ইন্দ্ৰ
From Wikipedia, the free encyclopedia
Remove ads
ইন্দ্ৰ (/ˈɪndrə/; সংস্কৃত: इन्द्र) এজন হিন্দু দেৱতা৷ ইন্দ্ৰক দেৱতা আৰু স্বৰ্গ ৰাজ্যৰ ৰজা বুলি গণ্য কৰা হয়।[4] হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে ইন্দ্ৰ এজন মহাপৰাক্ৰমী দেৱতা তথা ৰজা। মহাভাৰত আৰু ৰামায়ণত উল্লেখ আছে।
ইন্দ্ৰ দেৱতা আকাশ, বিজুলী, বতৰ, বজ্ৰপাত, ধুমুহা, বৰষুণ, নদীৰ প্ৰবাহ আৰু যুদ্ধৰ সৈতে জড়িত।[5][6][7][8]
ঋগবেদত সকলো দেৱতাৰ ভিতৰত আটাইতকৈ বেছি ইন্দ্ৰৰ বিষয়ে উল্লেখ কৰা হৈছে।[9] মানৱৰ সমৃদ্ধি আৰু সুখত বাধাৰ সৃষ্টি কৰা বৃত্ৰ নামৰ দুষ্ট অসুৰক হত্যা কৰা ইন্দ্ৰ দেৱতাক মৰ্যাদাৰ ভিত্তিত তেওঁৰ শক্তিৰ বাবে পূজা কৰা হয়। ইন্দ্ৰই বৃত্ৰ আৰু তেওঁৰ "প্ৰতাৰক শক্তি"ক ধ্বংস কৰে, আৰু এই বিজয়ৰ দ্বাৰা মানৱৰ বাবে ত্ৰাণকৰ্তা স্বৰূপ বৰষুণ আৰু সূৰ্য্যৰ পোহৰ উপলভ্য কৰোৱায়।[8][10]
উত্তৰ-বৈদিক ভাৰতীয় সাহিত্যত ইন্দ্ৰৰ তাৎপৰ্য্য কিছু কমি আহে যদিও বিভিন্ন পৌৰাণিক ঘটনাত তেওঁ এতিয়াও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাহিনীসমূহত তেওঁক এজন শক্তিশালী নায়ক হিচাপে চিত্ৰিত কৰা হৈছে।[11]
বিষ্ণু পুৰাণৰ মতে ইন্দ্ৰ হৈছে দেৱতাৰ ৰজাই বৰণ কৰা উপাধি, হিন্দু ব্ৰহ্মাণ্ডবিজ্ঞানৰ এক চক্ৰীয় সময় প্ৰতিটো মন্বন্তৰত পৰিৱৰ্তন ঘটে। প্ৰতিটো মন্বন্তৰৰ নিজস্ব ইন্দ্ৰ থাকে আৰু বৰ্তমানৰ মন্বন্তৰৰ ইন্দ্ৰক পুৰন্দৰ বোলা হয়।[12][13][14]
বৌদ্ধ (Indā)[15][16] আৰু জৈন[17] পৌৰাণিক কাহিনীতো ইন্দ্ৰক চিত্ৰিত কৰা হৈছে। বৌদ্ধ পৰম্পৰাৰ সংসাৰ মতবাদৰ মতে ইন্দ্ৰই দেৱতাৰ পুনৰ্জন্মৰ জগতখন শাসন কৰে।[18] কিন্তু উত্তৰ-বৈদিক হিন্দু গ্ৰন্থসমূহৰ দৰেই বৌদ্ধ গ্ৰন্থসমূহতো ইন্দ্ৰকো উপহাসৰ বিষয় আৰু মূৰ্তিৰ মৰ্যাদালৈ অবনমিত কৰা হৈছে আৰু পুনৰ্জন্ম লাভ কৰা দেৱতা হিচাপে দেখুওৱা হৈছে।[18] বৌদ্ধ আৰু হিন্দু ধৰ্মৰ দৰে জৈন পৰম্পৰাত ইন্দ্ৰ দেৱতাৰ ৰজা নহয়, বৰঞ্চ স্বৰ্গ-লোকত বাস কৰা অতিমানৱৰ ৰজা আৰু জৈন পুনৰ্জন্ম ব্ৰহ্মাণ্ডবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ অংশ।