চৰাইদেউ জিলা

ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা From Wikipedia, the free encyclopedia

চৰাইদেউ জিলা
Remove ads

চৰাইদেউ জিলা বা চে-ৰাই-ড'য় (টাই-আহোম: 𑜋𑜦𑜧; 𑜍𑜩 𑜓𑜩𑜨 lit.'পাহাৰত জিলিকি থকা চহৰ'[1]; ইংৰাজী: Charaideo) অসমৰ এখন ন-কৈ গঠন কৰা জিলা যি প্ৰাচীন আহোম ৰাজধানী চহৰ চৰাইদেউ আৰু কিছু অঞ্চলক সামৰি গঠিত। ‌ ২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাক আন চাৰিখন মহকুমাৰ সৈতে জিলাৰূপে ঘোষণা কৰে। জিলাখনৰ সদৰ স্থান সোণাৰি

ৱিকিপিডিয়া:চমু প্ৰবন্ধ এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক

ক্ষিপ্ৰ তথ্য চৰাইদেউ জিলা চে-ৰাই-ড'য় (𑜋𑜦𑜧; 𑜍𑜩 𑜓𑜩𑜨), দেশ ...
Remove ads

চৰাইদেউ নামৰ উৎপত্তি

চৰাইদেউ নামৰ উৎপত্তি টাই আহোম ভাষাৰ শব্দ চে-ৰাই-ডয় পৰা হৈছে। ‌লিখিত আছে যে স্বৰ্গদেউ চাও-লুং-চ্যুকাফাপাটকাই পাহাৰ বগাই চৰাইদেউত বাহৰ পাতিছিল। ‌ চৰাইদেউৰ সৌন্দৰ্য্যত মোহগ্ৰস্থ হৈ চাও-লুং-চ্যুকাফাই চে-ৰাই-ডয় নামকৰণ কৰি ৰাজধানী পাতিছিল, যাৰ অৰ্থ আছিল পাহাৰৰ জিলিকা চহৰ (চে – চহৰ, ৰাই – জিলিকা, ডয় – পাহাৰ)। এই চে-ৰাই-ডয় পৰৱৰ্তী কালত চৰাইদেউ নামেৰে বিখ্যাত হৈ উঠে। ‌

যাতায়ত

স্থলপথ

ঐতিহাসিক জিলা হোৱা হেতুকে জিলাখনিত বহুতো আহোম ৰজাদিনীয়া পথ আছে। মুখ্য পথৰূপে ধোদৰ আলি পথটি ব্যৱহাৰ কৰা হয়। ই শিৱসাগৰ জিলা, গোলাঘাট জিলা, নাজিৰা, বালিঘাট, শিমলুগুৰি, নামৰূপক সংযোগ কৰিছে। তদুপৰি ধোদৰ আলিয়ে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথকো সংযোগ কৰিছে। ইতিহাসমতে আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত পাইক প্ৰথা বুলি এটা ব্যৱস্থা আছিল। এই পাইকৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বহুতো লোকে ভকতৰ বেশে সত্ৰসমূহত থানিকা পাতিছিল আৰু বিনা পৰিশ্ৰমে জীৱন-নিৰ্বাহ কৰিছিল। স্বৰ্গদেউ গদাধৰ সিংহই এই ভণ্ড ভকত বা ধোদবোৰক ধৰি আনি এটা আলি সাজিবলৈ লগাই দিছিল। গোলাঘাট জিলাৰ কমাৰবন্ধাৰ পৰা ডিব্ৰুগড় জিলাৰ জয়পুৰলৈ নিৰ্মাণ কৰা এই সুদীৰ্ঘ আলিটোকে বোলা হৈছিল ধোদৰ আলি। আন এটা ঐতিহাসিক আলি নাহৰ আলি সোণাৰি নগৰত ধোদৰ আলিৰ সৈতে সংযুক্ত হৈছে।

ৰেলপথ

শিমলুগুৰি জংশ্যন চৰাইদেউ জিলাৰ প্ৰধান ৰে'ল জংশ্যন। দূৰণিবতীয়া ৰে'লসমূহ শিমলুগুৰি জংশ্যনত ৰয়। অন্য ষ্টেশ্যনৰ ভিতৰত সোণাৰিৰ ভজো আৰু নামৰূপ ষ্টেশ্যন উল্লেখযোগ্য। এই ষ্টেশ্যনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ, ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছ আৰু লিডু-গুৱাহাটী ইণ্টাৰচিটী এক্সপ্ৰেছ ৰে'লহে ৰয়।[2]

বায়ুপথ

ডিব্ৰুগড় জিলাৰ মোহনবাৰী বিমানবন্দৰ আৰু যোৰহাট জিলাৰ ৰৰৈয়া বিমাবন্দৰে চৰাইদেউ জিলাক বায়ুমাৰ্গেৰে সংযোগ কৰিছে। ভাৰতৰ মুখ্য বিমান পৰিবহণ সংস্থাসমূহ যেনে— জেট এয়াৰৱেজ, জেট কনেক্ট, ইণ্ডিগ', এয়াৰ ইণ্ডিয়াই এই বিমান বন্দৰকেইটালৈ সেৱা আগবঢ়ায়। পৱন হংস নামেৰে চৰকাৰী হেলিকপ্টাৰ সেৱা আছে। চাৰ্টাৰ্ড বিমানসেৱাও উপলব্ধ। আন্তৰ্জাতিক বিমানবন্দৰৰূপে গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে সেৱা আগবঢ়াই আহিছে। ‌

Remove ads

পৰ্য্যটন

Thumb
চৰাইদেউ জিলাৰ বিখ্যাত চৰাইদেউ মৈদাম

ন-কৈ জিলাৰূপে ঘোষণাকৰা পূৰ্বে সামগ্ৰিকভাৱে ই ঐতিহাসিক স্মৃতিচিহ্নৰে পৰিপূৰ্ণ শিৱসাগৰ জিলা আছিল। বিভাজনৰ পাছত চৰাইদেউ জিলাত আহোম সম্ৰাজ্যৰ প্ৰসাদ কাৰেংঘৰ, এছিয়াৰ পিৰামিডৰূপে বিখ্যাত চৰাইদেউ মৈদাম, শ-ধোৱা পুখুৰী, টেঙা পুখুৰী, আহোম সৈন্য প্ৰশিক্ষণ কেন্দ্ৰ ইত্যাদিকে কৰি বহুতো পুৰণি গাঁও থাকি যায়। ‌

তথ্য উৎস

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads