শিৱসাগৰ জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো শিৱসাগৰ জিলাখনৰ বিষয়ে। একে নামৰ নগৰৰ বাবে শিৱসাগৰ চাওক।
শিৱসাগৰ জিলা ইংৰাজী: Sivasagar) ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা শিৱসাগৰৰ ঐতিহাসিক নাম চে'-মুন (আহোম: 𑜋𑜦𑜧 𑜉𑜤𑜃𑜫 [1]। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য, ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে। জিলাখনৰ যি ঠাইলৈকে যোৱা হয় সেই ঠাইতে বুৰঞ্জীৰ সমল বিচাৰি পোৱা যায়৷
ক্ষিপ্ৰ তথ্য শিৱসাগৰ জিলা চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫), দেশ ...
শিৱসাগৰ জিলা চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫) |
|
---|---|
— জিলা — | |
(ওপৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত) শিৱসাগৰৰ শিৱদৌল, শৰাগুৰি চাপৰিৰ আজানপীৰৰ দৰগাহ, গড়গাঁৱৰ কাৰেংঘৰ, ৰংঘৰ, আৰু নিশাৰ শিৱসাগৰ পুখুৰী | |
শিৱসাগৰ জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | শিৱসাগৰ |
মাটিকালি | |
- মুঠ | ২,৬৬৮ কি.মি.২ (১,০৩০.১ বৰ্গ মাইল) |
জনসংখ্যা (২০০৯) | |
- মুঠ | ২৫,০৮,০২১ জন |
- জনঘনত্ব | ৯৪০ প্ৰতি বৰ্গ কি.মি. (২,৪৩৪.৬ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
ৱেবছাইট | sivasagar.nic.in |
বন্ধ কৰক
জিলাখনৰ জলবায়ু গৰম আৰু সেমেকা৷ ব্ৰহ্মপুত্ৰ নদী জিলাখনৰ দাঁতিয়েদি বৈ গৈছে ৷ দিখৌ আৰু দিচাং জিলাখনৰ প্ৰধান নৈ৷
শিৱসাগৰ জিলা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ ক্ষেত্ৰত আগৰণুৱা৷ জিলাখনৰ নাজিৰাত ‘তেল আৰু প্ৰাকৃতিক গেছ নিগম’ৰ উত্তৰ-পূৱ আঞ্চলিক কেন্দ্ৰ অৱস্থিত৷