ৰাগমালা চিত্ৰশৈলী
From Wikipedia, the free encyclopedia
ৰাগমালা চিত্ৰশৈলী (ইংৰাজী: Ragamala paintings) ভাৰতীয় লঘু চিত্ৰশৈলীৰ এক প্ৰকাৰ। ৰাগমালা চিত্ৰশৈলীত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ৰাগসমূহ চিত্ৰিত কৰা হয়। মধ্যযুগীয় ভাৰতত কলা, কবিতা আৰু শাস্ত্ৰীয় সংগীতৰ সংমিশ্ৰণৰ এক ধ্ৰুপদী উদাহৰণ হিচাপে ৰাগমালা চিত্ৰসমূহ বিশেষভাৱে জনপ্ৰিয়। ১৬ আৰু ১৭ শতিকাৰ পৰা আৰম্ভ হোৱা ভাৰতীয় চিত্ৰকলাৰ বেছিভাগ আঞ্চলিক শৈলীত ৰাগমালা চিত্ৰ সৃষ্টি কৰা হৈছিল। বৰ্তমান আঞ্চলিক শৈলী অনুসৰি পাহাৰী ৰাগমালা, ৰাজস্থান বা ৰাজপুত ৰাগমালা, ডেক্কান ৰাগমালা আৰু মোগল ৰাগমালা নামেৰে নামকৰণ কৰা হৈছে।
এই চিত্ৰত প্ৰতিটো ৰাগক এটা ৰং, ভাৱ, নায়ক আৰু নায়িকাৰ কাহিনীৰে বৰ্ণনা কৰা এটা শ্লোকৰ দ্বাৰা প্ৰকাশ কৰা হয়। যিহেতু সংগীতৰ ৰাগ সমূহ বিশেষ ঋতু বা দিনৰ সময়ত গোৱা হয়, সেয়ে ৰাগমালা চিত্ৰয়ে ঋতু আৰু দিন আৰু ৰাতিৰ সময়ও বৰ্ণনা কৰে। অৱশেষত বেছিভাগ চিত্ৰই ৰাগৰ সৈতে সংলগ্ন নিৰ্দিষ্ট হিন্দু দেৱতা, যেনে ভৈৰৱ বা ভৈৰৱী ৰাগৰ সৈতে শিৱ, শ্ৰীৰ পৰা দেৱী আদিক বিশ্লেষণ কৰে। চিত্ৰবোৰত ৰাগৰ লগতে তেওঁলোকৰ পত্নী, (ৰাগিনী), তেওঁলোকৰ অসংখ্য পুত্ৰ (ৰাগপুত্ৰ) আৰু কন্যা (ৰাগপুত্ৰী) চিত্ৰিত কৰা হয়।[1]
ৰাগমালাত উপস্থিত ছয়টা মুখ্য ৰাগ হৈছে ভৈৰৱ, দীপক, শ্ৰী, মালকোষ, মেঘ আৰু হিন্দোল। এইৰাগ সমূহ বছৰৰ ছয়টা ঋতু গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত ঋতুত গোৱা হয়।