ডিব্ৰু নদী
From Wikipedia, the free encyclopedia
Remove ads
ডিব্ৰু নদী (ইংৰাজী: Dibru River) হৈছে ব্ৰহ্মপুত্ৰৰ উপনদী। অসমৰ বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ খেৰেম নামৰ ঠাইত ডিব্ৰু নদীৰ উৎপত্তি হৈছে। এই নদীখন ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰৰ লগ লাগিছে।
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
Remove ads
গতিপথ
ডিব্ৰু নদীখন তিনিচুকীয়া জিলাৰ পূব সীমাৰ বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ খেৰেম নামৰ ঠাইৰ পৰা ডিব্ৰুজান নামেৰে ওলাই তাৰ পৰা ডুমডুমা, বালিজান, চাবুৱা হৈ ডিব্ৰুগড় নগৰ পৰা ১৮ কি:মি: পূবত ব্ৰহ্মপুত্ৰত পৰিছে।
ডিব্ৰুৰ উপনৈ
ডুমডুমা নৈ
তিনিচুকীয়া জিলাৰ দুৱাৰমৰা সংৰক্ষিত বনৰ ভিতৰত ন দিহিং নৈৰ এটা সুতি ওলায় বৰদুমচা, ডুমডুমা হৈ বৰডুবি চাহবাগিছা পায়। তাৰ পাচত ডুমডুমা নৈ লগ লাগি বিছাকুপি চাহবাগিছাৰ দক্ষিণেদি ৪ কি:মি: আহি ডুমডুমা চহৰত ডিব্ৰু নৈত পৰিছে।
ডাঙৰি নৈ
ডুমডুমাৰ টঙনা গাঁও চাহবাগিছাৰ পশ্চিমৰ লিটংবিলৰ পৰা ওলাই উত্তৰ পশ্চিমমুৱা হৈ ১২ কি:মি: আহি কাকপথাৰ হৈ ডাঙৰি গাঁৱৰ পৰা সদাশিৱ চাহবাগিছাৰ কাষেৰে ঢলা নৈৰ লগ হৈ ফুল বাৰী নামলৈ টৰং চাহবাগিছাৰ উত্তৰেদি ১০ কি:মি: ভটিয়াই ৰাইডাং বিলত সোমাই ডিব্ৰু নৈত পৰিছে।
Remove ads
লগতে চাওক
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads