতক, ইতিহাস (অনাৰ্ছ) স্নাতকোত্তৰ (পালি ভাষা) (অসমাপ্ত) |
পেচা | অভিনেতা |
সক্ৰিয় হৈ থকা সময় | ১৯৯৩–বৰ্তমান |
দাম্পত্যসঙ্গী | শ্বাবানা ৰাজা (বি. ২০০৬) |
সন্তান | ১ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী •ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ বেটিয়া চহৰৰ সমীপৰ এখন সৰু গাঁও বেলৱাত জন্মগ্ৰহণ কৰা বাজপেয়ীয়ে সৰুৰে পৰা অভিনেতা হোৱাৰ সপোন দেখিছিল। সোতৰ বছৰ বয়সত তেওঁ দিল্লীলৈ স্থানান্তৰিত হয়, আৰু নেচনেল স্কুল অৱ ড্ৰামাত আবেদন কৰে। তেওঁক পিছে চাৰিবাৰ প্ৰত্যাখ্যান কৰা হৈছিল। অৱশ্যে কলেজত পঢ়ি থকা অৱস্থাত তেওঁ থিয়েটাৰ কৰি থাকিল। ১৯৯৪ চনত তেওঁ দ্ৰোহকাল ছবিখনত এক মিনিটৰ চৰিত্ৰ এটাত আৰু একেটা বছৰতে শেখৰ কাপুৰৰ বেণ্ডিট কুইন ছবিত ডকাইতৰ সৰু চৰিত্ৰ এটা ৰূপায়ন কৰে৷ কেইটামান অলক্ষিত চৰিত্ৰৰ অন্তত তেওঁ ১৯৯৮ চনত ৰাম গোপাল বাৰ্মাৰ অপৰাধমূলক ছবি সত্যত গেংষ্টাৰ ভিকু মহাত্ৰেৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ জৰিয়ত তেওঁ চলচ্চিত্ৰ উদ্যোগটোত এক অগ্ৰগতি লাভ কৰে। বাজপেয়ীয়ে ছবিখনৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। তাৰ পিছত তেওঁ কৌন? (১৯৯৯) আৰু শূল (১৯৯৯) ছবিত অভিনয় কৰিছিল৷ পিছৰখন ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ দ্বিতীয়টো ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে।
২০০৩ চনত বাজপেয়ীয়ে পিঞ্জৰ ছবিখনৰ বাবে বিচাৰকৰ বিশেষ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁক কিছুমান অগুৰুত্বপূৰ্ণ ছবিত অভিনয় কৰা দেখা যায়। পৰৱৰ্তী সময়ত তেওঁ ৰাজনৈতিক থ্ৰিলাৰ ৰাজনীতি (২০১০)ত এজন লোভী ৰাজনীতিবিদৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ যথেষ্ট প্ৰশংসা অৰ্জন কৰে৷ ২০১২ চনত বাজপেয়ীয়ে গেংছ অৱ ৱাছেপুৰত সমালোচকৰ দ্বাৰা প্ৰশংসিত গুৰুত্বপূৰ্ণ চৰিত্ৰ চৰ্দাৰ খানৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ পৰৱৰ্তী ভূমিকা আছিল চক্ৰব্যুহ (২০১২) ছবিখনত এজন নক্সালবাদী হিচাপে৷ ২০১৩ চনত তেওঁ স্পেচিয়েল 26ত চিবিআই বিষয়া হিচাপে অভিনয় কৰে। ২০১৬ চনত তেওঁ হাংসাল মেহতাৰ জীৱনীমূলক ড্ৰামা আলিগড়ত অধ্যাপক ৰামচন্দ্ৰ ছিৰাছৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ তৃতীয় ফিল্মফেয়াৰ সমালোচক বঁটা আৰু ২০১৬ চনত এছিয়া পেচিফিক পৰ্দা বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল৷ ভোছলে ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনতাৰ বঁটা লাভ কৰে৷ ২০২১ চনত ফেমিলি মেনৰ বাবে তেওঁ ফিল্মফেয়াৰ অটিটিৰ পৰা শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে৷[1]