চৈয়দা আনোৱাৰা টাইমূৰ

অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী From Wikipedia, the free encyclopedia

চৈয়দা আনোৱাৰা টাইমূৰ
Remove ads

চৈয়দা আনোৱাৰা টাইমূৰ (ইংৰাজী: Syeda Anwara Taimur, ১৯৩৬ – ২০২০) আছিল অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী[2] ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত আছিল।[1] তেৱেঁই হৈছে অসমৰ ইতিহাসৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত থকা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী। তেওঁ চাৰিবাৰকৈ অসম বিধানসভালৈ সদস্যা হিচাপে নিৰ্বাচিত হৈছিল। ১৯৮৮ চনত তেওঁ ৰাজ্যসভালৈ আমন্ত্ৰণ পাইছিল। ২০২০ চনৰ ২৮ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াত তেখেতৰ মৃত্যু হয়।[3]

ক্ষিপ্ৰ তথ্য চৈয়দা আনোৱাৰা টাইমূৰ, অসমৰ অষ্টম মুখ্যমন্ত্ৰী ...
Remove ads

চমু পৰিচয়

চৈয়দা আনোৱাৰা টাইমূৰৰ জন্ম হৈছিল ১৯৩৬ চনত। তেওঁ আলিগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[2] ১৯৫৬ চনত তেওঁ যোৰহাটদেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা আছিল।

ৰাজনৈতিক জীৱন

চৈয়দা আনোৱাৰা টাইমূৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী সক্ৰিয় সদস্যা আছিল। এই কমিটিত যোগদান কৰাৰ পিছতেই তেওঁ নানা মহিলা সংগঠনৰ লগত জড়িত হৈ পৰিছিল।

চৈয়দা আনোৱাৰা টাইমূৰ ১৯৭২ চনত অসম বিধানসভালৈ সদস্যা হিচাপে নিৰ্বাচিত হৈছিল। সেইবাৰ শৰৎ চন্দ্ৰ সিংহৰ মন্ত্ৰীসভাত তেওঁ ৰাজ্যিক শিক্ষামন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[2] ইয়াৰ পিছত ১৯৭৮, ১৯৮৩ আৰু ১৯৯১ চনৰ বিধানসভালৈও তেওঁ সদস্যা হিচাপে নিৰ্বাচিত হৈছিল।

Remove ads

মুখ্যমন্ত্ৰী পদত

যোগেন্দ্ৰ নাথ হাজৰিকাৰ মন্ত্ৰীসভাৰ পতনৰ পিছত, ১৯৭৯ চনৰ ১২ ডিচেম্বৰৰ পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়। কেইবামাহো ৰাষ্ট্ৰপতি শাসন চলোৱাৰ অন্তত, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশক্ৰমে কংগ্ৰেছ (ই) দলৰ নেত্ৰী চৈয়দা আনোৱাৰা টাইমূৰক অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ দিয়া হয়। ১৯৮০ চনৰ ৬ ডিচেম্বৰত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। এনেদৰে অসমত ৰাষ্ট্ৰপতি শাসনৰ অন্ত পৰে।[2]

চৈয়দা আনোৱাৰা টাইমূৰে দায়িত্ব লোৱাৰ সময়ত, অসমত বিদেশী বহিষ্কৰণ আন্দোলন চলি আছিল। অসমত অবৈধভাৱে অনুপ্ৰৱেশ কৰি, অসমৰ মাটিত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা হাজাৰ হাজাৰ বাংলাদেশী লোকক অসমৰ মাটিৰ পৰা বহিষ্কৰণ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদে অসমত তীব্ৰ এক আন্দোলন গঢ়ি উঠিছিল। অসমত এই আন্দোলন এক জাতীয় আন্দোলন ৰূপে গঢ়ি উঠিছিল। টাইমূৰ চৰকাৰে এই সমস্যাটো আলোচনাৰ মাজেৰে সমাধান নকৰি কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। তেওঁ পুলিচৰ হাতত অধিক ক্ষমতা প্ৰদান কৰি, এই আন্দোলন চি. আৰ. পি.ৰ হতুৱাই মষিমূৰ কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত অসমৰ বাতৰি কাকত সমূহে অসম আন্দোলনক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। সেয়ে টাইমূৰ চৰকাৰে অসমৰ বাতৰি কাকত আৰু আলোচনীসমূহত চেন্সৰ আদেশশ জাৰী কৰে। বিশেষকৈ দৈনিক অসম, অগ্ৰদূত, জনমভূমি আদি কাকতৰ ওপৰত চৰকাৰে চোকা নজৰ ৰাখিছিল।[2]

প্ৰায় সাত মাহ কাল শাসনকাৰ্য চলোৱাৰ পাছত আনোৱাৰা টাইমূৰৰ চৰকাৰখনৰ শোচনীয় পতন ঘটে। ১৯৮১ চনৰ ৩০ জুনত চৈয়দা আনোৱাৰা টাইমূৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছতে অসমত পুনৰ ৰাষ্ট্ৰপতি শাসনৰ প্ৰৱৰ্তন হয়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads