ভাৰতীয় ৰাজনীতিবিদ From Wikipedia, the free encyclopedia
লালকৃষ্ণ আদৱানী (ইংৰাজী: Lal Krishna Advani; জন্ম: ৮ নৱেম্বৰ ১৯২৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০০২ চনৰ পৰা ২০০৪ চনলৈ ভাৰতৰ সপ্তম উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম সহ-প্ৰতিষ্ঠাপক আৰু সোঁপন্থী হিন্দু জাতীয়তাবাদী স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য। ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈকে সৰ্বাধিক দীৰ্ঘদিনীয়া গৃহ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতে লোকসভাৰ বিৰোধী দলৰ নেতা হিচাপেও দীৰ্ঘদিনীয়া কাৰ্যনিৰ্বাহ কৰিছে। ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত তেওঁ বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল।
লালকৃষ্ণ আদৱানী | |
---|---|
২০০৯ চনত আদৱানী | |
ভাৰতৰ সপ্তম উপ-প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ২৯ জুন ২০০২ – ২২ মে' ২০০৪ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | দেৱী লাল |
উত্তৰসূৰী | পদ খালী |
কয়লা আৰু খনি মন্ত্ৰী | |
কাৰ্যকাল ১ জুলাই ২০০২ – ২৬ আগষ্ট ২০০২ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | অটল বিহাৰী বাজপায়ী |
উত্তৰসূৰী | উমা ভাৰতী |
কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰী | |
কাৰ্যকাল ২৯ জানুৱাৰী ২০০৩ – ২১ মে' ২০০৪ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
উত্তৰসূৰী | মনমোহন সিং |
গৃহ মন্ত্ৰী | |
কাৰ্যকাল ১৯ মাৰ্চ ১৯৯৮ – ২২ মে' ২০০৪ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | ইন্দ্ৰজিৎ গুপ্তা |
উত্তৰসূৰী | শিৱৰাজ পাটিল |
তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী | |
কাৰ্যকাল ২৪ মাৰ্চ ১৯৭৭ – ২৮ জুলাই ১৯৭৯ | |
প্ৰধানমন্ত্ৰী | মোৰাৰজী দেশাই |
পূৰ্বসূৰী | বিদ্যা চৰণ শুক্লা |
উত্তৰসূৰী | পুৰুষোত্তম কৌশিক |
লোকসভাৰ ষষ্ঠ বিৰোধী দলৰ নেতা | |
কাৰ্যকাল মে' ২০০৪ – ডিচেম্বৰ ২০০৯ | |
পূৰ্বসূৰী | ছোনিয়া গান্ধী |
উত্তৰসূৰী | সুষমা স্বৰাজ |
কাৰ্যকাল ২৪ ডিচেম্বৰ ১৯৯০ – ২৬ জুলাই ১৯৯৩ | |
পূৰ্বসূৰী | ৰাজীৱ গান্ধী |
উত্তৰসূৰী | অটল বিহাৰী বাজপায়ী |
ৰাজ্যসভাৰ পঞ্চম বিৰোধী দলৰ নেতা | |
কাৰ্যকাল ২১ জানুৱাৰী ১৯৮০ – ৭ এপ্ৰিল ১৯৮০ | |
উপ ৰাষ্ট্ৰপতি | মহম্মদ হিদয়াতুল্লা |
পূৰ্বসূৰী | কমলাপতি ত্ৰিপাঠী |
উত্তৰসূৰী | পি. শিৱ শংকৰ |
ৰাজ্যসভাৰ সাংসদ | |
কাৰ্যকাল ৩ এপ্ৰিল ১৯৭০ – ২ এপ্ৰিল ১৯৭৬ | |
পূৰ্বসূৰী | চৰ্দাৰ সন্তোষ সিং |
উত্তৰসূৰী | চৰণজিৎ চানানা |
সমষ্টি | দিল্লী |
কাৰ্যকাল ৩ এপ্ৰিল ১৯৭৬ – ২ এপ্ৰিল ১৯৮২ | |
পূৰ্বসূৰী | দেৱদত্ত কুমাৰ কিকাভাই পাটেল |
উত্তৰসূৰী | কুমুদ বেন যোশী |
সমষ্টি | গুজৰাট |
কাৰ্যকাল ৩ এপ্ৰিল ১৯৮২ – ২ এপ্ৰিল ১৯৮৮ | |
পূৰ্বসূৰী | চাৱাই সিং সিসোদিয়া |
উত্তৰসূৰী | ৰাধাকৃষ্ণণ মালৱীয় |
সমষ্টি | মধ্য প্ৰদেশ |
কাৰ্যকাল ৩ এপ্ৰিল ১৯৮৮ – ৩০ নৱেম্বৰ ১৯৮৯ | |
পূৰ্বসূৰী | হংস ৰাজ ভাৰদ্বাজ |
উত্তৰসূৰী | জিতেন্দ্ৰ কুমাৰ জৈন |
সমষ্টি | মধ্য প্ৰদেশ |
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ২৮ ফেব্ৰুৱাৰী ১৯৯৮ – ২৩ মে' ২০১৯ | |
পূৰ্বসূৰী | বিজয় পাটেল |
উত্তৰসূৰী | অমিত শ্বাহ |
সমষ্টি | গান্ধীনগৰ |
কাৰ্যকাল ২৬ নৱেম্বৰ ১৯৮৯ – ৭ মে' ১৯৯৬ | |
পূৰ্বসূৰী | কৃষ্ণ চন্দ্ৰ পণ্ট |
উত্তৰসূৰী | ৰাজেশ খান্না |
সমষ্টি | নতুন দিল্লী |
দিল্লী মহানগৰ পৰিষদৰ দ্বিতীয় অধ্যক্ষ | |
কাৰ্যকাল ২৮ মাৰ্চ ১৯৬৭ – ১৯ এপ্ৰিল ১৯৭০ | |
পূৰ্বসূৰী | জগ প্ৰৱেশ চন্দ্ৰ |
উত্তৰসূৰী | শ্যাম চৰণ গুপ্তা |
ভাৰতীয় জনতা পাৰ্টিৰ দ্বিতীয় অধ্যক্ষ | |
কাৰ্যকাল ১৯৮৬ – ১৯৯১ | |
পূৰ্বসূৰী | অটল বিহাৰী বাজপায়ী |
উত্তৰসূৰী | মুৰলী মনোহৰ যোশী |
ব্যক্তিগত তথ্য | |
জন্ম | লাল কৃষ্ণ আদৱানী ৮ নৱেম্বৰ, ১৯২৭ (৯৬ বছৰ) কৰাচী, বম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ৰাজ (বৰ্তমান সিন্ধ প্ৰদেশ, পাকিস্তান) |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | কমলা আদৱানী (বি. ১৯৬৫; মৃ. ২০১৬) |
সন্তান | প্ৰতিভা আদৱানী (কন্যা) জয়ন্ত আদৱানী (পুত্ৰ) |
পুৰস্কাৰ | ভাৰত ৰত্ন, ২০২৪ পদ্ম বিভূষণ, ২০১৫ |
আদৱানীয়ে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত কৰাচীত জন্মগ্ৰহণ কৰি ভাৰত বিভাজনৰ সময়ত ভাৰতলৈ প্ৰব্ৰজন কৰি বোম্বাইত বসতি স্থাপন কৰি তাতেই কলেজীয়া শিক্ষা সমাপ্ত কৰে। আদৱানীয়ে ১৯৪১ চনত চৈধ্য বছৰ বয়সত আৰ এছ এছত যোগদান কৰি প্ৰচাৰক ৰাজস্থান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫১ চনত আদৱানীয়ে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰতিষ্ঠা কৰা ভাৰতীয় জনসংঘৰ সদস্য হৈ সংসদীয় পৰিক্ৰমাৰ দায়িত্ব, সাধাৰণ সম্পাদক, দিল্লী ইউনিটৰ সভাপতিকে ধৰি বিভিন্ন ভূমিকা পালন কৰে। তেওঁ ১৯৬৭ চনত প্ৰথম দিল্লী মহানগৰ পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত হৈ ১৯৭০ চনলৈকে আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৭০ চনত আদৱানীয়ে প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু ১৯৮৯ চনলৈকে চাৰিটা কাৰ্যকাল ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৭৩ চনত তেওঁজন সংঘৰ সভাপতি হয় আৰু ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে জনসংঘ আৰু জনতা পাৰ্টি একত্ৰিত হয়। নিৰ্বাচনত জনতা দলৰ বিজয়ৰ পিছত আদৱানী কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী আৰু ৰাজ্যসভাত সদনৰ নেতা হয়।
১৯৮০ চনত অটল বিহাৰী বাজপেয়ীৰ সৈতে বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য হিচাপে তেওঁ তিনিবাৰকৈ দলৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু লোকসভাত তেওঁ ৭টা কাৰ্যকাল সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দুয়োটা সদনত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ গৃহ মন্ত্ৰী আৰু ২০০২ চনৰ পৰা ২০০৪ চনলৈ উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতে ২০১৯ চনলৈকে ভাৰতীয় সংসদত কাৰ্যনিৰ্বাহ কৰি বিজেপিক ভাৰতৰ অন্যতম প্ৰধান ৰাজনৈতিক দল হিচাপে উত্থানৰ কৃতিত্ব লাভ কৰে। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৫ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ আৰু ২০২৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰে।
১৯২৭ চনৰ ৮ নৱেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত কৰাচীৰ সিন্ধী হিন্দু পৰিয়ালত লাল কৃষ্ণ আদৱানীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কিষণচন্দ ডি আদৱানী আৰু মাতৃ জ্ঞানী দেৱী।[1][2] তেওঁ কৰাচীৰ ছেইণ্ট পেট্ৰিক হাইস্কুলত আৰু সিন্ধৰ হায়দৰাবাদত অৱস্থিত ডি.জি. নেচনেল কলেজত তেওঁ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল।[3] ভাৰত বিভাজনৰ সময়ত তেওঁৰ পৰিয়াল ভাৰতলৈ প্ৰব্ৰজন কৰি বোম্বাইত বসতি স্থাপন কৰিবলৈ লয়। তাৰপিছত তেওঁ বম্বে বিশ্ববিদ্যালয়ৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[4][5]
১৯৬৫ চনৰ ফেব্ৰুৱাৰী মাহত আদৱানীয়ে কমলা আদৱানীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে।[6] তেখেতৰ জীয়ৰী প্ৰতিভা এগৰাকী টেলিভিছন প্ৰযোজক আৰু তেওঁ পিতৃৰ ৰাজনৈতিক কাম-কাজতো সহায় কৰে।[7] ২০১৬ চনৰ ৬ এপ্ৰিল তাৰিখে বাৰ্ধক্যজনীত কাৰণত তেওঁৰ পত্নীৰ মৃত্যু হয়।[8] আদৱানীয়ে বৰ্তমান দিল্লীত বসবাস কৰে।[9]
আদৱানীয়ে ১৯৪১ চনত চৈধ্য বছৰ বয়সত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰে।[10] তেওঁ আৰ এছ এছৰ শাখা পৰিচালনা কৰা প্ৰচাৰক (পূৰ্ণকালীন কৰ্মী) হয় আৰু ১৯৪৭ চনত কৰাচী ইউনিটৰ সম্পাদক হয়।[11] ভাৰত বিভাজনৰ পিছত আদৱানীয়ে ১৯৫২ চনলৈকে আলৱাৰ, ভৰতপুৰ, কোটা, বুণ্ডী আৰু ঝালাৱাৰ জিলাত কাম কৰি ৰাজস্থানৰ এজন প্ৰচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[12]
আদৱানীয়ে ১৯৫১ চনত শ্যামা প্ৰসাদ মুখাৰ্জীয়ে আৰ এছ এছৰ সহযোগত প্ৰতিষ্ঠা কৰা ৰাজনৈতিক দল ভাৰতীয়জন সংঘৰ সদস্য হয়। তাৰপিছত তেওঁ ৰাজস্থানৰ জনসংঘৰ তেতিয়াৰ সাধাৰণ সম্পাদক এছ এছ ভাণ্ডাৰীৰ সচিব হিচাপে নিযুক্তি লাভ কৰে। ১৯৫৭ চনত তেওঁ দিল্লীলৈ গুচি যায় আৰু জনসংঘৰ দিল্লী ইউনিটৰ সাধাৰণ সম্পাদক আৰু পিছলৈ সভাপতি পদত অধিষ্ঠিত হয়। ১৯৬৬ চনৰ পৰা ১৯৬৭ চনলৈ তেওঁ দিল্লী মহানগৰ পৰিষদ (ডিএমচি)ত বিজেএছৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৭ চনৰ দিল্লী মহানগৰ পৰিষদৰ নিৰ্বাচনৰ পিছত তেওঁ পৰিষদৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় আৰু ১৯৭০ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰে।[4][13] তেওঁ আৰ এছ এছৰ সাপ্তাহিক বাতৰি কাকত 'অৰ্গেনাইজাৰ' প্ৰকাশৰ ক্ষেত্ৰতো কে আৰ মালকানীক সহায় কৰিছিল আৰু ১৯৬৬ চনত ইয়াৰ ৰাষ্ট্ৰীয় কাৰ্যবাহীৰ সদস্য হৈছিল।[12]
১৯৭০ চনত আদৱানীয়ে দিল্লীৰ পৰা ছবছৰীয়া কাৰ্যকালৰ বাবে ৰাজ্যসভাৰ সদস্য হয়।[14] ১৯৭৩ চনত দলীয় কাৰ্যকৰী সমিতিৰ বৈঠকৰ কানপুৰ অধিৱেশনত বিজেএছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।[4] ১৯৭৬ চনত আদৱানীয়ে দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়।[14] তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বিৰোধী দলসমূহৰ ওপৰত জৰুৰীকালীন অৱস্থাৰ সহায়ত দমন কৰাৰ পিছত বিজেএছ আৰু অন্যান্য বিৰোধী দলসমূহ একত্ৰিত হৈ জনতা পাৰ্টি গঠন কৰে।[15] ১৯৭৭ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ ব্যাপক সমালোচনাৰ সম্মুখীন হোৱাৰ বাবে জনতা পাৰ্টিয়ে বৃহৎ ব্যৱধানত জয়লাভ কৰে।[16] নতুন চৰকাৰত মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী হোৱাৰ লগতে আদৱানী তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী হয়।[17] চৰকাৰে পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ নকৰি ১৯৮০ চনত নতুন নিৰ্বাচন আহ্বান কৰিবলৈ ভংগ কৰা হয় আৰু ইয়াৰ ফলত জনতা দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ হাতত পৰাস্ত হয়।[18][19] পৰৱৰ্তী সময়ত আদৱানী ৰাজ্যসভাত বিৰোধী দলৰ নেতাৰ কাৰ্যভাৰ গ্ৰহণ কৰে।[4]
১৯৮০ চনৰ ৬ এপ্ৰিল তাৰিখে জনসংঘৰ পূৰ্বৰ কেইজনমান সদস্যৰ সৈতে আদৱানীয়ে জনতা পাৰ্টি এৰি অটল বিহাৰী বাজপেয়ীক প্ৰথম অধ্যক্ষ হিচাপে লৈ ভাৰতীয় জনতা পাৰ্টি গঠন কৰে।[20] যদিও পূৰ্বৰ চৰকাৰখন ১৯৭৭ চনৰ পৰা ১৯৮০ চনলৈকে কিছু সময়ৰ বাবে চলিছিল আৰু দলীয় কন্দলৰ বাবে মনোমালিন্যৰ সৃষ্টি, এই সময়ছোৱাত আৰ এছ এছৰ সমৰ্থন বৃদ্ধি পাইছিল। এই সমৰ্থন বিজেপি গঠনত শিখৰত উপনীত হৈছিল।[21] ১৯৮২ চনত তেওঁ বিজেপিক প্ৰতিনিধিত্ব কৰি মধ্য প্ৰদেশৰ পৰা তৃতীয়বাৰৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হয়।[14] ১৯৮৪ চনৰ নিৰ্বাচনত বিজেপিয়ে মাত্ৰ দুখন আসন লাভ কৰিছিল আৰু ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ফলত কংগ্ৰেছে সহানুভূতিৰ ঢৌৰ বৃহৎ ব্যৱধানত জয় লাভ কৰিছিল। নিৰ্বাচনত এই ব্যৰ্থতাৰ ফলত আদৱানীক দলৰ অধ্যক্ষ নিযুক্তি দিয়াৰ লগতে বিজেপিয়ে জনসংঘৰ হিন্দুত্ববাদী মতাদৰ্শৰ ফালে মুখ কৰি দলৰ স্থিতি সলনি কৰিলে।[22]
আদৱানীৰ অধ্যক্ষতাৰ কালত বিজেপি অযোধ্যাৰ বাবৰী মছজিদৰ স্থানত বিশ্ব হিন্দু পৰিষদে হিন্দু দেৱতা ৰামক উৎসৰ্গিত মন্দিৰ নিৰ্মাণৰ বাবে আন্দোলন আৰম্ভ কৰাৰ লগে লগে ৰাম জন্মভূমি স্থানক লৈ অযোধ্যা বিবাদৰ ৰাজনৈতিক মুখ হৈ পৰে।[23] এই বিবাদৰ ভিত্তি আছিল যে এই বিবাদিত ঠাইখন ৰামৰ জন্মস্থান আৰু এসময়ত তাত এটা মন্দিৰ আছিল যিটো মোগল সম্ৰাট বাবৰে ভাঙি পেলাইছিল আৰু ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ (ASI)-এ এই দাবীক সমৰ্থন জনাইছিল।[24][25] বিজেপিয়ে এই প্ৰচাৰক সমৰ্থন কৰি ১৯৮৯ চনৰ নিৰ্বাচনৰ বাবে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰৰ অংশ কৰে। তাৰপিছত আদৱানীয়ে প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগে লগে দলক ৮৬খন আসন লাভ কৰাত সহায় কৰে। বিশ্বনাথ প্ৰতাপ সিঙে নেশ্যনেল ফ্ৰণ্ট চৰকাৰ গঠন কৰাৰ সময়ত আদৱানীয়ে লোকসভাত বিৰোধী দলৰ নেতা হৈছিল।[26]
১৯৯০ চনত আদৱানীয়ে ৰাম জন্মভূমি আন্দোলনৰ বাবে স্বেচ্ছাসেৱক সংগঠিত কৰিবলৈ ৰথ লৈ শোভাযাত্ৰাত নামি পৰে। গুজৰাটৰ সোমনাথৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা অযোধ্যাত একত্ৰিত হ'বলৈ ৰাওনা হয়।[27] ১৯৯১ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপি কংগ্ৰেছৰ পিছত দ্বিতীয় বৃহত্তম দল হিচাপে পৰিগণিত হয় আৰু আদৱানীয়ে গান্ধীনগৰৰ পৰা দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰি পুনৰ বিৰোধী দলৰ নেতা হয়।[28] ১৯৯২ চনত বাবৰী মছজিদ ভাঙি পেলোৱা হয় আৰু আদৱানীয়ে মছজিদ ভাঙি পেলোৱাৰ পূৰ্বে উত্তেজক ভাষণ দিয়াৰ অভিযোগ উত্থাপন কৰা হয়।[29][30][31] মছজিদ ভাঙি পেলোৱা গোচৰৰ অভিযুক্তসকলৰ ভিতৰত আদৱানীও আছিল যদিও ২০২০ চনৰ ৩০ ছেপ্টেম্বৰত চিবিআইৰ বিশেষ আদালতে তেওঁক দোষমুক্ত কৰে।[32][33] ৰায়দানত উল্লেখ কৰা হৈছে যে মছজিদ ভাঙি পেলোৱাৰ কাৰ্য পূৰ্বে পৰিকল্পিত নাছিল। আদৱানীয়ে এই কাৰ্যৰ লগত জড়িত গোটক বাধা দিবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকক উচটনি নিদিবলৈ চেষ্টা কৰিছিল।[34][35]
১৯৯৬ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হয় আৰু ফলস্বৰূপে ৰাষ্ট্ৰপতিয়ে বিজেপিক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়। হাৱালা কেলেংকাৰীৰ সৈতে জড়িত হোৱাৰ অভিযোগত আদৱানীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাছিল আৰু পিছত উচ্চতম ন্যায়ালয়ে তেওঁক মুক্ত কৰিছিল।[36][37] ১৯৯৬ চনৰ মে’ মাহত বাজপেয়ীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত মাত্ৰ তেৰ দিনৰ পিছতে চৰকাৰৰ পতন ঘটিছিল।[38]
১৯৯৮ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (NDA) ক্ষমতালৈ আহে আৰু বাজপায়ী ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়।[39] আদৱানীয়ে তৃতীয় কাৰ্যকালৰ বাবে লোকসভালৈ নিৰ্বাচিত হয় আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী পদবী লাভ কৰে।[4] কিন্তু মাত্ৰ তেৰ মাহৰ পিছত চৰকাৰৰ পুনৰ পতন ঘটে যেতিয়া জয়ললিতাৰ অধীনত অল ইণ্ডিয়ান আন্না দ্ৰাবিড় মুনেত্ৰ কাঝাগামে (AIADMK) চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰে।[39] নতুনকৈ নিৰ্বাচনৰ আহ্বান জনোৱাৰ লগে লগে ১৯৯৯ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে পুনৰ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ লগতে চতুৰ্থ কাৰ্যকালৰ বাবে গান্ধীনগৰৰ পৰা আদৱানীয়ে জয়লাভ কৰে। তেওঁ গৃহমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পিছত ২০০২ চনত উপ-প্ৰধানমন্ত্ৰীৰ পদলৈ উন্নীত হয়।[40][41]
২০০৪ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ক্ষমতালৈ অহাৰ লগে লগে বিজেপি পৰাজয়ৰ সন্মুখীন হয় আৰু মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।[42] আদৱানীয়ে পঞ্চমটো কাৰ্যকালৰ বাবে লোকসভালৈ নিৰ্বাচিত হয় আৰু লোকসভাত বিৰোধী দলৰ নেতা পদত অধিষ্ঠিত হয়।[43][44] ২০০৪ চনত পৰাজয়ৰ পিছত বাজপেয়ীয়ে আদৱানীক বিজেপিৰ নেতৃত্ব দিবলৈ পদোন্নতি দি সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে।[45] ২০০৫ চনৰ জুন মাহত কৰাচী ভ্ৰমণৰ সময়ত আদৱানীয়ে মহম্মদ আলী জিন্নাক "ধৰ্মনিৰপেক্ষ" নেতা বুলি অভিহিত কৰিছিল। ইয়াৰ ফলত তেওঁ আৰ এছ এছৰ সমালোচনাৰ সন্মুখীন হৈছিল। আদৱানীয়ে বিজেপিৰ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয় যদিও কেইদিনমানৰ পিছত তেওঁ পদত্যাগ প্ৰত্যাহাৰ কৰে।[46] ২০০৫ চনৰ এপ্ৰিল মাহত আৰ এছ এছৰ মুৰব্বী কে. এছ. সুদৰ্শনে আদৱানীয়ে বিজেপিৰ অধ্যক্ষ পদ এৰাৰ মত পোষণ কৰে।[47] ২০০৫ চনৰ ডিচেম্বৰ মাহত মুম্বাইত বিজেপিৰ ৰূপালী জয়ন্তী উদযাপনত আদৱানীয়ে দলৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ ঠাইত উত্তৰ প্ৰদেশৰ ৰাজনাথ সিং নিৰ্বাচিত হয়। ২০০৬ চনৰ মাৰ্চ মাহত বাৰাণসীৰ হিন্দু মন্দিৰত বোমা বিস্ফোৰণৰ পিছত আদৱানীয়ে "ভাৰত সুৰক্ষা যাত্ৰা" গ্ৰহণ কৰে। শাসকীয় সংযুক্ত প্ৰগতিশীল মিত্ৰজোঁটৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত কথিত ব্যৰ্থতাৰ ওপৰত আলোকপাত কৰিবলৈ তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল।[48]
২০০৬ চনৰ ডিচেম্বৰ মাহত আদৱানীয়ে কয় যে সংসদীয় গণতন্ত্ৰত বিৰোধীৰ নেতা হিচাপে তেওঁ নিজকে ২০০৯ চনৰ মে' মাহত পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী বুলি গণ্য কৰে।[49] তেওঁৰ প্ৰাৰ্থীত্বক সকলোৱে সমৰ্থন কৰা নাছিল যদিও বাজপেয়ীয়ে আদৱানীৰ প্ৰাৰ্থীত্বক সমৰ্থন কৰিছিল।[50] ২০০৭ চনৰ ২ মে' তাৰিখে বিজেপিৰ সভাপতি ৰাজনাথ সিঙে কয় যে পৰৱৰ্তী নিৰ্বাচনত বিজেপি জয়ী হ'লে আদৱানী পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ বাবে স্বাভাৱিক পছন্দৰ ব্যক্তি।[51] ২০০৭ চনৰ ১০ ডিচেম্বৰত বিজেপিৰ সংসদীয় ব’ৰ্ডে আনুষ্ঠানিকভাৱে ২০০৯ চনত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে লালকৃষ্ণ আদৱানী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বুলি ঘোষণা কৰে।[52]
যদিও আদৱানীয়ে লোকসভাৰ সাংসদ হিচাপে ষষ্ঠবাৰৰ বাবে জয়লাভ কৰে তথাপিও ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ আৰু মিত্ৰশক্তিৰ হাতত বিজেপি পৰাস্ত হয়। প্ৰধানমন্ত্ৰী মনমোহন সিঙে দ্বিতীয় বাৰৰ বাবে তেওঁৰ কাৰ্যভাৰ অব্যাহত ৰাখে। নিৰ্বাচনত পৰাজয়ৰ পিছত আদৱানীয়ে বিৰোধী দলৰ নেতাৰ পদ সুষমা স্বৰাজৰ হাতত অৰ্পণ কৰে।[53][54] ২০১০ চনত তেওঁ নেচনেল ডেম'ক্ৰেটিক এলায়েন্সৰ কাৰ্য্যকৰী অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।[55] আদৱানীয়ে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি একেৰাহে পঞ্চমবাৰৰ বাবে জয়লাভ কৰিছিল। পিছলৈ তেওঁ মুৰলী মনোহৰ যোশী আৰু অটল বিহাৰী বাজপেয়ীৰ সৈতে বিজেপিৰ মাৰ্গ দৰ্শক মণ্ডলৰ অংশ আছিল।[56]
আদৱানীয়ে প্ৰায়ে বিজেপিৰ জনপ্ৰিয়তা বৃদ্ধি আৰু হিন্দুত্ববাদী মতাদৰ্শক একত্ৰিত কৰিবলৈ ৰথ যাত্ৰা বা শোভাযাত্ৰাৰ আয়োজন কৰিছিল। তেওঁ ১৯৯০ চনত প্ৰথমখন যাত্ৰাৰে দেশজুৰি ছটাকৈ ৰথ যাত্ৰা বা শোভাযাত্ৰাৰ আয়োজন কৰিছিল।[57]
সুদীৰ্ঘ কাৰ্যকালত লালকৃষ্ণ আদৱানীয়ে অধিষ্ঠিত হোৱা পদবীসমূহ তলত উল্লেখ কৰা হ'ল:[4]
অধ্যক্ষ
১৯৭৭–৭৯: কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰালয়
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.