অংগৰাগ মহন্ত

অসমীয়া কণ্ঠশিল্পী From Wikipedia, the free encyclopedia

অংগৰাগ মহন্ত
Remove ads

অংগৰাগ "পাপন" মহন্ত অসমৰ এগৰাকী কণ্ঠশিল্পী। অসমীয়াৰ বাহিৰেও হিন্দী, বাংলা, তামিল, মাৰাঠী আদি বহু ভাষাত পাপনে গীত গাইছে।[1] এককভাৱে কণ্ঠদান কৰাৰ উপৰিও তেওঁ "ইষ্ট ইণ্ডিয়া কোম্পানী" নামৰ এক সংগীত গোষ্ঠী (বেণ্ড)-ৰ লগতো জড়িত।

ক্ষিপ্ৰ তথ্য অংগৰাগ মহন্ত, প্ৰাথমিক তথ্য ...
Remove ads

প্ৰাৰম্ভিক জীৱন

অংগৰাগ মহন্তই জন্ম লাভ কৰে অসমৰ দুই অতি জনপ্ৰিয় সংগীত শিল্পী খগেন মহন্তৰ ঔৰসত আৰু অৰ্চনা মহন্তৰ গৰ্ভত। সেয়ে তেওঁ সৰুৰে পৰাই সংগীতময় পৰিবেশত ডাঙৰ-দীঘল হয় আৰু সংগীতৰ প্ৰতি আকৰ্ষিত হৈ পৰে।[2][3]

শিল্পী জীৱন

অংগৰাগে কণ্ঠদান কৰা এটি বিহুনাম
(এলবাম: গোমছেং)

অসম তথা উত্তৰ-পূব ভাৰতৰ লোক-সংগীত আৰু বৈষ্ণৱিক ভক্তিমূলক গীতসমূহৰ পৰা প্ৰভাৱিত হৈ পাপনে এইবোৰক আধুনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি ফিউজন ৰূপত শ্ৰোতাৰ মাজত উপস্থাপন কৰে।[2] ২০০৫ চনত মুক্তি পায় পাপনৰ প্ৰথম এলবাম "জোনাকী ৰাতি", যাৰ জৰিয়তেই তেওঁ অসমৰ লগতে বাহিৰৰ শ্ৰোতাৰ মাজত জনপ্ৰিয়তা তথা পৰিচয় লাভ কৰে। তাৰ পাছত ২০১০ চনত মুক্তি লাভ কৰে তেওঁৰ আন এখন একক গীতৰ এলবামৰ "চিনাকি অচিনাকি।"

নেপথ্য গায়ক

অংগৰাগ মহন্তই প্ৰথমবাৰৰ বাবে নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰে ২০১১ চনৰ অসমীয়া ছবি ৰামধেনুৰ "উজাই যা নৈ" শীৰ্ষক গীতটোত। তাৰ ঠিক পাছতেই মুক্তি পায় তেওঁ কণ্ঠদান কৰা প্ৰথম হিন্দী ছবি "দম মাৰো দম" (এপ্ৰিল ২০১১)। 'ছবিখনৰ "জীয়ে কিউ" গীতটোৱে সমালোচকৰ প্ৰশংসাৰ লগতে লাভ কৰে বিশাল সফলতা।[4][5] ইয়াৰ পাছতে পাপনে কেইবাখনো হিন্দী আৰু বঙালী ভাষাৰ ছবিত কণ্ঠদান কৰে। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে: "চাউণ্ডট্ৰেক" (হিন্দী, ২০১১), "আই এম কালাম" (হিন্দী, ২০১১), "চিষ্টেম" (বঙালী, ২০১১) আদি।

পাপনে ভ্ৰাম্যমাণ থিয়েটাৰ নেপথ্য গায়ক হিচাপে পোন প্ৰথমবাৰৰ বাবে গীত গায় ২০১১-১২ বৰ্ষৰ হেঙুল থিয়েটাৰৰ নাট "মৰীচিকা"ত।[6]

ইষ্ট ইণ্ডিয়া কোম্পানী

পাপন "ইষ্ট ইণ্ডিয়া কোম্পানী" নামৰ বেণ্ডটোৰ মূল কণ্ঠশিল্পী। ২০০৭ চনত স্থাপিত এই বেণ্ডৰ অন্য সদস্য সকল হৈছে: ব্ৰীণ দেচাই (সংগীত ব্যৱস্থাপক), কৃষ্ণা (গিটাৰবাদক), দিপু (বেচ্ গিটাৰবাদক), কীৰ্তি (তবলাবাদক), আৰু পংকজ (গীটাৰবাদক)।[7] এই বেণ্ডটোৱে অসমৰ লগতে নিউজিলেণ্ড[8] আদি ঠাইত সংগীতানুষ্ঠান পৰিবেশন কৰিছে। পাপনৰ লগতে এই বেণ্ডৰ অন্য সদস্য সকলে মেডিয়েভিল পণ্ডিত, "ইণ্ডিয়ান অ'চিন"ৰ সুমিত সেন আদিৰ লগত ভোকেল জেম কৰি আহিছে।[2][3]