[19] তেখেতে তেখেতৰ পত্নী ইন্দ্ৰানীৰ সৈতে জৈন তীৰ্থংকৰৰ জীৱনৰ শুভ মুহূৰ্তসমূহ উদযাপন কৰিবলৈ আবিৰ্ভাৱ হয়, যিটো আইকনগ্ৰাফীয়ে স্বৰ্গত বাস কৰা অতিমানৱৰ ৰজা আৰু ৰাণীয়ে এজন জৈনৰ আধ্যাত্মিক যাত্ৰাক শ্ৰদ্ধাৰে চিহ্নিত কৰাৰ ইংগিত দিয়ে।[20][21] গ্ৰীক পৌৰাণিক কাহিনীত তেওঁ জিউছ তথা ৰোমান পৌৰাণিক কাহিনীত জুপিটাৰৰ সমতুল্য। ইন্দ্ৰৰ শক্তিসমূহ বৃহত্তৰ আদি-ইণ্ডো-ইউৰোপীয় পৌৰাণিক কাহিনীৰ অন্তৰ্গত অন্যান্য ভাৰত-ইউৰোপীয় দেৱতা যেনে নৰ্ছ অডিন, পেৰুণ, পাৰ্কুনাছ, জালমোক্সিছ, টাৰানিছ আৰু থৰৰ সৈতে সাদৃশ্য আছে।[8][22][23]
প্ৰতিমাবিদ্যাত ইন্দ্ৰক তেওঁৰ অস্ত্ৰ বজ্ৰ ধাৰণ কৰা আৰু তেওঁৰ বাহন ঐৰাৱতত উঠি থকা দেখা যায়।[24] ইন্দ্ৰৰ বাসস্থান স্বৰ্গৰ ৰাজধানী অমৰৱতী চহৰ যদিও মেৰু পৰ্বতৰ সৈতেও তেওঁক সম্পৰ্কীত কৰা হয়।[18][25]
Remove ads
অন্য ধৰ্মত
ইন্দ্ৰ হৈছে কালাশ জনগোষ্ঠীৰ লোকসকলে পূজা কৰা এজন গুৰুত্বপূৰ্ণ দেৱতা, ইয়াৰ পৰাই প্ৰাচীন হিন্দু ধৰ্মত তেওঁৰ প্ৰাধান্যৰ ইংগিত পোৱা যায়।[26][27][28][29][30][31][32]
বৌদ্ধ ধৰ্ম

বৌদ্ধ ধৰ্মৰ ব্ৰহ্মাণ্ডবিজ্ঞানত ইন্দ্ৰক সুমেৰু পৰ্বতৰ ওপৰত অৱস্থিত ত্ৰয়স্ত্ৰীম্স স্বৰ্গত স্থান দিয়া হৈছে। তেওঁ পুনৰ্জন্মৰ ছয় জগতৰ ভিতৰত বৌদ্ধ পৰম্পৰাত বহুলভাৱে আকাংশা কৰা সংসাৰৰ দেৱ ৰাজ্যত বাস কৰে আৰু শাসন কৰে।[33] মানৱ জীৱনৰ অতি উত্তম কৰ্ম আৰু সঞ্চিত পুণ্যৰ পৰিণতিত ইন্দ্ৰ ৰাজ্যত পুনৰ্জন্ম লাভ হয় বুলি বৌদ্ধ ধৰ্মত বিশ্বাস কৰা হয়।[34]
জৈন ধৰ্ম
জৈন পৌৰাণিক কাহিনীত ইন্দ্ৰই তীৰ্থংকৰ গুৰুসকলৰ সেৱা কৰে বুলি কোৱা হয়। তীৰ্থংকৰ সম্পৰ্কীয় গল্পসমূহত প্ৰায়ে ইন্দ্ৰৰ উপস্থিতি দেখা যায়৷ ইন্দ্ৰই তীৰ্থংকৰৰ জীৱনৰ চৱন কল্যাণক, জন্ম কল্যাণক, দীক্ষা কল্যাণক, কেৱল জ্ঞান কল্যাণক, আৰু মোক্ষ কল্যাণক এই পাঁচটা শুভ পৰিঘটনা পৰিচালনা আৰু উদযাপন কৰে।[35]
জৰথুষ্ট্ৰবাদ
জৰথুষ্ট্ৰবাদৰ পবিত্ৰ ধৰ্মশাস্ত্ৰ আৱেস্তাৰ এটা খণ্ড ভেণ্ডিদাদত নাংহাইথ্যা (বৈদিক নসত্য) আৰু সৌভ্ৰা (সৰ্ব)ৰ সৈতে ইন্দ্ৰকো তুলনামূলকভাৱে ক্ষুদ্ৰ অসুৰ হিচাপে উল্লেখ কৰা হৈছে।[36][37]
Remove ads
টোকা
- These are his parents in the Epics and Puranas. For various earlier versions, see #Literature
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads