লোকসভা
ভাৰতীয় সংসদৰ নিম্ন সদন / From Wikipedia, the free encyclopedia
লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২জন সদস্য থাকিব পাৰে। ইয়াৰে ৫৩০ জনক ভাৰতৰ ৰাজ্যবোৰৰ ভোটাৰে আৰু ২০ জনক কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভোটাৰে নিৰ্বাচিত কৰে, বাকী দুজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, এওঁলোক দুজন এংলো-ইণ্ডিয়ান মুলৰ হয়। প্ৰতিজন লোকসভাৰ সদস্যই তেওৰ সমষ্টিক লোকসভাত প্ৰতিনিধিত্ব কৰে। প্ৰত্যেক লোকসভাৰ কায্যৰ্কাল পাঁচ বছৰ। বৰ্তমান লোকসভাত ৫৪৫জন সদস্য আছে। ২০০৯ চনলৈকে ভাৰতত মুঠ ১৬খন লোকসভা গঠিত হৈছে।
লোকসভা | |
---|---|
ধৰন | |
ধৰন | ভাৰতৰ সংসদৰ নিম্ন সদন |
নেতা | |
অধ্যক্ষ | ঔম বিৰলা (ভাজপা) ৬ জুন, ২০১৪ |
গৰিষ্ঠ দলনেতা | নৰেন্দ্ৰ মোদী, (ভাৰতীয় জনতা পাৰ্টি) ১৬ মে, ২০১৪ |
বিৰোধী দলনেতা | কোনো দলেই ১০% আসন নোপোৱাত এই পদ খালি হৈ আছে |
গঠন | |
সদস্য | ৫৫২ (৫৫০জন নিৰ্বাচিত + ২জন মনোনীত) |
ৰাজনৈতিক দলসমূহ | সংযুক্ত প্ৰগতিশীল মৰ্চা (ইউপিএ) জাতীয় গণতান্ত্ৰিক মৰ্চা (এনডিএ) বামফ্ৰণ্ট |
নিৰ্বাচন | |
বিগত নিৰ্বাচন | এপ্ৰিল-মে, ২০১৪ |
সভাৰ স্থান | |
সংসদ ভৱনৰ দৃশ্য | |
ৱেবছাইট | |
loksabha.nic.in |
লোকভাৰ সদস্য সকলৰ পৰা এজনক অধ্যক্ষ্ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰা হয়। সদনৰ কাম-কাজ অধ্যক্ষৰ দায়িত্ব।
প্ৰত্যেক লোকসভাৰ ম্যাদ পাঁচ বছৰ। পাঁচ বছৰ অন্তৰত এই সভা স্বয়ংক্ৰিয়ভাৱেই বিলুপ্ত হয়। তেতিয়া জৰুৰী অৱস্থা ঘোষণাৰ মাধ্যমত এই সভাৰ ম্যাদ আৰু এবছৰ বঢ়োৱা যায়। ভাৰতৰ পঞ্চদশ লোকসভা গঠিত হৈছে ২০০৯ চনৰ মে মাহত। ২০০১ চনৰ ভাৰতীয় লোকপিয়লৰ পৰিপ্ৰেক্ষিতে সাম্প্ৰতিকসময়ত লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ্নিদ্ধাৰণৰ বাবে গঠিত হয় সীমা পুনৰ্নিদ্ধাৰণ কমিশ্যন। সীমা পুনৰ্নিদ্ধাৰণৰ কামটো প্ৰকৃতপক্ষে প্ৰত্যেক লোকপিয়লৰ পাছত হোৱাৰ কথা। কিন্তু ১৯৭৬ চনত পৰিবাৰ পৰিকল্পনা কৰ্মসূচিৰ প্ৰভাৱৰ বাবে এটা বিশেষ সংবিধান সংশোধনীৰ দ্বাৰা এই কাম স্থগিত কৰা হৈছিল।[1] বৰ্তমান লোকসভা টিভি নামে লোকসভাৰ এটা নিজস্ব দূৰদৰ্শন কেন্দ্ৰ আছে, যাৰ সদৰ সংসদ ভৱনৰ ওপৰতে অৱস্থিত।