উদ্ভিদ
From Wikipedia, the free encyclopedia
উদ্ভিদ (লেটিন ভাষা:Viridiplantae) হ'ল,জীৱবিজ্ঞানৰ উদ্ভিদজগৎৰ অন্তৰ্গত কিছুমান বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ। সপুষ্পক উদ্ভিদ, নগ্নবীজী উদ্ভিদ, ঢেকীয়া, মছ, সেউজ শেলাই আদি উদ্ভিদ জগতৰ অন্তৰ্গত। ভেঁকুৰ, আৰ্কিয়া আৰু বেক্টেৰিয়াক উদ্ভিদ বুলি ধৰা নহয়। সেউজীয়া উদ্ভিদবোৰৰ ছেলুলজেৰে গঠিত কোষবেৰ থাকে আৰু ক্ল'ৰফিলৰ সহায়ত সালোক সংশ্লেষণৰ জৰিয়তে শক্তি আহৰণ কৰে। উদ্ভিদৰ পাতে সেউজীয়া ৰঙটো, সিহঁতৰ ক্লৰপ্লাষ্টত থকা ক্ল'ৰফিল এ আৰু ক্ল'ৰফিল বিৰ পৰা পায়। কিছুমান উদ্ভিদে প্ৰয়োজনীয় ক্ল'ৰফিল উৎপাদন কৰিব নোৱাৰা বা সালোক সংশ্লেষণ কৰিবলৈ অপৰাগ হোৱাৰ বাবে পৰপোষী হৈ জীৱন নিৰ্বাহ কৰে। পৰিবৰ্তিত প্ৰজন্মসমূহত যদিও অযৌন প্ৰজনন দেখা যায়, যৌন প্ৰজনন উদ্ভিদৰ এটা সাধাৰণ বৈশিষ্ট।
উদ্ভিদ জীৱাশ্ম কাল: প্ৰাৰম্ভিক কেমব্ৰিয়ানৰ পৰা এতিয়ালৈকে, ৫২০–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
(অশ্ৰেণীকৃত): | Archaeplastida |
জগৎ/ৰাজ্য: | Plantae হেকেল (Haeckel), 1866[1] |
উদ্ভিদৰ প্ৰায় ৩০০–৩১৫ হাজাৰ প্ৰজাতিৰ ভিতৰত, অধিক সংখ্যকেই, প্ৰায় ২৬০–২৯০ হাজাৰেই বীজ উৎপন্ন কৰা উদ্ভিদ। পৃথিৱীৰ পৰিৱেশতন্ত্ৰৰ মুঠ আনৱিক অক্সিজেনৰ সৰহ ভাগেই সেউজীয়া উদ্ভিদে উপলব্ধ কৰায়। মানুহৰ প্ৰধান খাদ্য শস্য, ফলমূল আৰু শাক-পাচলি উদ্ভিদৰ পৰাই উৎপন্ন হয়। উদ্ভিদক অলংকাৰ হিচাপেও ব্যৱহাৰ কৰা হৈছিল আৰু বহু সমাজত ঔষধ আৰু চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰে। উদ্ভিদ সম্পৰ্কে প্ৰণালীবদ্ধ অধ্যয়নক জীৱ বিজ্ঞানৰ এটা শাখা, উদ্ভিদ বিজ্ঞান বুলি কোৱা হয়।