সদস্য:বিশ্বজিৎ বৈশ্য
From Wikipedia, the free encyclopedia
নিজ মাতৃভাষাক শ্ৰদ্ধা কৰা প্ৰতিজনলৈ মই বিশ্বজিত্ বৈশ্যই প্ৰণিপাত জনাইছোঁ ।
"ভাষা, সাহিত্যৰ দেহ । ভাষালৈ আওকাণ কৰি সাহিত্যৰ শ্ৰীবৃদ্ধি কৰিবলৈ যোৱাই,দেহলৈ হেলা কৰি মনক সুস্থ কৰিবলৈ যোৱা সমান । মাতৃভাষাৰ মুকলি বতাহত ফুৰিলেহে পৈতৃক প্ৰাণ সবল হয়। গতিকে আমাৰ কৰ্তব্য হ’ল — মাতৃভাষাৰ কটকটীয়া শাসন আৰু বিদেশী ভাষাৰ অধিপত্যৰ পৰা, মাতৃভাষাক মুক্ত কৰা ।"
——মিত্ৰদেৱ মহন্ত
নমস্কাৰ,
মোৰ জন্ম আৰু শৈশৱ কামৰূপ জিলাৰ পালেপাৰা নামৰ গাওঁ এখনত, আৰু মোৰ শৈক্ষিক জীৱন— শিক্ষাৰ প্ৰাণকেন্দ্ৰ নলবাৰী জিলাত ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগত স্নাতকোত্তৰ ।
২০২০ চনৰ ১৬ মে’ৰ পৰা অসমীয়া ৱিকিপিডিয়াৰ ক্ষেত্ৰখনত এজন ন শিকাৰু হিচাপে খোঁজ পেলাইছিলোঁ ।
“জয় আই অসম” এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে। |