Thumb
পাপন- এন আই টি শিলচৰৰ 'ইনকেনডেচেন্স'ত সঙ্গীতানুষ্ঠানত, ১০ ফেব্ৰুৱাৰী,২০১৪

অন্যান্য

পাপনে তেওঁৰ ইষ্ট ইণ্ডিয়া কোম্পানী বেণ্ডৰ আন সদস্যৰ সৈতে এম টিভিৰ সংগীতানুষ্ঠান "ক'ক ষ্টুডিঅ'"ৰ প্ৰথম চিজন(২০১১),দ্বিতীয় (২০১২)আৰু তৃতীয় (২০১৩) চিজনত গীত পৰিবেশন কৰে। প্ৰথম চিজনত পাপনে এটা বিহুগীত, দ্বিতীয় চিজনত এটা টোকাৰী গীত আৰু তৃতীয় চিজনত হোলী গীত, ঝুমুৰ গীত, গোৱালপৰীয়া লোকগীতেৰে সমৃদ্ধ মুঠ ছটা গীতৰ এটা সম্পূৰ্ণ খণ্ড পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। ক'ক ষ্টুডিঅ'ৰ প্ৰায় আটাইকেইটা গীতেই ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল।[9] ইয়াৰ লগতে এই একে অনুষ্ঠানৰ দ্বাৰা ভাৰতৰ দহখন চহৰত ২০১১ চনৰ জুলাইৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আয়োজিত কনচাৰ্টৰ নখনত সংগীত পৰিবেশন কৰিছিল।[10]

ষ্টাৰ ৱৰ্ল্ড ভাৰতৰ সংগীতভিত্তিক তথ্যচিত্ৰ ধাৰাবিহিক "দা দ্যুৱৰিষ্টচ্"-ৰ প্ৰথম চিজনৰ ষষ্ঠ খণ্ডটোত অংগৰাগক ৰব্বি শেৰগীলৰ সৈতে সংগীত পৰিবেশন কৰিবৰ বাবে আমন্ত্ৰিত হৈছিল।[11][12][13] "খোলে দা ৰব্" নামৰ এই খণ্ডটো ২০১১ চনৰ ২০ নবেম্বৰত প্ৰদৰ্শিত হয়।[14][15] কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চিত্ৰগ্ৰহণ কৰা খণ্ডটোত অংগৰাগ আৰু ৰব্বি মিলি অসমীয়া, হিন্দী আৰু পঞ্জাবী ভাষা মিশ্ৰিত এটি গীত ৰচনা কৰে। এই গীতটোত অংগৰাগে বড়ো, ৰাভা আৰু সত্ৰীয়া সংগীতৰ উপাদান ব্যৱহাৰ কৰে।[12]

২০১৩ চনত এম টি ভিৰ অনুষ্ঠান ৰ’দীজৰ দশম খণ্ডৰ থীম চং "যাযাবৰ"ত কণ্ঠদান কৰে, গীতটিত পাপনৰ লগত সহঃ শিল্পী হিচাপে কণ্ঠদান অনুষ্ঠানটোৰ পৰিচালক ৰঘু ৰামে।

Remove ads

বঁটা আৰু কৃতিত্ব

Thumb
অংগৰাগ মহন্তই বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০-ৰ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ বঁটা গ্ৰহণ কৰি থকা মুহূৰ্ত
  • বিজয়ী: শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী - বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০ (ৰামধেনুৰ "উজাই যা নৈ"-ৰ বাবে)
  • মনোনীত: শ্ৰেষ্ঠ লোক-সংগীতৰ এলবাম - গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী এৱাৰ্ড ২০১১[16][17]
    (বিহুনামৰ এলবাম "গোমচেং’ আৰু বৰপেটাৰ হোলি গীতৰ এলবাম "ফাগুণৰ গান"-ৰ বাবে)
  • বিজয়ী: শ্ৰেষ্ঠ প্‌প এলবাম - গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী এৱাৰ্ড ২০১২ ("দা ষ্টৰি চ’ ফাৰ"-ৰ বাবে)[18]

সংগীতপঞ্জী

অধিক তথ্য নাম, মুক্তি ...
ৰঙৰ অৰ্থগীতৰ এলবামচলচ্চিত্ৰৰ গীতভ্ৰাম্যমাণ থিয়েটাৰ গীত
Remove ads

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads