বড়ো-কছাৰী
From Wikipedia, the free encyclopedia
Remove ads
বড়ো-কছাৰী হৈছে অসমৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-গাৰো ভাষা কোৱা কেইবাটাও খিলঞ্জীয়া জনগোষ্ঠীক সামগ্ৰিকভাৱে বুজাবলৈ ব্যৱহাৰ কৰা নাম। পূৰ্বতে এই জনগোষ্ঠী সমূহৰ মাজত যথেষ্ট ভাষিক পাৰ্থক্য আছিল যদিও বৰ্তমান তেওঁলোকৰ মাজত অসমীয়া ভাষা আৰু বড়ো ভাষা কোৱা লোকৰ সংখ্যাই অধিক।
![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
Remove ads
উৎপত্তি
'বড়ো' নামটো অসমৰ মেচ তথা কছাৰী ভাষিক গোষ্ঠীটোক সামগ্ৰিকভাৱে বুজাবলৈ পোন প্ৰথমে ব্যৱহাৰ কৰিছিল B H Hodgson-এ। অসমৰ পশ্চিমে বাস কৰা মেচ জনগোষ্ঠীৰ লোকসকলক ব'ৰ' নামেৰে জনা গৈছিল। কালক্ৰমত অসমলৈ আহি থিতাপি লোৱা এই মেচ সকলকে তেওঁ বড়ো (Bodo) নামেৰে অভিহিত কৰে। জনশ্ৰুতি অনুসৰি, ব্ৰহ্ম বা বাৰ্মী জনগোষ্ঠীৰ ঠাল এটা তিব্বতত সোমাই তাত তিষ্ঠিব নোৱাৰি দাৰ্জিলিঙৰ ঘন অৰণ্যত সোমাইহি আৰু তাতে কিছুদিন থাকি দুটা গোটত বিভক্ত হৈ এটা নামনিৰ মেচি নদীৰ পাৰত থাকিবলৈ লয় আৰু আনটো ওপৰলৈ পাহাৰৰ ফালে গুছি যায়। মেচি নদীৰ পাৰত বাস কৰা সকল পিছত মেচ নামেৰে আৰু নেপালৰ ফালে গুছি যোৱা গোটটো লিম্বু নামেৰে জনাজাত হয়। এই মেচ সকলেই লাহে লাহে বিস্তাৰ হৈ অসম, ত্ৰিপুৰা, উত্তৰ-বংগ আৰু বাংলাদেশৰ অঞ্চলবিশেষে বিয়পি পৰে আৰু অসমত তেওঁলোক বড়ো নামে জনাজাত হৈ পৰে। অসমৰ পূব অঞ্চলৰ হিন্দু অধিবাসী সকলে এই ব'ৰ' তথা মেচ সকলক কছাৰী নাম দিয়ে। Grierson-এ উল্লেখ কৰা মতে, কছাৰী নামটো প্ৰথমতে উত্তৰ কাছাৰত বসবাস কৰা ডিমাচা সকলৰ মাজতে আৱদ্ধ আছিল। কালৰ সোঁতত এই নামে আন আন ঠাইত থকা একে মূলৰ ব'ৰ' তথা মেচ সকলক সাঙুৰি লোৱাত বড়ো-কছাৰী নামটো জনপ্ৰিয় হৈ উঠে। মেচ তথা ব'ৰ' সকলৰ ভাষাৰ লগতে ৰাভা, লালুং, ডিমাচা, গাৰো, তিপুৰা আৰু চুতীয়া এই তিব্বত-বাৰ্মী ভাষাত ভিত্তি কৰি গঢ়ি উঠা গোষ্ঠীটোকে Hodgson-এ ১৮৪৭ চনত বড়ো নামেৰে নামাংকিত কৰে।
Remove ads
শ্ৰেণীকৰণ
১৮৮১ চনৰ পিয়ল অনুসৰি, বড়ো-মেচ, দেউৰী, ডিমাচা, ঢিমাল, গাৰো, হাজং, কোচ, লালুং(তিৱা), মেচ, মৰান, মটক, ফুলগৰিয়া, চুতীয়া, ৰাভা, সোনোৱাল, শৰণীয়া, সোলেমিয়া ঠেঙ্গাল আৰু তিপ্ৰাচা- এই সকলো জনগোষ্ঠীকে কছাৰী বুলি শ্ৰেণীভূক্ত কৰা হয়।
তথ্যসূত্ৰ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads