মাইঅ'কাৰ্দিয়েল ইনফাৰ্কচন
হাৰ্ট এটেক / From Wikipedia, the free encyclopedia
মাইঅ'কাৰ্দিয়েল ইনফাৰ্কচন (ইংৰাজী: myocardial infarction; MI বা acute myocardial infarction (AMI)) সাধাৰণতে হাৰ্ট এটেকবুলিয়েই জনা যায়, হৃদযন্ত্ৰ কোনো অংশলৈ ৰক্ত প্ৰৱাহ বন্ধ হোৱাৰ ফলত হৃদ পেশীৰ ক্ষতিসাধনৰ বাবে হয়। সাধাৰণ লক্ষণবোৰ হৈছে বুকুৰ বিষ বা অস্বস্থি অনুভৱ কৰা, যি বাহু, কান্ধ, পিঠি, ডিঙি অথবা হনুলৈকে বিয়পিব পাৰে। প্ৰায়ে কেবা মিনিট পৰ্যন্ত বুকুৰ মাজভাগত বা সামান্য বাওঁফালে বিষ অনুভৱ হয়। কেতিয়াবা বুকু জ্বলনৰ দৰেও অনুভৱ হয়। অন্যান্য কিছুমান লক্ষণ হৈছে, উশাহ চুটি হোৱা,বমি বমি ভাৱ(Nausea), দুৰ্বল অনুভৱ কৰা, ঠাণ্ডা ঘাম, বা ভাগৰ লগা।[1] প্ৰায় ৩০% লোকৰ অসাধাৰণ লক্ষণ,[2] সাধাৰণতে পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেচি দেখা পোৱা যায়।[3] ৭৫ বছৰতকৈ অধিক বয়সৰ লোক সকলৰ প্ৰায় ৫%ৰে MI থাকে, যদিও লক্ষণবোৰ কমকৈ দেখা দিয়ে নাইবা একেবাৰে দেখা নিদিয়ে।[4] ইয়াৰ ফলত হৃদযন্ত্ৰৰ বিকলতা, অস্বাভাৱিক হৃদস্পন্দন বা কাৰ্দিয়াক এৰেষ্ট হ'ব পাৰে।[5][6]
মাইঅ'কাৰ্দিয়েল ইনফাৰ্কচন | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
Diagram of a myocardial infarction (2) of the anterior wall of the heart after blockage (1) of a branch of the left coronary artery (LCA). In the diagram, RCA is the right coronary artery. | |
আই.চি.ডি.-10 | I21-I22 |
আই.চি.ডি.-9 | 410 |
ডিজিজেছ ডে'টাবে'ছ | 8664 |
মেডলাইন প্লাছ | 000195 |
ইমেডিচিন | med/1567 emerg/327 ped/2520 |
MeSH | D009203 |
বেচিভাগ MI ক'ৰনেৰি সিৰাৰ ৰোগৰ বাবে হয়।[5] অন্যান্য কাৰকবোৰ হৈছে, উচ্চ ৰক্তচাপ, ধুম্ৰপান, মধুমেহ, ব্যায়াম নকৰা, মেদবহুলতা, তেজত ক'লেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱা, সুষম আহাৰ নোখোৱা, আৰু অত্যধিক সুৰা পান কৰা আদি।[7][8] অন্যান্য কাৰকৰ লগতে ক'কেইন, বিশেষ আবেগিক চাঁপ, অত্যধিক ঠাণ্ডাৰ বাবে হোৱা সিৰাৰ সমস্যাৰ বাবেও কেতিয়াবা এই ৰোগ হয়।[9][10] ইলেক্ট্ৰ'কাৰ্দিঅ'গ্ৰাম (ECGs), তেজ পৰীক্ষা, আৰু ক'ৰনেৰি এঞ্জিঅ'গ্ৰাফি আদিৰ দ্বাৰা ৰোগ নিৰ্ধাৰণ কৰা হয়।[11]
MI বুলি সন্দেহ হ'লে এছপিৰিণৰ দ্বাৰা তাৎক্ষণিক চিকিৎসা কৰা হয়।[12] সামগ্ৰিক ফলাফল ভাল নহ'লেও, নাইট্ৰ'গ্লিচাৰিণ বা অ'পিঅইডৰ দ্বাৰা বুকুৰ বিষ কিছু কমাব পাৰি।[2][12] অক্সিজেনৰ স্তৰ অভাৱ হোৱা বা শ্বাস-প্ৰশ্বাস চুটি হোৱা ৰোগী সকলক অক্সিজেনৰ যোগান ধৰা হয়।[12] সিৰাৰ অৱৰোধ আৰু মধুমেহৰ বাবে হোৱা ৰোগৰ ক্ষেত্ৰত, বাইপাছ অপাৰেচন (CABG) কৰা হয়।[13] MIত আক্ৰান্ত হ'লে, বিশেষভাৱে অনুমোদিত কাৰ্যপন্থা হৈছে উন্নীত জীৱনশৈলী, এছপিৰিনৰ দ্বাৰা দীৰ্ঘম্যাদী চিকিৎসা, বিটা ব্লকাৰ, আৰু ষ্টেটিন।[2]
বিশ্বজুৰি প্ৰতিবছৰে প্ৰায় ৩ নিযুত লোক MIত আৰু ৪ নিযুত লোক NSTEMIত আক্ৰান্ত হয়।[14] মহিলাতকৈ দুগুণ বেছি পুৰুষ STEMIত আক্ৰান্ত হয়।[15] যুক্ত ৰাষ্ট্ৰত বছৰি প্ৰায় এক নিযুত লোক MIত আক্ৰান্ত হয়।[5] উন্নত দেশবোৰত STEMIত আক্ৰান্ত ১০% ৰোগীৰ মৃত্যুৰ সম্ভাৱনা থাকে।[2] ১০৯০ আৰু ২০১০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে নিৰ্দিষ্ট বয়সৰ MIৰ হাৰ বহুগুণে হ্ৰাস পাইছে।[16]