নগাঁও
ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰ From Wikipedia, the free encyclopedia
Remove ads
নগাঁও(ইংৰাজী: Nagaon) ঐতিহাসিকভাৱে বান³ আন মাও² (টাই-আহোম: 𑜈𑜡𑜃𑜫; 𑜒𑜃𑜫 𑜉𑜧,) মধ্য অসমৰ এখন উল্লেখযোগ্য চহৰ। প্ৰাচীনকালত নল-খাগৰিৰে ভৰা এই ঠাইডোখৰক খাগৰিজান বুলি জনাজাত আছিল।[উদ্ধৃতিৰ প্ৰয়োজন] মোমাই তামুলী বৰবৰুৱাই নতুনকৈ পতা গাওঁকেইখনমান লগ লগাই নগাঁও অঞ্চলৰ সৃষ্টি কৰিছিল।[2] শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান "বৰদোৱা" লগতে কেইবাজনো অসমীয়া সংস্কৃতিৰ সাধকৰ জন্ম নগাঁৱত হৈছিল।
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই প্ৰবন্ধটো নগৰৰ বিষয়ে। একে নামৰ ঠাইৰ বাবে নগাঁও জিলা চাওক।

নগাঁও জিলা দুটা মহকুমা― নগাঁও সদৰ আৰু কলিয়াবৰেৰে গঠিত।
Remove ads
ভূগোল
ব্ৰহ্মপুত্ৰ নদীৰ উপনদী কলং নগাঁৱৰ মাজেদি বৈ গৈছে আৰু নগৰ খনক দুটা অংশত বিভক্ত কৰিছে: নগাঁও আৰু হয়বৰগাঁও।
পৰিবহণ
পথ
নগাঁও নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱস্থা ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৩৬-এ অসমৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ লগত যাতায়ত সংযোগ কৰিছে। বাছ পৰিবহণে নগৰখনক অসমৰ অন্যান্য অঞ্চলসমূহৰ লগত সংযুক্ত কৰিছে।
ৰে’লপথ
নগাঁও নগৰত দুটা ৰে’ল ষ্টেচন আছে― এটা নগাঁও চহৰত আৰু আনটো হয়বৰগাঁৱত। আনহাতে নিকটৱৰ্ত্তী জংচনটো হৈছে চাপৰমুখ ৰে’ল জংচন। চাপৰমুখ জংচনটো নগাঁও চহৰৰ পৰা প্ৰায় ২৮ কি:মি: দূৰৈত অৱস্থিত। এই জংচনৰ মাজেদি বহুতো দূৰণিবতীয়া ৰে’ল চলাচল কৰে।
বিমানবন্দৰ
তেজপুৰ বিমানবন্দৰ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে নগাঁৱৰ ক্ৰমে নিকটতম দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

Remove ads
ৰাজনীতি
নগাঁও নগৰ নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্গত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈ নগাঁও লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ।
শিক্ষা
আধুনিক শিক্ষা ব্যৱস্থা নগাঁও জিলাত ঊনবিংশ শতিকাতে আমেৰিকান বেপ্টিষ্ট মিশ্যনাৰী মাইল্ছ ব্ৰনছন আৰু নাথান ব্ৰাউনৰ নেতৃত্বত সূচনা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] অসমীয়া সাহিত্যৰ এজন বিশিষ্ট ব্যক্তি আনন্দৰাম ঢেকিয়াল ফুকনে জীৱনৰ অধিকাংশ সময় নগাঁৱত অতিবাহিত কৰিছিল। আনহাতে অসমীয়া বুদ্ধিজীৱী গুণাভিৰাম বৰুৱাই প্ৰায় দুই দশক ধৰি নগাঁৱত অসমীয়া সাহিত্যৰ বিকাশত কৰ্মৰত আছিল।

বিদ্যালয়
অসমৰ প্ৰাচীনতম বিদ্যালয় নগাঁও মিশ্যন উচ্চ বিদ্যালয় ১৮৪৬ চনত মাইল্ছ ব্ৰনছনে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰোপৰি ইয়াত অসমৰ তৃতীয় প্ৰাচীন বিদ্যালয় ১৮৬৫ চনত প্ৰতিষ্ঠিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় অৱস্থিত।[উদ্ধৃতিৰ প্ৰয়োজন] নগাঁৱৰ অন্য এক প্ৰাচীন বিদ্যালয় হৈছে ড'চন উচ্চ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়।
প্ৰখ্যাত ইংৰাজী মাধ্যমৰ বিদ্যালয়
- কেন্দ্ৰীয় বিদ্যালয়, নগাঁও
- খ্ৰীষ্ট জ্যোতি বিদ্যালয়
- নগাঁও মিশ্যন উচ্চ বিদ্যালয়
- লিটিল ফ্লাৱাৰ স্কুল
- নগাঁও ইংলিছ একাডেমী
মহাবিদ্যালয়
নগাঁৱৰ প্ৰসিদ্ধ মহাবিদ্যালয় হৈছে নগাঁও মহাবিদ্যালয়। এই মহাবিদ্যালয় নগৰৰ মাজমজিয়াত অৱস্থিত। আন মহাবিদ্যালয়সমূহৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, খাগৰিজান মহাবিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়, নগাঁও আইন মহাবিদ্যালয়, অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় আদি উল্লেখযোগ্য।

Remove ads
ক্ৰীড়া
নগাঁৱৰ মূল ক্ৰীড়া স্থলী নুৰুল আমিন ষ্টেডিয়াম প্ৰয়াত খেলুৱৈ নুৰুল আমিনৰ নামত নামকৰণ কৰা হৈছে। এই ষ্টেডিয়ামত প্ৰতি বছৰে সন্মানজনক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা আয়োজিত হয়। প্ৰতিযোগিতাখনত দেশৰ বহুতো আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰে।
বিশিষ্ট ব্যক্তি
- শ্ৰীমন্ত শংকৰদেৱ - ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক
- ড॰ ভবেন্দ্ৰ নাথ শইকীয়া - ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ
- যতীন বৰা - অভিনেতা
- খগেন মহন্ত - গায়ক
- লক্ষ্মীনাথ বেজবৰুৱা - কবি, লেখক, ঔপন্যাসিক
- মহিম বৰা - লেখক
- প্ৰফুল্ল কুমাৰ মহন্ত - ৰাজনীতিবিদ
- পাপন - গায়ক
- ভোগেশ্বৰী ফুকননী - স্বাধীনতা সংগ্ৰামী
- ৰত্নকান্ত বৰকাকতী - কবি
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads