শান্তিনিকেতন
From Wikipedia, the free encyclopedia
শান্তিনিকেতন (ইংৰাজী: Santiniketan, বঙালী: শান্তিনিকেতন) পশ্চিমবংগ ৰাজ্যৰ অন্তৰ্গত বীৰভূম জিলাৰ বোলপুৰ চহৰত অৱস্থিত আশ্ৰম আৰু শিক্ষাকেন্দ্ৰ।[1] ১৮৬৩ চনত ৰবীন্দ্ৰনাথৰ পিতা দেবেন্দ্ৰনাথ ঠাকুৰে ঈশ্বৰচিন্তা আৰু ধৰ্ম আলোচনা কৰাৰ উদ্দেশ্যত বোলপুৰ চহৰৰ উত্তৰ অংশত এই আশ্ৰমখনৰ প্ৰতিষ্ঠা কৰিছিল। ১৯০১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিনিকেতনত ব্ৰহ্মবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল যিটো পৰৱৰ্তী সময়ত বিশ্বভাৰতী বিশ্ববিদ্যালয় নামেৰে জনাজাত হয়।[1] ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ জীৱনৰ আধাতকৈ বেছি সময় ইয়াত কটাইছিল। ১৯৫১ চনত বিশ্বভাৰতী বিশ্ববিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছিল।
ক্ষিপ্ৰ তথ্য শান্তিনিকেতন, দেশ ...
শান্তিনিকেতন | |
---|---|
— চহৰ — | |
Poush_Mela_Bazaar_2012.jpgশান্তিনিকেতনৰ বাৰ্ষিক মেলা | |
ভৌগোলিক স্থানাংক: 23.68°N 87.68°E / 23.68; 87.68 | |
দেশ | ভাৰত |
ৰাজ্য | পশ্চিম বংগ |
জিলা | বীৰভূম |
উচ্চতা | ৫৮ মিটাৰ (১৯০.২৯ ফুট) |
সময় অঞ্চল | ভামাস (গ্ৰী.মা.স.+5:30) |
লোকসভা সমষ্টি | বোলপুৰ |
বিধানসভা সমষ্টি | বোলপুৰ |
ৱেবছাইট | visva-bharati |
বন্ধ কৰক